নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিদৰে শক্তিশালী কৰিব পাৰি দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা

ডাঃ ইন্দুভুষণ শৰ্মা 

ফোনঃ ৮৬৩৮৮৮৩২৩৬

চৌপাশে ক’ৰোনা ভাইৰাছৰ আতংক৷ চীন দেশত আৰম্ভ হোৱা এই ৰোগবিধে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে৷ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে মাজে মাজে আমাৰ সমাজত ফ্লুসদৃশ (জ্বৰ, কাহ, হাচি আদি লক্ষণযুক্ত) বিভিন্ন সংক্রামক ৰোগ যেনে ৱার্ড ফ্লু, ছোৱান ফ্লু বা চার্ছ আদিয়ে ভুমুকি মাৰে৷ এইসমূহ ৰোগে কোনো এটা বিশেষ ঠাইত হঠাতে অস্বাভাৱিকভাৱে দেখা দিয়ে, যাক ইংৰাজীত এপিডেমিক বুলি কোৱা হয়৷ আনহাতে, এই ৰোগ যেতিয়া অতি কমসময়তে বিশ্বৰ বিভিন্ন দেশৰ এক বৃহৎ জনসংখ্যা আক্রান্ত কৰে তেতিয়া তাক পেনডেমিক আখ্যা দিয়া হয়৷ এনে ৰোগৰ বৈশিষ্ট্য এইটোৱে যে ৰোগৰ প্রধান কাৰক ভাইৰাছ বা অন্য বীজাণূসমূহ চৰাই–চিৰিকটি, জীৱ–জন্তুৰ মাধ্যমেৰে মানুহৰ দেহলৈ বিয়পে আৰু মানুহৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বা ইমিউনিটী হ্রাস কৰি দেহত গুৰুতৰ বিসংগতিৰ সৃষ্টি কৰে বা মৃত্যুমুখত পেলায়৷ গুৰুতৰভাৱে অসুস্থ আৰু দেহৰ ৰোগপ্রতিৰোধ ক্ষমতা কমি থকা ব্যক্তি যেনে বৃদ্ধ ব্যক্তি, শিশু, ডায়েবেটিছ ৰোগী, হার্ট, কিডনী, শ্বাসতন্ত্রৰ জটিল আৰু পুৰণি ৰোগত ভোগা ব্যক্তিৰ এনেধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা খুব বেছি৷ সেয়েহে এনে সংক্রমণৰ ফলত সমাজৰ সকলো মানুহ সমানে আক্রান্ত হোৱা দেখা নাযায়৷ আনকি কেতিয়াবা একেখন ঘৰৰে কেইবাজনো সদস্য আক্রান্ত হ’লেও দুই–এজন ৰক্ষা পৰা দেখা যায়৷ গতিকে এনেক্ষেত্রত দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা অটুট ৰখাটো অত্যন্ত জৰুৰী৷ সেয়েহে ইমিউনিটী বা ৰোগ প্রতিৰোধ ক্ষমতা কিদৰে অটুট ৰাখিব পাৰি বা শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে কিছু কথা জানো আহক৷
কিদৰে শক্তিশালী কৰিব পাৰি দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা
ইমিউনিটী বা শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা হৈছে জীৱদেহৰ এনে এটা প্রক্রিয়া যিয়ে দেহত প্রকাশ কৰা বিভিন্ন অনিষ্টকাৰী বীজাণু বা বিষাক্ত পদার্থই বাধা প্রদান কৰে৷ কোনো এজন ব্যক্তিৰ ৰোগ প্রতিৰোধ ক্ষমতা নির্ভৰ কৰে সেই ব্যক্তিজনৰ দৈহিক, মানসিক অৱস্থা, পৰিষ্কাৰ–পৰিচ্ছন্ন আৰু পৰিৱেশৰ আন কিছুমান কাৰকৰ ওপৰত৷ আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা ৰক্ষাৰ ক্ষেত্রত শৰীৰৰ ইমিউন’চিষ্টেম (ৰোগ প্রতিৰক্ষা প্রণালী) নামৰ এক বিশেষ প্রণালীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ মানুহৰ দেহৰ কিছুমান অংগ যেনে ছাল, খাদ্যনলী বা শ্বাসনলীৰ শ্লেচমা আবৰণ, থাইমাছ গ্রন্থি, প্লীহা, হাড়ৰ মজ্জা, লসিকা গ্রন্থি, তেজৰ শ্বেত ৰক্ত কণিকা বা আন কিছুমান কোষ, কিছুমান কোষৰ পৰা নিঃসৰিত ৰস (যেনে চকুপানী, লালটি, পাচকৰস) আৰু আন কিছুমান ৰাসায়নিক পদার্থই সংঘবদ্ধ হৈ এই ৰোগ প্রতিৰক্ষা প্রণালী গঠন কৰে৷ এই প্রণালীয়ে কোনো বীজাণু বা দুষিত পদার্থ মানুহৰ দেহত প্রৱেশ কৰিলেই বিভিন্ন প্রক্রিয়াৰে বাধা প্রদান কৰে৷ কিন্তু উক্ত প্রণালীৰ বিভিন্ন কার্যৰ বিসংগতি ঘটিলে বা ই কোনো ৰোগৰ দ্বাৰা আক্রান্ত হ’লে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পাব পাৰে৷ কিছুমান বিশেষ ব্যৱস্থাৰ যোগেদি দেহৰ ৰোগ প্রতিৰক্ষা প্রণালীৰ কার্যক্ষমতা বৃদ্ধি কৰিব পৰা যায় বা অধিক শক্তিশালী কৰিব পাৰি৷ থোৰতে তলত তাৰে কিছুমান উপায় উল্লেখ কৰা হ’ল–
১) দৈনিক পুষ্টিকৰ আৰু সুষম আহাৰ গ্রহণ কৰা৷ পানী আৰু অন্যান্য তৰল দ্রব্যৰ (ফলৰ ৰস চুপ আদি) পৰা পৰিমাণ বৃদ্ধি কৰা৷
২) চেনি, নিমখ, বটল বা পেকেটৰ সংৰক্ষিত খাদ্য (শীতল পানীয় চচ, আচাৰ, চিপছ নুডলছ) ফাষ্ট ফুড, সংপৃক্ত স্নেহৰ (যেনে– তেল, ঘিঁ, বাটাৰ, ক্রীম ৰেদমাটি আদি) পৰিমাণ হ্রাস কৰা৷
৩) সেউজীয়া শাক–পাচলি আৰু ৰং–বিৰঙৰ ফলমূল, খাদ্যশস্য, মাহজাতীয় শস্য, শুকান ফল আদি দৈনিক খাদ্যতালিকাত সন্নিবিষ্ট কৰা৷ কণী, মাছ, গাখীৰ আদি মজলীয়া পৰিমাণে গ্রহণ কৰা৷ ভিটামিন চিযুক্ত খাদ্য (যেনে নেমু, কমলা, আঙুৰ, আমলখি) ওমেগা থ্রী ফেটী এচিদযুক্ত খাদ্য (যেনে সাগৰীয় মাছ, ফ্লেক্স ছীড, ৱালনাট আদি), প্র’বায়টিক (দৈ পনীৰ, পাউৰুটি) দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা ৰক্ষাত অধিক উপযোগী)৷
৪) ধুমপান, ধঁপাত আৰু অত্যধিক মদ্যপানৰ পৰা বিৰত থকা৷
৫) দেহৰ সামর্থ্য অনুযায়ী দৈনিক সৰু–ডাঙৰ ব্যায়াম কৰা৷ কিছুমান যোগাসন যেনে প্রাণায়ম, অনুলোম, বিলোম, কপালভাটি ফলপ্রসূ৷
৬) পর্যাপ্ত জিৰণি ল’ব লাগে৷ দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ ভাল টোপনিৰ আৱশ্যক৷
৭) অত্যধিক চিন্তা, উদ্বিগ্ণতাৰ পৰা আঁতৰত থকা৷ অত্যধিক চিন্তাৰ ফলত এডৰিনেল গ্লেণ্ডৰ পৰা নিঃসৰিত কার্টিজল হৰমনে ইমিউনিটীৰ ওপৰত বিৰূপ প্রভাৱ পেলায়৷
৮) বীজাণু সংক্রমণ ৰোধ কৰিবলৈ পৰিষ্কাৰ–পৰিচ্ছন্ন ৰক্ষা কৰা অতি দৰকাৰ আৰু চাফ–চিকুণতাৰ বিজ্ঞানসন্মত পদ্ধতিসমূহৰ অবলম্বন কৰা উচিত৷ উদাহৰণস্বৰূপে বিজ্ঞানসন্মত হাত ধোৱা পদ্ধতিৰ প্রয়োগ, সংক্রমণ বাধা দিবলৈ মুখমণ্ডলত মাস্ক পৰিধান কৰা, আক্রান্ত ব্যক্তি, চৰাই–চিৰিকটি, জীৱ–জন্তুৰ সংস্পর্শৰ পৰা আঁতৰত থকা, ঘৰৰ ভিতৰ বা বাহিৰৰ স্বচ্ছতা বর্তাই ৰখা আদি৷
৯) ভেকচিন প্রিভেনটেৱল ডিজিজ (ভি পি ডি) অর্থাৎ ভেকচিনৰ দ্বাৰা বাধা দিব পৰা ৰোগসমূহ (যেনে– টি বি, ধনুষ্টংকাৰ, সৰুআই, হেপাটাইটিছ, জাপানিজ এনকেফেলাইটিছ আদি) প্রতিৰোধ কৰাৰ বাবে শিশুসকলক জন্মৰ সময়ৰ পৰাই তালিকা অনুসৰি ছিটাকৰণ আৰম্ভ কৰা দৰকাৰ৷ লগতে প্রাপ্তবয়স্কসকলেও সময়মতে ল’ব লাগে৷
১০) প্রকৃতিৰ পৰা পোৱা বহুতো ঔষধিগুণযুক্ত গছ–লতাত উপলব্ধি এণ্টিক্সিডেণ্ট আৰু ৰোগ প্রতিৰোধ ক্ষমতাবর্ধক immuno booster) উপাদানসমূহে আমাৰ দেহৰ প্রতিৰোধ ক্ষমতা অটুট ৰখাত অৰিহণা যোগায়৷ এইসমূহৰ আমাৰ দৈনিক খাদ্যাভ্যাসত অন্তর্ভুক্ত কৰি নতুবা ঔষধি হিচাপে গ্রহণ কৰি ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি৷ উদাহৰণস্বৰূপে নেমু, কমলা, আদা, নহৰু, হালধি, অমিতা, ব্রকলি, আমলখি, তুলসী, গুৰুছী বা গিলয়, অশ্বগন্ধা, এল’ভেৰা, গ্রীন টী, সূর্যমুখী ফুলৰ বীজ, ফ্লেক্স ছীড (তিচি) এলমণ্ড আদি৷ আয়ুর্বেদত উল্লিখিত কিছুমান শাস্ত্রীয় ঔষধি ব্যৱহাৰ কৰি সুফল পোৱা যায়৷ যেনে– চ্যাবনপ্রাস, আমলখি ৰসায়ন, গিলয় সত্ত্ব, অমৃতাৰিষ্ট, কুমাৰীসৱ, অশ্বগন্ধা চূর্ণ ইত্যাদি৷

You might also like