ইউটেৰাছ, শব্দটো শুনিলেই কিবা এটা বুজাব নোৱৰা অনুভূতি মনৰ মাজেৰে পাৰ হৈ যায়৷ কিমান এক অসাধাৰণ ঠাই এই জৰায়ুটি– আমি সকলোৱে জীৱনৰ এক জটিল ক্ষণ এই মোনাটিৰ ভিতৰতেই পাৰ কৰি আহিছোঁ৷ সঁচাকৈয়ে, ভাবিলে আচৰিত লগা এই গর্ভাশয়ৰ ভিতৰতেই সৃষ্টি হয় জীৱনৰ অথচ এই জীৱনদায়িনী ইউটেৰাছটোৱেও জীৱন হেৰুৱাব লগা হয় বিভিন্ন কাৰণত৷ নাৰী জীৱনৰ এই অমূল্য সম্পদ বিভিন্ন সময়ত এগৰাকী নাৰীয়ে হেৰুৱাব লগা হয়৷
কেতিয়াবা এগৰাকী মহিলাৰ জৰায়ুত হোৱা টিউমাৰৰ বাবে অথবা তলপেটত বহুদিনৰ পৰা বিষ হৈ থকাৰ বাবে, কেতিয়াবা আকৌ যোনিৰ পৰা হোৱা অত্যধিক ৰক্তক্ষণৰ বাবে, আনহাতে কেতিয়াবা ফেলোপিয়ান টিউবত হোৱা বেমাৰ অথবা কেঞ্চাৰৰ দৰে বেমাৰ গর্ভাশয়ত হোৱাৰ বাবেও এই জৰায়ু উঠাই দিবলগীয়া হয়৷ ‘নেচনেল অ’মেনছ হেলথ্ নেটৱর্ক’ৰ মতে মহিলাৰ আটাইতকৈ বেছি হোৱা অস্ত্রোপচাৰৰ ক্ষেত্রত দুই নম্বৰতেই জৰায়ুৰ অস্ত্রোপচাৰ আছে৷ কেইবাধৰণেৰেও কৰিব পৰা এই অস্ত্রোপচাৰ সাধাৰণতে আমাৰ দেশত জৰায়ুটো সম্পূর্ণৰূপে উঠাই সম্পন্ন কৰা হয়৷ গর্ভাশয় শৰীৰৰ পৰা উলিয়াই পেলোৱা এই প্রক্রিয়াটিক হিষ্টেৰেক্তমী Hysterectomy) বুলি কোৱা হয়৷ এই অস্ত্রোপচাৰ নিম্নলিখিত ধৰণে সম্পন্ন কৰিব পাৰি–
(১) আংশিক হিষ্টেৰেক্তমী Hysterectomy)– এই প্রক্রিয়াৰ দ্বাৰা জৰায়ুৰ অংশ বিশেষহে উঠোৱা হয়৷ ছার্ভিক্স cervix) আৰু অণ্ডাশয় ovary) আগৰ ঠাইতে থাকে৷
(২) সম্পূর্ণ হিষ্টেৰেক্তমী Hysterectomy)– এই প্রক্রিয়াৰ দ্বাৰা সম্পূর্ণৰূপে ছার্ভিক্স cervix)সহ গর্ভাশয়টো উঠাই পেলোৱা হয়৷
(৩) হিষ্টেৰেক্তমী আৰু ছালপিংগ’ অফ’ৰেক্তমী Hysterectomy and Salpingo Oophorectomy)– এই প্রক্রিয়াৰ দ্বাৰা সম্পূর্ণ জৰায়ুটিৰ লগতে অণ্ডাশয় এটা বা দুয়োটা আৰু ফেলোপিয়ান টিউবটিও উঠাই পেলোৱা হয়৷
আনহাতে, অস্ত্রোপচাৰৰ নিম্নলিখিত ভাগসমূহ আছে–
(১) এব্ড’মিনেল হিষ্টেৰেক্তমী Abdominal Hysterectomy)– এই প্রক্রিয়া কৰা সময়ত তলপেটটো ডাঙৰকৈ দীঘলীয়া অথবা পথালিকৈ ফালি অস্ত্রোপচাৰ কৰা হয়৷
(২) ভেজিনেল হিষ্টেৰেক্তমী Vaginal Hysterectomy)– এই প্রক্রিয়াত যোনিত ছেদন incision) কৰি অস্ত্রোপচাৰ সম্পন্ন কৰা হয়৷ বাহিৰত দেখাকৈ কোনোধৰণৰ ছেদন কৰা নহয়৷
(৩) লেপ্র’স্ক’পিক হিষ্টেৰেক্তমী Laparoscopic Hysterectomy)– এই প্রক্রিয়াত লেপ্র’স্ক’পীৰ বাবে লগা লেপৰোস্কেপ পেটত সৰু সৰুকৈ তিনি–চাৰিটা ফুটা কৰি ভিতৰলৈ সুমুৱাই দিয়া হয়৷ উচ্চ মানসম্পন্ন কেমেৰা আৰু তীব্র মানসম্পন্ন পোহৰৰ সহায়ত ডাক্তৰজনে সেই ফুটাৰেই পাইপ ভৰাই গর্ভাশয় কাটি সৰু সৰু ভাগ কৰি উলিয়াই আনে৷
(৪) লেপ্র’স্ক’পিক ভেজিনেল হিষ্টেৰেক্তমী Laparoscopically assisted Vaginal Hysterectomy- LAVH)–উক্ত প্রক্রিয়াত যোনিৰ ফুটাইদি লেপ্র’স্ক’প ভৰাই গর্ভাশয় ভিতৰতে কাটি সৰু সৰু অংশ হিচাপে যোনিৰ ফুটাদিয়েই বাহিৰলৈ উলিয়াই অনা হয়৷
(৫) ৰব’টিক লেপ্র’স্ক’পী Robotic-assisted Laparoscopy-RH)–প্রায়োগিকভাৱে নতুন এই প্রক্রিয়াটিৰ বেছিভাগ কাম মেচিনৰ সহায়ত কৰা হয়৷ বাকী সকলোপিনৰ পৰা এই প্রক্রিয়াটি আনকেইটাৰ সৈতে একেই যদিও অস্ত্রোপচাৰৰ পিছৰ বিষ এই প্রক্রিয়াৰ সহায়ত কমকৈ হোৱা দেখিবলৈ পোৱা যায়৷
এই সকলোখিনি প্রক্রিয়া সকলোপিনৰ পৰাই সুৰক্ষিত যদিও তলপেট ফালি কৰা প্রক্রিয়াটিয়েই আমাৰ দেশত বেছিকৈ প্রচলিত৷ আনহাতে, লেপ্র’স্ক’পীৰ সহায়ত কৰা যিকোনো অপাৰেচনৰ বিষ তুলনামূলকভাৱে কম হয় যদিও খৰচ কেইবাগুণে বাঢ়ি যোৱা বাবে এই প্রক্রিয়া সাধাৰণ মানুহৰ চকুৰ আঁতৰত থাকে৷ আনহাতে, কোনটো প্রক্রিয়া কেতিয়া কৰা হয়, সেয়া অস্ত্রোপচাৰ কৰা ডাক্তৰজনৰ ওপৰতো বহু পৰিমাণে নির্ভৰ কৰে৷ উপযুক্ত মেচিন থকাৰ পিছতো তেনেধৰণেৰে অভিজ্ঞতাপুষ্ট ডাক্তৰ নোহোৱা বাবেও কিছুক্ষেত্রত সমস্যা আহি পৰা দেখা যায়৷ বহু ডাক্তৰে অস্ত্রোপচাৰৰ সময়তেই ৰোগীৰ পৰিয়ালবর্গক সুধি এপেণ্ডিক্সটোও উঠাই পেলোৱা দেখা যায়৷ এবাৰতে দুটা কাম কৰাই নহয়, কষ্ট আৰু সময়ৰ ক্ষেত্রতো বহু পৰিমাণে একেটা অস্ত্রোপচাৰতে হোৱা বাবে বহুখিনি সকাহ হয়৷
জৰায়ুৰ বেমাৰ হয়তো সাধাৰণতে আমি দহঘৰ মানুহৰ ভিতৰত এঘৰ মানুহৰ তাত দেখিবলৈ পাম৷ ভয় কৰিবলগীয়া বহু ডাঙৰ অস্ত্রোপচাৰ নহয় যদিও অণ্ডাশয় উঠাই দিলে মহিলাৰ হৰম’নৰ মাত্রা খেলিমেলি হয়, যাৰ বাবে অস্ত্রোপচাৰৰ বহু বছৰ পিছলৈকেই এক নির্দিষ্ট সময়ৰ মূৰে মূৰে হৰম’নৰ টেবলেটসমূহ খাই থাকিবলগীয়া হয়৷ গর্ভাশয়টি উলিয়াই দিয়াৰ পিছত মহিলাৰ মাহেকীয়া ঋতুস্রাৱ বন্ধ হৈ পৰে, লগতে হৰম’নত হোৱা খেলিমেলিৰ বাবে কেতিয়াবা হঠাৎ মেজাজ সলনি হোৱা, গৰম বেছি উঠা অথবা তেনেধৰণৰ আন পার্শ্বক্রিয়াও হোৱা দেখা যায়৷ সেয়েহে জৰায়ুত সমস্যা হ’লে হঠাতে ভালদৰে ডাক্তৰক নেদেখুওৱাকৈ যিকোনো ঔষধ খাই নিজৰ শৰীৰৰ আৰু মনৰ শংকা গোটাই লোৱাতকৈ প্রয়োজনমতে যত্ন লৈ এই জীৱনদায়িনী শৰীৰৰ অংশটোক স্বাস্থ্যৱান কৰি ৰখাতহে গুৰুত্ব দিব লাগে