ডায়েবেটিছ
- ডাঃ অনামিকা বৰুৱা
‘ডায়েবেটিছ শব্দটোৰ সৈতে প্রায়ভাগ লোক পৰিচিত৷ কিয়নো সমগ্র বিশ্বতে এইবিধ ৰোগৰ প্রকোপ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ কর্কট, এইডছ আদি ৰোগৰ ভয়াৱহ পৰিণতি সম্পর্কে জনসাধাৰণক যিধৰণৰ শিক্ষা প্রদান কৰা হৈছে তেনে ব্যাপক প্রচাৰৰ অভাৱৰ হেতুকে ডায়েবেটিছে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ বিশ্বব্যাপী হোৱা ভয়ংকৰ ৰোগসূমহৰ ভিতৰত ডায়েবেটিছক তৃতীয় স্থানত ৰখা হৈছে৷ বিশ্বৰ এনে এখন দেশ নাই য’ত ডায়েবেটিছ ৰোগত মানুহ আক্রান্ত নোহোৱাকৈ আছে৷ এইবিধ ৰোগত আক্রান্ত হ’লে ৰোগীয়ে যিকোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ এনেধৰণৰ ৰোগত আক্রান্ত হোৱাৰ পিছত পর্যায়ক্রমে বিভিন্নধৰণৰ জটিল সমস্যাই গা কৰি উঠা দেখা যায়৷ গতিকে ডায়েবেটিছ ৰোগৰ চিকিৎসাতকৈ তাক প্রতিৰোধ কৰাৰ ওপৰতহে গুৰুত্ব প্রদান কৰা উচিত৷ অন্যার্থত প্রতিৰোধেই হৈছে সর্বোত্তম চিকিৎসা ৷
ডায়েবেটিছ ৰোগ প্রতিৰোধ কৰাৰ ক্ষেত্রত তিনি প্রকাৰৰ ব্যৱস্থা উল্লেখ কৰিব পাৰি– প্রাথমিক পর্যায়, দ্বিতীয় পর্যায় আৰু টার্চিয়াৰী পর্যায়৷ এই তিনিটা পর্যায়ৰ ভিতৰত প্রাথমিক পর্যায়ক সর্বোত্তম বুলি কোৱা হয়৷ কিয়নো প্রাথমিক পর্যায়ত ৰোগ হোৱাৰ আগতে প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰা হয়৷ প্রাথমিক পর্যায়ত ৰোগে সক্রিয় ৰূপ লোৱাৰ কোনো সুযোগেই লাভ নকৰে৷ দ্বিতীয় পর্যায়ত ৰোগবিধে কোনো ব্যক্তিক আক্রান্ত কৰাৰ পিছত যাতে কোনোধৰণৰ জটিলতাৰ সৃষ্টি নহয় বা হ’ব নোৱাৰে তাৰ বাবে প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰা হয়৷ আনহাতে টার্চিয়াৰী প্রতিৰোধী ব্যৱস্থাত আক্রান্ত ব্যক্তিৰ জটিল সমস্যাৰ সৃষ্টি হ’লেও ৰোগীৰ অৱস্থা যাতে আৰু বেয়াৰ ফাললৈ যাব নোৱাৰে তাৰ বাবে প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰা হয়৷
প্রাথমিক প্রতিৰোধী ব্যৱস্থা
যদিহে প্রাথমিক প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰা নহয়, তেতিয়াহ’লে কেৱল যে আক্রান্ত ব্যক্তিৰে ক্ষতি হ’ব তেনে নহয়৷ ডায়েবেটিছত আক্রান্ত ব্যক্তিয়ে চিকিৎসাৰ হেতুকে সময়ৰ কাম সময়ত কৰিব নোৱাৰা হয়৷ নিয়মীয়া কাম কৰাৰ মাজতে স্বাস্থ্যৰক্ষাৰ বাবে সময়মতে ঔষধ খোৱা আৰু খাদ্য গ্রহণ কৰিবলগীয়া হোৱা বাবে তেওঁলোকে স্বচ্ছন্দে কামত মনোনিৱেশ কৰিব নোৱাৰে৷ সেইবাবে ৰোগী আৰু ৰাষ্ট্র উভয়ে অর্থনৈতিকভাৱে ক্ষতিগ্রস্ত হ’ব৷ এই লোকচানৰ হিচাপত অসুখ হৈ চিকিৎসালয়ত থকা অৱস্থাত কামৰ ক্ষতি আৰু চিকিৎসা ব্যয়ো অন্তর্ভুক্ত কৰা হৈছে৷ সেয়ে সকলোৰে লক্ষ্য হোৱা উচিত প্রাথমিক প্রতিৰোধ৷ বিভিন্ন উপায়েৰে প্রাথমিক প্রতিৰোধী ব্যৱস্থা কার্যকৰী কৰাটো সম্ভৱ৷ ইয়াৰ ভিতৰত কোনো যাতে এই ৰোগত আক্রান্ত নহয়, তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিব পাৰি৷ অৱশ্যে এইটো ব্যয়বহুল ব্যৱস্থা৷ বৃহৎ অংকৰ অর্থ ব্যয় কৰি প্রতিগৰাকী ব্যক্তিৰ বাবে এনে ব্যৱস্থা কৰাটো প্রত্যেক ৰাষ্ট্রৰ বাবে সম্ভৱ নহ’বও পাৰে৷ এনে পৰিস্থিতিত কি কৰিব? প্রাথমিক প্রতিৰোধৰ বাবে এইক্ষেত্রত সেইসকল ব্যক্তিক ‘টার্গেট’ কৰি ল’ব লাগিব, যিসকলৰ এনে ৰোগ হোৱাৰ আশংকা থাকে৷
এইখিনিতে শংকাৰ কাৰকবোৰৰ বিষয়ে উল্লেখ কৰিব খুজিছেছা৷ এই কাৰকসমূহৰ বিষয়ে ভালদৰে জনাটো অতিকৈ গুৰুত্বপূর্ণ৷ শংকাৰ কাৰকসমূহক দুটা ভাগত আলোচনা কৰিব পাৰি৷ প্রথমতে এনে কিছুমান শংকাৰ কাৰক আছে যিবোৰ সহজতে পৰিৱর্তন কৰিব পাৰি বা পৰিৱর্তন কৰাটো সম্ভৱ৷ দ্বিতীয়তে, কিছুমান কাৰক আছে যিবোৰ কোনোপধ্যে পৰিৱর্তন কৰিব নোৱাৰি৷ অর্থাৎ পৰিৱর্তন কৰাটো অসম্ভৱ৷ পৰিৱর্তন কৰিব পৰা কাৰকসমূহৰ ভিতৰত শৰীৰৰ অতিৰিক্ত ওজন বা মেদবহুলতা, শাৰীৰিক শ্রমবিমুখতা, খাদ্যাভ্যাস, মানসিক উত্তেজনা, ৰক্তচাপ, তেজত থকা কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি আদি সহজতে পৰিৱর্তন কৰিব পাৰি৷
সুস্থ ব্যক্তি এগৰাকীয়ে স্বাভাৱিক জীৱন–যাপন কৰা আৰু আক্রান্ত হোৱাৰ মাজত থকা স্তৰটোৱেই হ’ল ডায়েবেটিছৰ প্রাক অৱস্থা৷ অর্থাৎ ব্যক্তিগৰাকী আক্রান্ত হোৱা নাই, কিন্তু আক্রান্ত হোৱাৰ প্রৱণতা বৃদ্ধি পোৱা অৱস্থা৷ এই স্তৰত যদি সাৱধানতা অৱলম্বন কৰা হয় বা উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হয়, তেতিয়াহ’লে ব্যক্তিগৰাকীয়ে স্বাভাৱিক জীৱন–যাপন কৰিব পাৰে৷ অথবা ডায়েবেটিছত আক্রান্ত হোৱাৰ সময়ৰ ব্যৱধান বৃদ্ধি কৰিব পাৰি৷ প্রাক ডায়েবেটিক অৱস্থা দুই ধৰণৰ, যেনে– গ্লুক’জৰ বৈষম্যমূলক অৱস্থা বা আই জি টি আৰু বৈষম্যমূলক উপবাসজনিত গ্লুক’জ বা আই এফ জি৷ প্রাথমিক প্রতিৰোধী ব্যৱস্থাত যিবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে, সেইবোৰৰ ক্ষেত্রত অন্যতম হ’ল জীৱন–যাপন শৈলীৰ পৰিৱর্তন কৰা৷
প্রাথমিক পর্যায়ত প্রতিৰোধী ব্যৱস্থাৰে নিবাৰণ কৰিবলৈ যিবোৰ মানুহক লক্ষ্য হিচাপে লোৱা হয়, তেওঁলোকৰ বিশেষ পৰীক্ষাৰ প্রয়োজন৷ লক্ষ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম হ’ল মেদবহুল লোক৷ কেনেকৈ মেদ কমাব পাৰি সেই বিষয়ে ব্যক্তিগৰাকীক বুজোৱা উচিত৷ মেদবহুলতাৰ ক্ষতিকাৰক দিশসমূহ ভালদৰে বুজাই দিব লাগে৷ পৰিয়ালত ডায়েবেটিছ হোৱাৰ ইতিবৃত্তৰ লগতে বংশগত প্রভাৱৰ বিষয়েও জনাব পাৰিলে সুফল পোৱা যায়৷ আনহাতে যিসকল লোক পঁইত্রিশ বছৰৰ ওপৰত আৰু যিসকলৰ ৰক্তচাপৰ লগতে হূদৰোগৰ ইতিহাস আছে, তেওঁলোকৰ এনে সমস্যাৰ সমাধান কৰা উচিত৷ প্রাথমিক পর্যায়ত নিবাৰণৰ বাবে পৰীক্ষাটো হ’ল অৰেল গ্লুক’জ টলাৰেন্স টেষ্ট বা অ’ জি টি টি৷ এনে পৰীক্ষাৰ সময়ত ৭৫ গ্রাম গ্লুক’জ খুৱাই দুঘণ্টাৰ পিছত তেজত গ্লুক’জৰ পৰিমাণ জোখা হয়৷ এই পৰীক্ষাত যদি ১৪০–১৯৯ মিলিগ্রাম/ডেঃ লিঃ পোৱা যায়, তেতিয়াহ’লে ইয়াক আই জি টি বুলি কোৱা হয়৷ অ’ জি টি টি কৰা হয় কিবা খোৱাৰ পিছত৷ আনহাতে খালী পেটতো এনে পৰীক্ষা কৰা হয়৷
প্রাথমিক প্রতিৰোধী পর্যায়তে যদি কিছুমান অভ্যাসৰ পৰিৱর্তন কৰা হয়, তেতিয়াহ’লে এই ৰোগ সহজতে প্রতিৰোধ কৰিব পাৰি৷ যিসকল ব্যক্তিয়ে নিয়মীয়াকৈ চিগাৰেট খায়, মদ্যপান কৰে তেওঁলোকে এনে অভ্যাসৰ পৰিৱর্তন কৰিব লাগে৷ আনহাতে প্রত্যেক ব্যক্তিয়ে শাৰীৰিক পৰিশ্রম কৰিবই লাগিব৷ শাৰীৰিক শ্রম নকৰিলে আমি খাদ্যৰ পৰা অর্জন কৰা কেলৰি অর্জন অনুপাতে ব্যয় নহ’ব৷
যিসকলৰ পৰিশ্রম কৰাৰ সুযোগ নাথাকে তেওঁলোকে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি নিয়মীয়াকৈ নির্দিষ্ট দূৰত্বত খোজকঢ়াৰ লগতে ব্যায়াম আদি কৰা উচিত৷ নিয়মীয়া ব্যায়ামে মেদবহুলতা প্রতিৰোধ কৰে৷ অৱশ্যে বেছি শকত, শ্রম কমকৈ কৰা আৰু বুকুৰ সমস্যাত ভোগাসকলে চিকিৎসকৰ পৰামর্শ লৈহে ব্যায়াম কৰিব লাগে৷ গতিকে পৰোক্ষভাৱে ব্যায়ামো এনে ৰোগ প্রতিৰোধত সহায়ক হয়৷ আনহাতে যদিহে পৰিয়ালত পিতৃ–মাতৃ অথবা আন কোনো সদস্য ডায়েবেটিছত আক্রান্ত, তেতিয়াহ’লে এই ৰোগে আক্রমণ কৰাৰ আগতে প্রাথমিক প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিব লাগে৷ কাৰণ এই ৰোগৰ বংশগত প্রভাৱ বিশেষ মন কৰিবলগীয়া৷ পিতৃ–মাতৃৰ ভিতৰত কোনো এজন আক্রান্ত হ’লে সন্তানে খাদ্য গ্রহণৰ পৰা আৰম্ভ কৰি জীৱন–যাপনৰ শৈলীৰ পৰিৱর্তন কৰালৈকে যদি সাৱধানতা অৱলম্বন নকৰে, তেতিয়াহ’লে ৰোগে আক্রমণ কৰাৰ আশংকা থাকে৷
শৰীৰৰ স্বাভাৱিক ৰক্তচাপৰ তাৰতম্য ঘটিলেও বহুতো ৰোগে আক্রমণ কৰিবলৈ সুযোগ পায়৷ সেয়েহে ৰক্তচাপ নিয়মীয়াকৈ পৰীক্ষা কৰা উচিত৷ তুলনামূলকভাৱে উচ্চ ৰক্তচাপত আক্রান্তসকলৰ এনে প্রৱণতা বেছি৷ ৰক্তচাপ বৃদ্ধিৰ কাৰকসমূহৰ ভিতৰত আকৌ টেনছন বা মানসিক উত্তেজনা অন্যতম৷ গতিকে দৈনন্দিন কাম–কাজ পৰিচালনা কৰোঁতে মানসিক উত্তেজনা পৰিহাৰ কৰা উচিত৷ কিছুমান ঔষধ খালেও তেজত শর্কৰাৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে৷ গতিকে এনে ঔষধ সেৱন কৰিলে যদিহে তেজত শর্কৰাৰ পৰিমাণ বৃদ্ধি পায় তেতিয়াহ’লে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি সেয়া বন্ধ কৰিব লাগে৷ হূদৰোগত আক্রান্তসকলো সতর্ক হ’ব লাগিব৷ অন্যথা বিপদ হোৱাটো নিশ্চিত৷ গর্ভৱতী হোৱাৰ পূর্বে আৰু গর্ভধাৰণৰ পিছত হোৱা ডায়েবেটিছৰ ক্ষেত্রত কিছুমান বিশেষ অৱস্থাৰ সৃষ্টি হোৱা দেখা যায়৷ সাধাৰণতে গর্ভৱতী হোৱাৰ আগৰে পৰা এই ৰোগত আক্রান্ত হ’লে এনে ৰোগৰ প্রভাৱ প্রসৱৰ পিছতো থাকে৷ কিন্তু গর্ভধাৰণৰ পিছত যি ডায়েবেটিছ ৰোগৰ সৃষ্টি হয়, সেয়া প্রসৱৰ লগে লগে নাইকিয়া হয়৷ অৱশ্যে গর্ভাৱস্থাত আৰম্ভ হোৱা ডায়েবেটিছ প্রসৱৰ লগে লগে সমাপ্ত হ’লেও ভৱিষ্যতে কিন্তু পুনৰায় হোৱাৰ প্রৱণতা নাথাকে বুলি নিশ্চয়কৈ ক’ব নোৱাৰি৷ সেয়েহে এনে প্রৱণতা থকাসকল সতর্ক হোৱা উচিত৷