নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্চৰণি খালে কি কৰিব

আহাৰ খাওঁতে কেতিয়াবা খোৱাবস্তু শ্বাসনলীত সোমায়৷ ফলত কাহ উঠে৷ তেনে অৱস্থাত ডাক্তৰ বিচৰাৰ সময় নাথাকে৷ সৰুৰে পৰা ডাঙৰলৈ সকলো লোকৰে এনে হ’ব পাৰে৷ সেয়ে খাওঁতে অন্যমনষ্ক হৈ খোৱা অনুচিত৷ আনহাতে, বেছিকৈ কথা পাতি আহাৰ গ্রহণ কৰা আৰু খাওঁতে উচ্চস্বৰে হঁহাটোও বিপজ্জনক৷ শুকান বস্তু অর্থাৎ গুডিজাতীয় খাদ্যবস্তু কেতিয়াও গাল মাৰি খাব নালাগে৷

ডিঙিত কোনো বস্তু লাগি ধৰা লোকক আৰামেৰে চকীত বহাই দিয়ক৷ এখন হাত বুকুত ৰাখি আনখন হাতেৰে বুকুৰ ঠিক পিছফালে ৰাজহাডত জোৰেৰে ঢ়কা মাৰক৷ এনেদৰে চাৰিবাৰমান কৰিব৷ শিশুৰ ক্ষেত্রত মূৰটো সামান্য তললৈ হলাই ল’ব৷ ৰোগীৰ পিছফালে থিয় হৈ হাত দুখনেৰে ৰোগীৰ ওপৰ পেটত মেৰিয়াই ধৰক৷ দুয়োখন হাতেৰে পেটৰ ওপৰৰ দিশত হেঁচা দিয়ক৷ যাতে হাঁওফাঁওৰ বতাহ বাহিৰ হয়৷ চাৰিবাৰমান এনে কৰিলে শ্বাসনলীত লাগি ধৰা খাদ্য ওলাই আহিব পাৰে৷ কোনো কাৰণতে হাত সুমুৱাই ডিঙিৰ বস্তু উলিয়াবলৈ চেষ্টা নকৰিব৷ আৰোগ্য নহ’লে চিকিৎসালয়লৈ নিয়ক৷

You might also like