নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাণৰ লতিৰ বিষ

কাণৰ লতিৰ বিষটো ঘাইকৈ মহিলাসকলৰ হয়৷ তেওঁলোকে কাণত যিবোৰ অলংকাৰ পিন্ধে, সেই অলংকাৰবোৰে কোনো কোনো মহিলাৰ কাণৰ লতিত এলার্জিৰ সৃষ্টি কৰে৷ লতিটো বিষায়, খজুৱায়, কেতিয়াবা ৰঙা ৰঙা দাগ পৰে ৷ তেনে হোৱাৰ কাৰণ যে বিভিন্ন ধাতুৰ পৰা তৈয়াৰ কৰা অলংকাৰ সেই কথা বেছিভাগ মহিলাই বুজি নাপায়৷ ফলত সমস্যাটোৰ মূল কাৰণ দূৰ কৰিবলৈ চেষ্টা নকৰি ৰোগৰ লক্ষণবোৰৰ চিকিৎসা কৰাতহে তেওঁলোক ব্যস্ত হৈ পৰে৷ কাণৰ লতিত বিষ বা খজুৱতি হ’লে যিটো কাম প্রথমতে কৰা উচিত সেইটো হ’ল অলংকাৰ পিন্ধিবলৈ বাদ দিয়া৷ এলার্জীৰ সৃষ্টি কৰা সেই অলংকাৰ পিন্ধিবলৈ চিৰকাললৈ বাদ দিব লাগিব৷ কাৰণ কাণৰ লতিৰ বিষটো ভাল হোৱাৰ পাছত একেবিধ অলংকাৰ আকৌ পিন্ধিলে পুনৰ একেটা সমস্যাই দেখা দিব৷ কাণৰ লতিত খজুৱতি হ’লে কেতিয়াও খজুৱাব নালাগে৷ কাৰণ খজুৱালেও বীজাণুৰ সংক্রমণ হ’ব৷ খজুৱতি অসহ্য হ’লে ফার্মাচীত ডাক্তৰৰ প্রেছক্রিপচন নোহোৱাকৈ পোৱা হাইড্র’কট্রিচন ক্রীম লগাব৷ কাণৰ লতিত কেতিয়াও আঙুলি বা হাতখন নলগাব৷ আঙুলিৰ স্পর্শ লাগিলেই সমস্যাটো জটিল হ’ব৷ বীজাণুনাশক চাপোন ব্যৱহাৰ কৰি আক্রান্ত লতি দুটা পৰিষ্কাৰ কৰি ৰাখিব৷ কাণৰ লতিৰ অসুখটো ভাল হোৱাৰ পাছত পুনৰ অলংকাৰ পিন্ধিবলৈ মন গ’লে কেৱল উচ্চ কেৰেটসম্পন্ন সোণৰ বা বিশুদ্ধ ৰূপৰ ফুলি পিন্ধিব৷ খজুৱতি বা বিষ হোৱা কাণৰ লতিটোত নেইল পলিচ লগালেও বিষ বা খজুৱতি কিছু উপশম হ’ব পাৰে ৷

You might also like