নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগিক যশস্বীৰ পিতৃলৈ ফোন

বিশেষ বাৰ্তা, ১৬ জুলাই : অভিষেক টেষ্টতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতৰান কৰি নতুন কৃতিত্ব অর্জন কৰে যশস্বী জয়ছোৱালে ৷ এই অভিলেখকাৰী শতৰানৰ পিছতে ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত ড’মিনিকাৰ পৰা ভাৰতলৈ ফোন কৰিছিল যশস্বীয়ে ৷ ভিডিঅ’ কলত কথা পাতে তেওঁৰ পিতৃ ভূপেন্দ্র জয়ছোৱালৰ সৈতে ৷ আৱেগ ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাগি পৰে বাওঁহতীয়া অ’পেনাৰগৰাকী ৷ সংবাদ মাধ্যমক এই কথা জনাইছে তেওঁৰ পিতৃয়ে ৷ তেওঁ কয়– টেষ্টৰ দ্বিতীয় দিনা শতৰানৰ পিছত হোটেললৈ উভতি আহি যশস্বীয়ে মোক ফোন কৰিছিল৷ তেতিয়া পুৱা ৪.৩০ বাজিছে ৷ তেওঁ আৱেগ ধৰি ৰাখিব নোৱাৰি কান্দিছিল ৷ ময়ো কান্দিছিলোঁ ৷ মোৰ বাবে সেয়া আছিল অতিশয় আৱেগিক মুহূর্ত৷ পুত্রৰ সৈতে হোৱা কথা-বতৰা প্রসংগত তেওঁ কয়– বেছি সময় কথা হোৱা নাছিল ৷ যশস্বী যথেষ্ট ভাগৰুৱা হৈ পৰিছিল৷ তেওঁ কেৱল মোক সুধিছিল, মই সুখীনে? মই অতিশয় সুখী হৈছিলোঁ৷ মোৰ সপোন পুত্রই পূর্ণ কৰিলে৷ উল্লেখ্য যে অতি দুখীয়া পৰিয়ালৰ সন্তান যশস্বীয়ে যথেষ্ট পৰিশ্রম কৰি এই স্থানত উপনীত হৈছে৷ ক্রিকেট খেলাৰ বাবে মুম্বাইৰ আজাদ ময়দানত মালীৰ কাম কৰিছিল ৷ লাহে লাহে ঘৰুৱা ক্রিকেটত সুন্দৰ প্রদর্শনেৰে ভাৰতৰ ১৭ বছৰ অনূর্ধ্ব দলৰ হৈ বিশ্বকাপতো অংশ লয়৷ আইপিএলত নিজৰ কৃতিত্ব প্রদর্শন কৰাৰ পিছত ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰি প্রথমখন মেচতে ১৭১ ৰানৰ এটা অনবদ্য ইনিংছ খেলি মেচখনৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰে৷

You might also like