নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইখনমান সর্বাধিক প্রচলিত বাতৰি কাকত

  • নিয়ৰ

 

ইণ্ডিয়ান ৰীডাৰশ্বিপ ছার্ভে অনুযায়ী ভাৰতবর্ষত প্রায় ৩৯ শতাংশ লোকে বাতৰিকাকত পঢ়ে৷ ২০১১ চনৰ তথ্য মতে, সমগ্র বিশ্বত দৈনিক প্রায় ৩৩০ মিলিয়ন বাতৰিকাকত প্রচলন হয়৷ ২০০৫ চনৰ এক তথ্য অনুযায়ী বিশ্বৰ সর্বাধিক বাতৰিকাকত প্রচলন হোৱাৰ দেশ হ’ল চীন৷ তাৰ পিছতেই আছিল ভাৰতবর্ষ৷ ইণ্ডিয়া ৰীডাৰশ্বিপ ছার্ভে ২০১৪ অনুযায়ী, ভাৰতবর্ষত বাতৰিকাকতৰ পঢ়ুৱৈৰ সংখ্যা আছিল ৯৬ কোটি আৰু ২০১৭ চনৰ ছার্ভেত ইয়াৰ সংখ্যা হৈছে ১০৪ কোটি৷ অর্থাৎ ৯ শতাংশ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷ উল্লেখনীয় যে হিন্দী ভাষা কাকতৰ পঢ়ুৱৈৰ সংখ্যা ২০১৪ চনত আছিল ১২.১ কোটি আৰু ২০১৭ চনত ইয়াৰ সংখ্যা হৈছেগৈ ১৭.৬ কোটি৷ উড়িয়া ভাষাৰ সর্বাধিক পঢ়ুৱৈৰ সংখ্যা ২০১৪ চনত পঢ়ুৱৈৰ সংখ্যা আছিল ০.৬ কোটি আৰু ২০১৭ চনত ইয়াৰ সংখ্যা হৈছেগৈ ১.১ কোটি৷ বাংলা ভাষাৰ পঢ়ুৱৈৰ সংখ্যা আছিল ১.৯ কোটি৷ ২০১৭ চনত ইয়াৰ সংখ্যা হৈছেগৈ ২.১ কোটি৷ যি সময়ত বাতৰিকাকতৰ ভৱিষ্যতক লৈ পঢ়ুৱৈ, লেখক শংকিত হৈছে, সেই সময়তে ওপৰত উল্লেখ কৰা তথ্যসমূহে ইয়াকে প্রমাণ কৰে যে পঢ়ুৱৈৰ সংখ্যা কমা নাই, অথচ বাঢ়িছেহে৷

তলত ভাৰতবর্ষৰ কেইখনমান জনপ্রিয় আৰু বহুল প্রচলিত বাতৰিকাকতৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ–

দৈনিক ভাস্কৰ
হিন্দী বাতৰিকাকত দৈনিক ভাস্কৰ ভাৰতবর্ষৰ সর্বাধিক প্রচলিত বাতৰিকাকতসমূহৰ ভিতৰত এখন৷ এই বাতৰিকাকতখনৰ জন্ম হৈছিল ভূপালত৷ এই কাকতখন বর্তমান ১৪খন ৰাজ্যত ৬৩টা সংস্কৰণ প্রকাশ পাই আছে৷ এই কাকতখনৰ দৈনিক প্রায় ৪,৩২০,৭৮১ (২০১৮ তথ্য অনুযায়ী) প্রচালন হয়৷

দৈনিক জাগৰণ
এই কাকতখনে ২০১০ চনত বিশ্বৰ ভিতৰতে পঢ়ুৱৈৰ সংখ্যাৰ ভিত্তিত ১৭ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ ২০১৭ চনত ভাৰতবর্ষৰ ভিতৰতে এই বাতৰিকাকতখনৰ সর্বাধিক প্রচলন আছিল৷ কাকতখনৰ ২০১৮ চনৰ তথ্য অনুযায়ী প্রচালনৰ সংখ্যা হৈছে ৩,৪১০,০২৬৷

টাইম্ছ অৱ ইণ্ডিয়া
ইংৰাজী ভাষাৰ সর্বাধিক প্রচলিত এই কাকতখনে ভাৰতবর্ষত প্রচলনৰ ভিত্তিত ৩ নম্বৰ স্থান দখল কৰিছে আৰু বিশ্বত দ্বিতীয় সর্বাধিক বিক্রী হোৱা কাকত হিচাপেও পৰিচয় লাভ কৰিছে৷ অতি পুৰণি এই ইংৰাজী কাকতখনৰ ২০১৯ চনৰ তথ্য অনুযায়ী ইয়াৰ প্রচালনৰ সংখ্যা হৈছে ২,৬৪০,৭৭০৷

হিন্দুস্তান দৈনিক
হিন্দুস্তান দৈনিক বা হিন্দুস্তান নামৰ হিন্দী দৈনিক কাকতখন প্রচলনৰ ভিত্তিত ভাৰতবর্ষৰ চতুর্থ স্থান দখল কৰা এখন বাতৰিকাকত৷ বাতৰি কাকতখন প্রকাশ কৰে হিন্দুস্তান মিডিয়া ভেঞ্চার্ছ লিমিটেডে৷ এই কাকতখনৰ ২১টা সংস্কৰণ প্রকাশ পায়৷ এই কাকতখনৰ দৈনিক প্রচালন হয় প্রায় ১,৯৮৯,১১৭ কপী৷ কাকতখন দিল্লী, হাৰিয়ানা (ফৰিদাবাদ), বিহাৰ, ঝাৰখণ্ড, উত্তৰপ্রদেশ, উত্তৰাখণ্ড আদিতো প্রচলন হয়৷ কাকতখনৰ মূল সংস্কৰণটো অনলাইনতো উপলব্ধ৷

অমৰ উজালা
দৈনিক হিন্দী কাকত অমৰ উজালা বর্তমান ছখন ৰাজ্যত ২১টা সংস্কৰণত প্রকাশ পাই আছে৷ সর্বমুঠ ১৭৯খন জিলাত এই কাকতখনৰ প্রচলন আছে৷ এই কাকতখনৰ প্রচালনৰ সংখ্যা দৈনিক ২৬.৭৫ লাখ কপী৷ ইণ্ডিয়ান ৰীডাৰশ্বিপ ছার্ভে অনুযায়ী এইখন ভাৰতবর্ষৰ চতুর্থ বৃহৎ পঢ়ুৱৈৰ সংখ্যা থকা এখন কাকত৷ এই কাকতখনৰ পাঁচটা সংস্কৰণত মুঠ বিক্রী হোৱা কপীৰ সংখ্যা হৈছে ৪.৫ লাখ৷

মালায়ালা মনোৰমা
মালয়ালম ভাষাৰ এখন আগশাৰীৰ বাতৰিকাকত মালায়ালা মনোৰমা৷ এই কাকতখন প্রকাশ হয় কুট্টায়াম Kottayam) কেৰালাৰ পৰা৷ এই কাকতখনৰ পঢ়ুৱৈৰ সংখ্যা হৈছে প্রায় ২০ মিলিয়ন৷ দৈনিক এই কাকতখনৰ ২.৪ মিলিয়ন কপী প্রচালন হয়৷ প্রচালনৰ ফালৰ পৰা এই কাকতখন দ্বিতীয় পুৰণি মালয়ালম ভাষাৰ এখন বাতৰিকাকত৷ ২০১৬ চনৰ তথ্য অনুযায়ী প্রচালনৰ দিশত এই বাতৰিকাকতখনে বিশ্বৰ ভিতৰত ১৪ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

ইনাডো Eenadu)
তেলুগু বাতৰিকাকত ইনাডো সর্বাধিক প্রচলন হোৱা বাতৰিকাকতসমূহৰ ভিতৰত এখন৷ এই বাতৰিকাকতখন প্রকাশ পাই অন্ধ্রপ্রদেশ আৰু তেলেংগানাৰ পৰা ৷ ইণ্ডিয়ান ৰীডাৰশ্বিপ ছার্ভেQ1 2019 অনুযায়ী এই কাকতখনৰ সর্বমুঠ পঢ়ুৱৈৰ সংখ্যা হৈছে ১,৫৬,৭৩,০০০৷

ডেইলী থান্থী (Daily Thanthi)
তামিল ভাষাৰ দৈনিক বাতৰিকাকত ডেইলী থান্থী ভাৰতবর্ষৰ ১৬খন চহৰত প্রকাশ পায় ৷ তামিল ভাষাৰ এই কাকতখন ভাৰতবর্ষৰ ভিতৰতে প্রচলনৰ দিশত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ এই কাকতখনৰ প্রচালনৰ সংখ্যা হৈছে প্রায় ১,৭১৪,৭৪৩ কপী ৷

দ্য হিন্দু
ইংৰাজী দৈনিক বাতৰিকাকত দ্য হিন্দুৰ মুখ্য কার্যালয় হৈছে চেন্নাই, তামিলনাডু৷ এই কাকতখনৰ আৰম্ভণি হৈছিল ১৮৭৮ চনত সাপ্তাহিকভাৱে৷ ১৮৮৯ৰ পৰা দৈনিক প্রকাশ পায়৷ ভাৰতবর্ষৰ ভিতৰতেই ইংৰাজী ভাষাৰ দ্বিতীয় সর্বাধিক প্রচলিত এখন বাতৰিকাকত৷ এই কাকতখন প্রকাশ পায় ২১খন ঠাইৰ ১১খন ৰাজ্যত৷ ইয়াৰ প্রচালনৰ সংখ্যা হৈছে ১,৪০৪,৯০১৷

মাথ্রুভূমি Mathrubhumi)
মালয়ালম ভাষাৰ এখন আগশাৰীৰ বাতৰিকাকত হৈছে মাথ্রুভূমি৷ এই কাকতখন প্রকাশ পায় কেৰালাৰ পৰা৷ মাথ্রুভূমিৰ অর্থ হৈছে মাতৃভূমি৷ কেৰালাৰ ভিতৰত এই কাকতখনে পঢ়ুৱৈৰ ভিত্তিত দ্বিতীয় স্থান দখল কৰিছে৷ এই কাকতখনৰ দৈনিক প্রচালনৰ সংখ্যা হৈছে ১,৪৮৬,৮১০ কপী৷