নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লৰ্ডছত আজিৰে পৰা WTC-ৰ ফাইনেল

খিতাপ অক্ষুণ্ণৰ লক্ষ্য অষ্ট্রেলিয়াৰ আত্মবিশ্বাসী দক্ষিণ আফ্রিকা

নিউজ ডেস্ক, ১১ জুন : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ WTC-ৰ বহু প্রতীক্ষিত ফাইনেল মেচখন আজিৰ পৰা লৰ্ডছত আৰম্ভ হ’ব৷ খিতাপ যুঁজত মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাই৷

সুদীর্ঘ ১১৩ বছৰৰ পিছত লৰ্ডছত টেষ্ট মেচত মুখামুখি হ’ব অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাই৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াই খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে নামিব যদিও আত্মবিশ্বাসী দক্ষিণ আফ্রিকাক পৰাস্ত কৰাটো বিশেষ সহজ নহ’ব৷

এতিয়ালৈকে দুয়োখন দেশে ১০১খন টেষ্টত মুখামুখি হৈছে৷ প্রথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰা প্রটিয়াজ বাহিনীয়ে ঐতিহাসিক ফাইনেল মেচখনত কেংগাৰু বাহিনীক পৰাস্ত কৰাৰ বাবে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে৷

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ WTCৰ খিতাপ দখল কৰি টেম্বা বাভুমা বাহিনীয়ে সুদীর্ঘ ২৫ বছৰ ধৰি আইচিচিৰ ট্রফী দখল কৰিব নোৱাৰাৰ ধাৰা ভংগ কৰাৰ লক্ষ্য লৈছে৷ মন কৰিবলগীয়া যে অষ্ট্রেলিয়াই ২০২৩–২৫ বর্ষত ১৯খন টেষ্টৰ ১৩খনত জয়, ৪খনত পৰাজয় আৰু ২খন ড্র খেলি ১৫৪ পইণ্টৰে ফাইনেলত স্থান সুৰক্ষিত কৰাৰ বিপৰীতে দক্ষিণ আফ্রিকাই ১২খন টেষ্টৰ ৮খনত জয়লাভ কৰি প্রথমবাৰৰ বাবে WTC-ৰ ফাইনেলত প্রৱেশ কৰে৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া খিতাপ যুঁজৰ মেচখনৰ বাবে প্রটিয়াজ বাহিনীৰ লগতে অষ্ট্রেলিয়ায়ো মূল একাদশ দলটো ঘোষণা কৰিছে৷

খেলৰ সময়ঃ দিনৰ ৩ বজা৷

Team South Africa (Playing XI) :

Aiden Markram, Ryan Rickelton, Wiaan Mulder, Temba Bavuma(c), Tristan Stubbs, David Bedingham, Kyle Verreynne (w), Marco Jansen, Keshav Maharaj, Kagiso Rabada, Lungi Ngidi

Team Australia (Playing XI) :

Usman Khawaja, Marnus Labuschagne, Cameron Green, Steven Smith, Travis Head, Beau Webster, Alex Carey(w), Pat Cummins(c), Mitchell Starc, Nathan Lyon, Josh Hazlewood

You might also like