প্রশিক্ষকৰ সন্মুখতে যশস্বীয়ে ভাঙিলে প্রশিক্ষকৰ ১৬ বছৰীয়া অভিলেখ
🔹 ড্রেছিং ৰুমত বহি গম্ভীৰে প্রত্যক্ষ কৰিলে অভিলেখ ভংগৰ দৃশ্য
নিউজ ডেস্ক, ২৪ নৱেম্বৰ : ভাৰতীয়সকলৰ ভিতৰত এবছৰত সর্বাধিক ৰান কৰা বাঁওহতীয়া অ’পেনাৰ আছিল গৌতম গম্ভীৰ৷ তেওঁৰ সেই অভিলেখ ভাঙিলে যশস্বী জয়ছোৱালে৷ ড্রেছিং ৰুমত বহি গম্ভীৰে প্রত্যক্ষ কৰিলে তেওঁৰ ১৬ বছৰীয়া অভিলেখ ভংগৰ দৃশ্য৷ ২০০৮ চনত গম্ভীৰে ১,১৩৪ ৰান কৰিছিল৷ তেওঁৰ গড় আছিল ৭০.৬৭ ৰান৷ সেই বছৰ গম্ভীৰে ৬টা অর্ধশতক আৰু ৩টা শতক কৰিছিল৷ যশস্বীয়ে এই বছৰ গম্ভীৰৰ ৰানৰ সংখ্যা অতিক্রম কৰিলে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে পার্থ টেষ্টত প্রথম ইনিংছত ৰান কৰিব পৰা নাছিল তেওঁ৷ কালি যশস্বীয়ে অর্ধশতক কৰাৰ পাছত শতকৰ দিশে অগ্রসৰ হয়৷ ২০০৭ চনত সৌৰভ গাংগুলীয়ে ১,১০৬ ৰান কৰিছিল৷ সেই অভিলেখৰ পাছৰ বছৰতে ভাঙিছিল গম্ভীৰে৷ পার্থ টেষ্টৰ পূর্বে যশস্বীয়ে ১৪খন মেচত সংগ্রহ কৰিছে ১,৪০৭ ৰান৷ তেওঁৰ বেটৰ পৰা অহা তিনিটা শতকৰ ভিতৰত আছে দুটা দ্বি–শতক৷ আনহাতে, তেওঁ ৮টা অর্ধশতক কৰিছে৷ এই বছৰ তেওঁ সুন্দৰ ফর্মত আছে৷ চলিত বর্ষত টেষ্টত ১,৩৩৮ ৰান কৰি শীর্ষত আছে ইংৰাজ বেটাৰ জ’ ৰুট৷