নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

RCB ত দলভুক্ত জিম্বাবুৱেৰ মুজাৰাবানী, বাহিৰ লুংগি এনগিৰি

RCB ত দলভুক্ত জিম্বাবুৱেৰ মুজাৰাবানী, বাহিৰ লুংগি এনগিৰি

নিউজ ডেস্ক, ১৯ মে’ :  আই পি এল প্লে অফ মেচত দক্ষিণ আফ্ৰিকাৰ বলাৰ লুংগি এনগিৰিৰ সলনি জিম্বাবুৱেৰ ব্লেছিং মুজাৰাবানীক দলত অন্তৰ্ভুক্ত কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে। ৰজত পাটিদাৰৰ অধিনায়কত্বত থকা আৰ চি বিয়ে প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে।

আনুষ্ঠানিক তথ্য দি আৰ চি বিয়ে কয় যে “২৮ বছৰীয়া জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানীক লুংগি এনগিৰিৰ অস্থায়ী হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ২৬ মে’ত এনগিৰি দক্ষিণ আফ্ৰিকালৈ উভতি আহিব। লুংগী লীগ ষ্টেট মেচৰ বাবে উপলব্ধ হ’ব।”

৬ ফুট ৮ ইঞ্চি উচ্চতাৰ মুজাৰাবানীয়ে ৭০খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচকে ধৰি মুঠ ১১৮খন টি-২০ মেচ খেলিছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁৰ ৭০খন মেচত ৭৮টা উইকেট আছে, তেওঁৰ ইকনমি হৈছে ৭.০২। টি-২০ত তেওঁ ১১৮খন মেচত ১২৭টা উইকেট দখল কৰিছে, ইয়াত তেওঁৰ ইকনমি হৈছে ৭.২৪।

জিম্বাবুৱেৰ এই বলাৰগৰাকীয়ে পাকিস্তান ছুপাৰ লীগত কৰাচী কিংছ আৰু মুলতান চুলতানৰ হৈ খেলিছে। চিপিএলত ছেইণ্ট কিটছ আৰু নেভিছ পেট্ৰিয়াটছৰ হৈ খেলিছে। পি এছ এলৰ কথা ক’বলৈ গ’লে আই এল টি২০ত ১৭খন মেচত ২২টা উইকেট দখল কৰিছে ব্লেছিং মুজাৰাবানীয়ে। পি এছ এলত খেলা ১৫খন মেচত তেওঁৰ নামত ২১টা উইকেট আছে। চিপিএলত তেওঁ মাত্ৰ ৩খন মেচ খেলিছে, য’ত তেওঁৰ নামত মাত্ৰ এটা উইকেট আছে।

আই পি এলৰ প্ৰথম ছিজনৰ পৰা খেলি অহা আৰ চি বি সেই দলসমূহৰ ভিতৰত অন্যতম যিয়ে এতিয়াও প্ৰথম খিতাপৰ বাবে অপেক্ষা কৰি আছে। আৰ চি বিৰ এইবাৰ বৰ ভাল লাগিছে, বিৰাট কোহলীৰ বেটতো ভাল হৈছে। এইপৰ্যন্ত আই পি এলত ৬০খন মেচ খেলা হৈছে, ইয়াৰ উপৰি RCB, GT আৰু PBKSও প্লে অফৰ বাবে নিজৰ স্থান নিশ্চিত কৰিছে। RCB আৰ চি বিয়ে এতিয়াও লীগ পৰ্যায়ত আৰু ২খন মেচ খেলিব লাগিব। পৰৱৰ্তী মেচ হায়দৰাবাদ আৰু শেষৰ মেচ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সৈতে।

You might also like