নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুকা শাক

  • অর্পণ দত্ত

অসমৰ কৃষকে ঘৰৰ বাৰীত লগাবলৈ নাপাহৰা আৰু তেনেকৈ অসমৰ ৰান্ধনীয়েও টেঙা আঞ্জা তৈয়াৰ কৰাৰ সময়ত (প্রধানকৈ শীতকালত) সততে ব্যৱহাৰ কৰিবলৈ নাপাহৰা এবিধ শাক হৈছে চুকা৷ এইবিধ শাক শীতকালীন হ’লেও ইয়াৰ তৃপ্তিৰ কথা মনত ৰাখিয়েই বছৰৰ শীত, বর্ষা, মুঠতে বছৰৰ বেছিভাগ সময়তে বহু লোকে ইয়াৰ খেতি কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হয়৷ সামগ্রিকভাৱে এই শাক অৱশ্যে উত্তৰ–পূর্বাঞ্চলৰ সকলো লোকৰে প্রিয় বুলিব পাৰি৷ কিয়নো, এই অঞ্চলৰ বজাৰসমূহত ই সহজলভ্য হোৱাৰ দৃশ্য প্রত্যক্ষ কৰিয়েই এনে ধাৰণা কৰাটো সহজ হৈ উঠে৷

ইয়াৰ পাতৰ লগত পালেং শাকৰ পাতৰ কিছু সাদৃশ্য দেখা পায়েই হয়তো বহু লোকে ইয়াক টেঙা পালেং নামেৰেও নামকৰণ কৰি আহিছে৷ ইংৰাজীতে ইয়াক কোৱা হয়Bladder dock বুলি৷ ইয়াৰ বিপৰীতে আকৌ বৈজ্ঞানিকভাৱে কোৱা হয়Rumex vasicarius বুলি৷ সংস্কৃতত ইয়াক বুজোৱা হয় চুক্রং, চুক্রিকা, পত্রাস, পতৰধনী আদি নামেৰে৷ এনে শব্দৰ আর্হি নিৰীক্ষণৰ দ্বাৰাই অনুমেয় হৈ উঠে যে অসমীয়াৰ চুকা শব্দও সংস্কৃতৰ পৰা আহিছে হয়তো৷

চুকাৰ গছ বর্ষজীৱী হোৱা হেতুকে গছ বুঢ়া হোৱাৰ পাছত মৰি শুকাই যায়৷ তেনে সময়ত গছৰ আগত থোপা বান্ধি ৰোৱা শুকান গুটিবোৰেই ইয়াৰ ভৱিষ্যতৰ অস্তিত্ব বহনকাৰীৰ ভূমিকা পালন কৰে৷ ইয়াৰ গছ কোমল আৰু বহু সৰু সৰু শাখা–প্রশাখাত বিভক্ত৷ পাতৰ ৰং পাতল সেউজীয়া৷ পাত বিভিন্ন আকাৰৰ, যেনে–উপবৃত্তাকাৰ, ডিম্বাকাৰ, আয়তাকাৰ, ত্রিবুজাকাৰ বা তাম্বুলাকাৰ ইত্যাদি৷ পাত দীঘলে ২.৫–৭.৫ চেঃ মিটাৰ আৰু বহলে প্রায় ১.৫–৩.০ চেঃ মিটাৰৰ হয়৷ বৃন্ত দীঘল৷ পুষ্প সহবাসী, ৰঙচুৱা৷ ইয়াৰ পাত, ঠাৰি আৰু গা গছ কোমল আৰু টেঙা৷

চুকা গছৰ শিপাৰ বাহিৰে সকলো অংশই টেঙা হোৱাৰ বাবে সাধাৰণতে আঞ্জাৰ ৰূপত খোৱাৰ বাবে ই বেছি উপযোগী৷ অৱশ্যে দাইলৰ লগত মিলাই খালেও ভালেখিনি তৃপ্তি পোৱা যায়৷ কিন্তু সর্বাধিক তৃপ্তি প্রদান কৰিব পাৰে মাছৰ লগত প্রস্তুত কৰা ইয়াৰ জোলেহে৷ ইয়াৰ জোলৰ এক আকর্ষণীয় গন্ধ থকাৰ লগতে থাকে এক বিশেষ তৃপ্তিও৷ উল্লেখ্য যে ইয়াৰ ৰসত প্রচুৰ পৰিমাণে ভিটামিন বি আৰু চিক পোৱা যায়৷ এনে দ্রব্যই বিভিন্ন প্রকাৰৰ এনজাইম সৃষ্টিত সহায় কৰাৰ উপৰি দেহত ৰোগ প্রতিৰোধী ক্ষমতা ঠিকে ৰখাতো সহায় কৰে৷ আয়ুর্বেদীয় দৃষ্টিকোণেৰে ইয়াৰ ৰস অম্লবিপাক, উষ্ণবীর্য, বাতনাশক, ৰুচিকৰ, যকৃৎ উত্তেজক, মূত্রকাৰক, ৰেচক, শূল, অর্শ, বাত ব্যাধি আৰু বৃশ্চিক বিষনাশক ৰূপে অভিহিত বুলি জনা যায়৷ ইয়াৰ ঔষধি গুণ সম্পর্কে পোৱা তথ্য মতে– (১) শৰীৰৰ দাহ, জ্বলা–পোৰা হ’লে ইয়াৰ পাত বতি লেপ দিলে উপকাৰ পোৱা যায়, (২) দাঁত বিষালে ইয়াৰ ৰস গৰম কৰি মুখত লৈ থাকি ঠাণ্ডা হ’লে সেই ৰস পেলাই দি পুনৰ নতুন গৰম ৰস মুখত লৈ এনেকৈ ১০–১৫ মিনিটমান কুলকুলি কৰাৰ দৰে কৰিলে বিষ কমে, (৩) মুখত বমি বমি ভাব হ’লে ইয়াৰ পাতৰ ৰসৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে উপকাৰ পোৱা যায়, (৪) বাত ৰোগ বিশেষতঃ (কটি, ঊৰু ত্রিকগত আৰু হনুগ্রন্থি আদি) ইয়াৰ পাতৰ ৰসৰ লগত গুড় মিহলাই খালে উপকাৰ পোৱা যায়৷ ইবিলাকৰ বিপৰীতে কিন্তু জলফাই টেঙা, কাৱৈ মাছ আৰু কাছৰ মাংসৰ লগত মিহলাই কৰা জোল তিনি দিনমান খালে শৰীৰৰ নানা ৰোগে দেখা দিয়াৰ স্থল থকাত তেনে আহাৰ খোৱাত বিশেষজ্ঞৰ ফালৰ পৰা বিৰত থকাৰ পৰামর্শ আগবঢ়োৱা হৈছে ৷

You might also like