নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহাৰৰ কাঁহীখন কেনেদৰে সজাব

  • ড০ নির্মলা দেৱী

সু–স্বাস্থ্যৰ বাবে আহাৰ সন্তুলিত হোৱাটো বাঞ্ছনীয়৷ আহাৰ অৰু পৰিপুষ্টি হৈছে জীৱনধাৰণৰ মূল আহিলা৷ দৈনিক আহাৰ কেনে মাত্রাত অর্থাৎ কোনবিধ আহাৰ কিমান পৰিমাণত হ’লে উত্তম আৰু সন্তুলিত হয়, তাৰ বাবে পৃথিৱীজুৰি কৰা গৱেষণাৰ আৰু অধ্যয়নৰ অন্তত বিজ্ঞানী আৰু পৰিপুষ্টিবিদসকলে সকলোৰে বাবে সহজে বোধগম্য হোৱাকৈ এক খাদ্য গ্রহণৰ পথ প্রদর্শক পিৰামিড বা খাদ্য দিহা পিৰামিড Food Guide Pyramid) প্রস্তুত কৰি উলিয়াইছে৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ জনস্বাস্থ্য বিভাগৰ School of Public Health) অন্তর্ভুক্ত পৰিপুষ্টি বিভাগে Department of Nutrition) প্রস্তুত কৰি উলিওৱা এই পিৰামিডত সন্নিবিষ্ট হৈ অছে কেইবাটাও স্তৰ৷ এই সকলোবোৰ স্তৰ সুচাৰুৰূপে প্রতিদিনে পালন কৰিবলৈ হার্ভার্ড হেল্থৰ বিশেষজ্ঞসকলে পৰামর্শ প্রদান কৰে ৷

জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ১৯৯২ চনত মার্কিন কৃষি বিভাগে US Department of Agriculture-USDA) প্রথমবাৰৰ বাবে এক খাদ্য গাইড পিৰামিড সদৰী কৰে৷ সু–স্বাস্থ্যৰ বাবে খাদ্যগ্রহণৰ দিকদর্শন দিবলৈ প্রস্তুত কৰা এই পিৰামিড অতি সাধাৰণ৷ সৰহ পৰিমাণত গ্রহণ কৰিবলগীয়া আহাৰবোৰক পিৰামিডৰ ভূমিত আৰু তুলনামূলকভাৱে কম পৰিমাণত গ্রহণ কৰিবলগীয়াসমূহক ক্রমান্বয়ে চূড়াৰ দিশে অৱস্থান কৰোৱা হৈছিল৷ জনস্বাস্থ্যৰ ক্ষেত্রত বিভিন্ন ধৰণে সফল হ’লেও এই পিৰামিডটোৰ কেতবোৰ দোষ ত্রুটীও থাকি গৈছিল৷ ২০০৫ চনত ইউএছডিএ ইয়াৰ সংশোধিত ৰূপ প্রকাশ কৰে –My Pyramid নামেৰে৷ ই আছিল এক ৰঙীন পিৰামিড য’ত দৈনিক শাৰীৰিক ব্যায়াম বা সক্রিয়তাৰ ওপৰতো গুৰুত্ব প্রদান কৰি কাষেৰে চিৰি বগাই থকাৰ দৃশ্য সংলগ্ণ কৰা হৈছিল ৷

খাদ্য, স্বাস্থ্য আৰু পুষ্টিবিজ্ঞানৰ নিত্য–নতুন গৱেষণা আৰু উপলব্ধিৰ প্রতি গুৰুত্ব প্রদান কৰি শেহতীয়াকৈ ২০১১ চনত হার্ভার্ডৰেই জনস্বাস্থ্য বিভাগে এই পিৰামিডৰ নতুন এক সংশোধিত ৰূপ পুনৰ প্রকাশ কৰে৷ ইয়াকHealthy Eating Pyramid নামেৰে জনা যায়৷ বর্তমানলৈকে বিশ্বৰ সর্বসাধাৰণে অনুকৰণ কৰা এই পিৰামিডৰ ভূমিৰ দিশত সর্বাধিক গুৰুত্বপূর্ণভাৱে ৰখা হৈছে দৈনিক শাৰীৰিক ব্যায়াম আৰু শৰীৰৰ ওজন নিয়ন্ত্রণৰ বিষয়টোক৷ খাদ্যৰ ক্ষেত্রত গুণগত মূল্যৰ ওপৰত গুৰুত্ব প্রদান কৰাHealthy Eating plate য়ে প্রতিসাঁজ সুষম স্বাস্থ্যসন্মত আহাৰৰ কাঁহীখন প্রস্তুত কৰিবলৈ সঠিক দিহা–পৰামর্শ দিয়ে৷ শেহতীয়া এই স্বাস্থ্যকৰ প্লেট আৰু পিৰামিড দুয়ো প্রকৃততে ইটো–সিটোৰ পৰিপূৰক আৰু সর্বসাধাৰণে বুজি পাব পৰাকৈ সহজ৷ শেহতীয়া পিৰামিডে তেল, চর্র্বি আৰু কার্ব’হাইড্রেটকো গুৰুত্ব প্রদান কৰিছে আৰু লগতে স্বাস্থ্য উপকাৰী আৰু অপকাৰী তেল–চর্বি আৰু কার্ব’হাইড্রেটবোৰৰ মাজত স্পষ্ট পার্থক্য দেখুৱাইছে৷ পিৰামিডৰ ভূমিৰ পৰা আৰম্ভ কৰিলে দ্বিতীয় স্তৰত আছে সম্পূর্ণ শস্যদানা (পলিচ নকৰা শস্যসমূহ) আৰু পাচলিজাত তেল ৷

তৃতীয় স্তৰত আছে শাক–পাচলি আৰু ফল–মূল৷ চতুর্থ স্তৰত পৰিছে মাছ, কুকুৰা, মাংস, কণী আদি৷ পঞ্চম স্তৰত আছে গাখীৰ আৰু দুগ্ধজাত খাদ্য (দিনটোত আধা গিলাছ)৷ পিৰামিডৰ শীর্ষত অর্থাৎ চূড়াত অৱস্থান কৰিছে জন্তুৰ মাংস Red Meat), মাখন, বগা ভাত, বগা ব্রেড, আলু, মিঠাই আৰু চ’ডাপানীয় আদি– যিবোৰ সবাতোকৈ কম পৰিমাণতহে ব্যৱহাৰ কৰা উচিত বা একেবাৰে বর্জন কৰা উচিত ৷

এতিয়া প্রশ্ন হ’ল, স্বাস্থ্যকৰ খোৱা থালি কেনেকৈ প্রস্তুত কৰিব ? হার্ভার্ড বিশ্ববিদ্যালয়ে প্রদান কৰা সহজ নিয়মবোৰ হ’ল এনেধৰণৰঃ
(ক) কাঁহীখনৰ আধাভাগেই শাক–পাচলি আৰু ফল–মূলেৰে পূৰণ কৰা উচিত৷ ভিন্নৰঙী ফল–মূল, পাচলিৰে কাঁহী সজাব পাৰিলে উত্তম৷ (আলুক শাক–পাচলিত ধৰা হোৱা নাই৷)
(খ) কাঁহীখনৰ চাৰিভাগৰ এভাগ পূৰণ কৰিব লাগিব সম্পূর্ণ খহটা শস্যদানাৰে৷ ইয়াৰ ভিতৰত চাউল, ঘেহু, অ’ট, কিনৱা ইত্যাদিৰে প্রস্তুত যিকোনো সম্পূর্ণ আহাৰ থাকিব৷
(গ) কাঁহীখনৰ চাৰিভাগৰ এভাগ প্র’টিন খাদ্যৰে পূৰণ কৰা উচিত৷ প্র’টিনৰ ভিতৰত মাছ, কুকুৰা মাংস, বুট, ৰাজমাহ, চয়াবিন, মাহজাতীয় খাদ্য দাইল আদি থাকিব পাৰে৷ জন্তুৰ মাংস আৰু পৰিশোধিত বা পেকেজড মাংসৰে তৈয়াৰী খাদ্য অতি কম পৰিমাণলৈ নিয়ন্ত্রণ কৰা উচিত৷
(ঘ) পাচলিজাতীয় সুন্দৰ গুণসম্পন্ন তেল, যেনে– চয়াবিন তেল, সুৰুযমুখী তেল, বাদাম তেল, অলিভ অইল আদি কিছু মধ্যমীয়াভাৱে ব্যৱহাৰ কৰা উচিত৷ বনষ্পত্তি ঘি আৰু ট্রান্স ফেট ইয়াত বর্জনীয়৷
(ঙ) পানী পর্যাপ্ত পৰিমাণে আৰু চেনি, নিদিয়া চাহ বা কফী আদি মধ্যমীয়াভাৱে সেৱন কৰিব পাৰে৷ কিন্তু চেনি, চেনিজাতীয় ফলৰ ৰস, চ’ডাপানী আদি বর্জনীয় বা অতি কম পৰিমাণতহে ব্যৱহাৰ কৰা উচিত৷
(চ) সকলো সময়তে সক্রিয়তা৷ অর্থাৎ দেহাক সক্রিয় ৰাখি শাৰীৰিক পৰিশ্রম কৰা, আলস্য পৰিহাৰ কৰা, ব্যায়াম কৰা আৰু শৰীৰৰ ওজন নিয়ন্ত্রণত ৰখা৷
এই কথাবোৰ মনত ৰাখিবলৈ খোৱা মেজৰ উপৰিভাগত, ৰান্ধনীঘৰৰ বেৰত বা ৰেফ্রিজাৰেটৰৰ কাষতে চমুকৈ ছয় শাৰী সাৰাংশ লিখি সদায়ে দেখি থকাকৈ থৈ দিয়া উচিত৷ বিষয়বোৰত কিছুদিন গভীৰভাৱে মনোযোগ দি বজাৰ–সমাৰৰ কাম কৰিলে আৰু কাঁহীখন সজালে আপোনা–আপুনি অভ্যস্ত হৈ যাব পাৰি৷ এনেদৰে অভ্যস্ত হৈ পৰিলে একো নভবাকৈয়ে আপুনি প্রস্তুত কৰা থালিখন হৈ পৰিব এখন স্বাস্থ্যকৰ থালি ৷

You might also like