নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলৰ চালাদ কেনেকৈ বনাব?

সকলো ধৰণৰ ৰং–বিৰঙৰ বতৰৰ ফল সৰু সৰুকৈ কাটি লৈ এটা গ্লাছৰ বাটিত ভালদৰে সজাই লওক৷ এতিয়া তাতে কম পৰিমাণে ক্রীম বা দৈ মিহলাই ভালদৰে সানিব৷ আধা ঘণ্টামান এইখিনি একাষৰীয়াকৈ ৰাখি ক্রীম বা দৈখিনি ফলৰ ভিতৰত সোমাই যাব, তেতিয়া পৰিৱেশন কৰিব৷ ডাঙৰসকলৰ ব্যস্ততাৰ বাবে ফল খাবলৈ সময় নহয় আৰু সৰু ল’ৰা–ছোৱালীয়ে ফল খাব নোখোজে৷ গতিকে দুপৰীয়া বা ৰাতিৰ আহাৰত এনেধৰণেৰে ফল পৰিৱেশন কৰিব৷