ক’ৰোনা ভাইৰাছঃ মানুহৰ প্রধান শত্রু
- ডাঃ চন্দন বৰুৱা
ক’ৰোনা ভাইৰাছে চীন দেশত মহামাৰী ৰূপে দেখা দিয়াৰ লগতে পৃথিৱীৰ আন ২৮খন দেশলৈকো বিয়পিছে৷ চীনত ক’ৰোনা ভাইৰাছৰ পৰা আক্রান্ত হোৱা মৃত্যুৰ সংখ্যা হৈছে ১০১৬ (১০ ফেব্রুৱাৰীলৈকে)৷ ৯ ফেব্রুৱাৰীত মৃত্যুৰ সংখ্যা আছিল ৯০৮জন৷ অর্থাৎ ১ দিনত ১০৮জন লোকৰ মৃত্যু হ’ল৷ গতিকে অনুমান কৰিব পাৰি যে এই ভাইৰাছ কিমান ভয়ানক৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ৰোনা ভাইৰাছ জনসাধাৰণৰ প্রধান শত্রু বুলি গণ্য কৰা উচিত৷ এই ৰোগত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৪০,১৭১জন৷ এটা সুখবৰ যে অহা ১৮ মাহৰ ভিতৰত ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিব পৰা ভেকচিন প্রস্তুত হ’ব৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা এজন ব্যক্তিৰ পৰা আন তিনিজন ব্যক্তিলৈ এই ৰোগ বিয়পিব পাৰে৷ চীনৰ য়ুহান প্রদেশৰ পৰা আৰম্ভ হোৱা এই ৰোগ প্রথমতে বাদুলীৰ পৰা বিয়পিছে বুলি সন্দেহ কৰা হৈছে৷ বাদুলীৰ পৰা কোনো জন্তুৰ মধ্যস্থতাৰে এই ৰোগ মানুহলৈ বিয়পে৷ ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা ৰোগৰ লক্ষণসমূহ ফ্লুৰ লক্ষণৰ নিচিনা৷ লক্ষণসমূহ হ’ল জ্বৰ, মূৰৰ বিষ, মাংসপেশী আৰু গাঁঠিৰ বিষ, কাহ আৰু উশাহ লোৱাত কষ্ট৷ শেষলৈ উশাহ ল’বলৈ খুব বেছি কষ্ট হয় আৰু ৰোগী মৃত্যুমুখত পৰে৷ ক’ৰোনা ভাইৰাছৰ বিষয়ে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াত বহুত বাতৰি প্রকাশ হৈ আছে৷ তাৰে কিছুমান বাতৰি বিশ্বাসযোগ্য নহয়৷ ফলত জনসাধাৰণৰ মাজত কিছু বিভ্রান্তিৰ সৃষ্টি হৈছে৷ ক’ৰোনা ভাইৰাছ সম্বন্ধে কিছু প্রকৃত তথ্য তলত উল্লেখ কৰা হ’ল–
১. এটা গুৰুত্বপূর্ণ কথা হ’ল ক’ৰোনা ভাইৰাছ ৰোগৰ কোনো ঔষধ বা চিকিৎসা এতিয়ালৈকে নাই৷ ই এটা নতুনকৈ আৱিষ্কাৰ হোৱা ভাইৰাছ৷ ইয়াৰ চিকিৎসা ফ্লুৰ চিকিৎসাৰ দৰে৷ আৰাম কৰা আৰু অধিক পৰিমাণৰ পানী বা আন জুলীয়া খাদ্য খোৱা৷ উশাহৰ কষ্টৰ বাবে অক্সিজেন দিব লগা হয়৷ বয়োজ্যেষ্ঠ লোকক এই ৰোগে বেছি আক্রান্ত কৰে৷ ব্যক্তিজনৰ আন কোনো স্বাস্থ্য সমস্যা থাকিলেও এই ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
২. যদিও বাদুলীৰ পৰা এই ৰোগ আৰম্ভ হৈছে বুলি সন্দেহ কৰা হৈছে, কিন্তু মাংস ভোজন কৰিলে এই ৰোগ বিয়পিব পাৰে বুলি কোনো প্রমাণ নাই৷ যদিও এই ভাইৰাছ চীন দেশৰ বজাৰবোৰৰ পৰা আৰম্ভ হৈছে, য’ত জীৱিত আৰু মৃত জন্তু, চৰাই আদি খাদ্য হিচাপে বিক্রী কৰে আৰু বজাৰবোৰত মানুহ আৰু জীৱ–জন্তু খুব অস্বাস্থ্যকৰ পৰিৱেশত লগালগিকৈ থাকে৷ তথাপি মাংস ভক্ষণ কৰিলে এই ৰোগ হ’ব পাৰে বুলি ক’লে শুদ্ধ নহ’ব৷
৩. বহুতে উদ্বেগ প্রকাশ কৰিছে যে চীন দেশৰ পৰা আমদানি কৰা বস্তুৰ পেকেট বা এনভেলপত লাগি অহা ক’ৰোনা ভাইৰাছে আন দেশৰ মানুহক আক্রান্ত কৰিব পাৰে৷ কিন্তু জনস্বাস্থ্য সেৱাৰ বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছ মানৱ শৰীৰৰ বাহিৰত মাত্র কেইঘণ্টামানহে জীয়াই থাকে৷ খুব ঘনিষ্ঠকৈ থকা ব্যক্তিৰ মাজতহে এই ভাইৰাছ এজনৰ পৰা আনজনলৈ যাব পাৰে৷ স্বামী আৰু স্ত্রীৰ মাজত এই ৰোগ দেখা গৈছে৷ এই ৰোগত আক্রান্ত হোৱা ব্যক্তি আৰু ব্যক্তিজনক চিকিৎসা কৰি থকা চিকিৎসক আৰু আন স্বাস্থ্যকর্মীলৈ এই ৰোগ সহজে বিয়পিছে৷
৪. বিভিন্ন মাধ্যমত নহৰু আৰু তিলৰ তেলে এই ৰোগ আৰোগ্য কৰে বুলি প্রকাশ পাইছে৷ নহৰু আৰু তিলৰ তেলে এই ৰোগ আৰোগ্য কৰিব নোৱাৰে৷ তদুপৰি বিভিন্ন খাদ্য আৰু ঔষধে এই ৰোগ প্রতিৰোধ বা আৰোগ্য কৰে বুলি প্রায়ে ছ’চিয়েল মিডিয়াত দেখা পোৱা গৈছে৷ তাৰে কিছুমান স্বাস্থ্যৰ বাবে খুব ক্ষতিকাৰক৷ এই ৰোগৰ কোনো ঔষধ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই৷ এনেবোৰ বিজ্ঞাপনত ভোল নাযাব৷
৫. কেইটামান খুব মৌলিক পদক্ষেপে ক’ৰোনা ভাইৰাছ বিয়পাত প্রতিৰোধ কৰিব পাৰে৷
(ক) হাত ধুই থাকিব৷ চাবোন আৰু পানীৰে সঘনাই খুব ভালকৈ হাত ধুই থাকিব৷ তাৰ পিছত ভালকৈ শুকানকৈ মচি পেলাব৷
(খ) আক্রান্ত ব্যক্তিসকলৰ পৰা দূৰত থাকক৷ আক্রান্ত হ’লে ঘৰত থাকক৷ স্কুল, কলেজ বা কার্যালয়লৈ নাযাব৷
(গ) মুখত পিন্ধা মুখাই (ফেচ মাস্ক) খুব এটা বেছি সহায় নকৰে৷ এই ৰোগত আক্রান্ত ব্যক্তিয়ে ফেচ মাস্ক ব্যৱহাৰ কৰিলে এই ভাইৰাছ কাহৰ সময়ত আনলৈ বিয়পি নোৱাৰে৷ অৱশ্যে মনৰ শান্তিৰ কাৰণে সকলোৱে ফেচ মাস্ক ব্যৱহাৰ কৰা দেখা গৈছে৷
ক’ৰোনা ভাইৰাছ এবিধ নতুন ভাইৰাছ আৰু ই খুব দ্রুতগতিত এজনৰ পৰা আন এজনলৈ বিয়পি পৰে৷ যদিও আমাৰ দেশত এই ভাইৰাছ এতিয়ালৈকে বিয়পিব পৰা নাই, কিন্তু আন্তঃদেশীয় ভ্রমণৰ বাবে ই খুব সোনকালে আমাৰ জনসাধাৰণকো আক্রান্ত কৰিব পাৰে৷ সেইবাবে সকলোৱে এই ৰোগৰ বিষয়ে জনা উচিত আৰু সতর্ক হৈ থকা উচিত৷ জ্বৰ, কাহ আদি হ’লে নিজেই ঘৰতে চিকিৎসা নকৰি চিকিৎসকৰ পৰামর্শ লওক৷