ক’ৰোনাৰ আতংক
ডাঃ ভূপেন শইকীয়া
আজিৰ জেট যুগত বিশ্বৰ যিকোনো ঠাইলৈ কম সময়তে যাত্রা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেইসপ্তাহমান আৰম্ভ হৈছিল ক’ৰোনা ভাইৰাছে কৰা ৰোগ৷ সেই ৰোগ আজি জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, ভিয়েটনাম, থাইলেণ্ড, ফ্রান্স, অষ্ট্রেলিয়া আৰু ইংলেণ্ডলৈকো বিয়পিছে৷ ছৌদি আৰব, কাটাৰ আৰু সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে দেশেও ক’ৰোনা ভাইৰাছৰ পৰা বাচিবলৈ অত্যধিক সতর্ক হোৱা পৰিলক্ষিত হৈছে৷ চীন দেশ যাত্রা কৰি অহা লোকসকলৰ তন্ন তন্নকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ জানিবলৈ পোৱা মতে, বর্তমান ভাৰতবর্ষৰ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰবিলাকত্ সতর্কতামূলক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ হৈছে৷ ৰুছ দেশে চীনৰ সীমান্তইদি সকলো প্রৱেশ বন্ধ কৰি দিছে৷ মানুহক আক্রান্ত কৰা ক’ৰোনা ভাইৰাছৰ প্রকাৰ
৬ প্রকাৰৰ ক’ৰোনা ভাইৰাছে মানুহক আক্রান্ত কৰিব পাৰে৷ সেইকেইবিধৰ নাম হ’ল229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV (Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome৷ এই ভাইৰাছসমূহৰ বিশেষত্ব হ’ল যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি, সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে Mutation), এণ্টিবডীৰে ভেকচিন বনোৱা নায়ায়৷
কেনেকৈ ৰোগ মানুহলৈ বিয়পে?
চীন দেশত বর্তমান আৰম্ভ হোৱা ক’ৰোনা ভাইৰাছৰ মহামাৰী ৱুহান চহৰৰ Wuhan হ’লHubei প্রদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰNon-veg market ৰ পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানীসকলে মতপোষণ কৰিছে৷ সেইখন বজাৰত সাপ, বেং, বাদুলী, সাগৰীয় মাছ, কুকুৰ, মেকুৰী, এন্দুৰ, নিগনি, পোক–পতংগ সকলো বিক্রী হয়৷ ৱুহান বজাৰৰ ৰেষ্টুৰেণ্টত বাদুলীৰ ছুপ, সাপৰ মাংস আদি সহজলব্ধ জনপ্রিয় খাদ্য৷ এনে দূষিত খাদ্য গ্রহণ কৰাৰ ফলতেই মানৱ দেহলৈ ক’ৰোনা ভাইৰাছৰ আগমন ঘটিল৷ ইয়াৰ উপৰি আৰু মন কৰিবলগীয়া কথাকেইটামান হ’ল –
ড্রপলেট ইনফেকচনঃ অর্থাৎ ভাইৰাছৰ কণিকা প্রদূষিত বায়ুমণ্ডলৰ মাধমেৰে৷ ৰোগীয়ে কাহ মাৰিলে, হাঁচিয়ালে, হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিৱেশ ভাইৰাছেৰে দূষিত হয়৷
হাতেৰে ৰোগীক স্পর্শ কৰিলে, কৰমর্দন, চুম্বন আদিৰ যোগেদি৷
ৰোগীৰ সংস্পর্শত অহা যিকোনো সামগ্রী (যেনে–টাৱেল, ৰুমাল, অন্যান্য কাপোৰ, চছমা, কলম, বাচন) ৰোগীৰ নাক, মুখৰ জুলীয়া পদার্থৰ দ্বাৰা দূষিত হৈ থাকিব পাৰে৷ তেনে সামগ্রীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্রী স্পর্শ কৰি কেতিয়াও নিজৰ চকু, মুখ, নাক নুচুব৷
ৰোগীৰ মল–মূত্রয়ো ৰোগ বিয়পাব পাৰে৷
২৫ জানুৱাৰীত প্রকাশিত তথ্য মতে, এইপর্যন্ত দেশখনত আক্রান্ত ৰোগীৰ সংখ্যা হ’ল ১,৯৭৫জন আৰু তাৰে ৫৬জন মৃত্যুমুখত পৰিছে৷
ৱুহানৰ উপৰি আন কেইখনমান ৰোগাক্রান্ত চহৰ হ’ল – হুৱাংগাং, ঝিজিয়াংগ, কিয়ানজিয়াংগ আৰু ইঝোও৷ এই ৫খন চহৰৰ সৈতে দেশখনৰ সকলোধৰণৰ যোগাযোগ (পথ পৰিবহণ, জলপথ, ৰে’লপথ, আকাশী পথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বর্তমান এই চহৰসমূহৰ ব্যৱসায়–বাণিজ্য, চিনেমা–থিয়েটাৰ, মল–পার্ক, স্কুল–কলেজ–ফিচ সকলো বন্ধ, জনশূন্য৷ এই মহামাৰীৰ ফলত চীন দেশৰ অর্থনীতিৰ যি ভীষণ ক্ষতি হ’ব, তাৰ আগন্তুক সময়েহে ক’ব৷
চিকিৎসা কিদৰে প্রদান কৰা হয়?
ক’ৰোনা ভাইৰাছৰ কোনো ভেকচিন নাই আৰু কোনো নির্দিষ্ট দৰব নাই৷ লক্ষণ হিচাপে যতন লৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্রায় ১০ শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাৱে আক্রান্তজনক আই চি ইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হ’ব পাৰে৷
মোখনিত দুটামান দৰকাৰী কথা
৭০০জনৰো অধিক ভাৰতীয় ছাত্রই ৱুহানত ডাক্তৰী শিক্ষা গ্রহণ কৰি আছে৷ ভাৰত চৰকাৰে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে৷
বি বি চি, চি এন এন, আলজেৰীয়া আদি চেনেলসমূহে জ্বলন্ত বিষয়টোৰ ওপৰত দৈনিক আলোকপাত কৰি আছে৷
আমেৰিকাই নিজৰ নাগৰিকসকলক চীন দেশৰ পৰা সুকলমে উভতাই আনিবলৈ ব্যৱস্থা লৈছে৷
চীনা চৰকাৰে সকলো নাগৰিকৰ বিদেশ ভ্রমণ সাম্প্রতিক পৰিস্থিতিৰ বাবে বাতিল কৰিছে৷