ডিপ্রেছন
- শ্যামলিমা শর্মা, পুষ্টি বিশেষজ্ঞ
ডিপ্রেছন হ’ল এক মানসিক ব্যাধি৷ ইয়াৰ লক্ষণ, প্রকোপ আৰু কিমান সঘনাই হয় তাৰ ভিত্তিত ডিপ্রেছনক মৃদু, মধ্যমীয়া অথবা তীব্র বুলিব পৰা যায়৷
তথ্য অনুসৰি সমগ্র বিশ্বৰ ভিতৰতে ভাৰতবর্ষ হৈছে আটাইতকৈ বিষাদগ্রস্ত দেশ৷National Care of Medical Health-এWHO World Health Organization)ক দিয়া ৰিপ’ট অনুসৰি চহৰ আৰু গাঁও অঞ্চল নির্বিশেষে ভাৰতৰ মুঠ জনসংখ্যাৰ ৬.৫ শতাংশ ব্যক্তি কোনো এক মানসিক ৰোগত আক্রান্ত৷ সমীক্ষা মতে, ভাৰতবর্ষত গড় আত্মহননৰ হাৰ হ’ল প্রতি লাখ ব্যক্তিৰ মাজত ১০.৭জন আৰু ইয়াৰে অধিকাংশৰ বয়স ৪৪ বছৰৰ তলত৷
লক্ষণ ঃ ডিপ্রেছনৰ কেতবোৰ লক্ষণ হ’ল– পূর্বতে কৰি ভাল লগা কামবোৰতো মন নবহা, টোপনি আৰু ভোক লগাত অনিয়মীয়া, দুখ লগা ভাব, বাস্তৱ জগতৰ পৰা সংযোগবিহীন অনুভৱ কৰা, ভাগৰুৱা ভাব, অমনোযোগিতা, নিজকে দোষী বা অযোগ্য বুলি ভবা ইত্যাদি৷ কোনো কোনো সময়ত মনলৈ আত্মহত্যাৰ ভাবো আহিব পাৰে৷
কাৰণ ঃ কেনে ব্যক্তি বিষাদগ্রস্ততাত ভোগে?
যিকোনো ব্যক্তিয়েই বিষাদগ্রস্ততাত ভুগিব পাৰে যদিও পুৰুষৰ তুলনাত মহিলাসকলৰ বিষাদগ্রস্ততাত ভোগাৰ সম্ভাৱনা অধিক৷ ২০১০ চনৰ এক সমীক্ষা মতে, এই হাৰ পুৰুষৰ ক্ষেত্রত ৩.২ শতাংশৰ পৰিৱর্তে মহিলাসকলৰ ক্ষেত্রত ৫.৫ শতাংশ অর্থাৎ মহিলাসকল পুৰুষতকৈ ১.৭ গুণ অধিক বিষাদগ্রস্ততাত ভোগে৷
ইয়াত কোনো দ্বিমত নাই যে ডিপ্রেছনৰ হাৰ ক্রমাৎ বৃদ্ধি পাই আহিছে৷University of London and Warmwickৰ এক সমীক্ষা অনুসৰি বিগত ১২ বছৰত কম বয়সৰ ব্যক্তিৰ ক্ষেত্রত হোৱা ডিপ্রেছনৰ হাৰ দুগুণ বৃদ্ধি পাইছে৷ সততে ডিপ্রেছনৰ কাৰণ মনোবৈজ্ঞানিক বুলি কোৱা হয় আৰু ইয়াক কাউন্সেলিং বা পৰামর্শ প্রদানৰ দ্বাৰা ভাল কৰিব পাৰি বুলি ভবা হয়৷ আন বহুতৰ মতে, ডিপ্রেছন হ’ল এক জৈৱ ৰাসায়নিক ক্রিয়া আৰু সেয়েহে ইয়াক বিষাদগ্রস্ততা প্রতিৰোধী দৰব প্রদানেৰে নিৰাময় কৰিব পাৰি৷ এক তৃতীয় দৃষ্টিভংগী অনুসৰি পৰিপুষ্টিৰ অভাৱ বিষাদগ্রস্ততাত ভোগাৰ এক কাৰণ হ’ব পাৰে৷
দুর্ভাগ্যবশতঃ অতি কম লোকেহে পৰিপুষ্টি আৰু ডিপ্রেছনৰ মাজৰ সম্পর্কৰ বিষয়ে অৱগত৷ আজিকালিৰ কিশোৰ–কিশোৰীৰ মাজত জনপ্রিয় জাংক ফুড বা ফাষ্ট ফুডত বহুবিধ আৱশ্যকীয় পুষ্টি দ্রব্য নাথাকে৷ এনে খাদ্যাভ্যাসৰ ফলত শৰীৰত হোৱা পৰিপুষ্টিৰ অভাৱ বর্ধিত ডিপ্রেছনৰ কাৰণ হ’ব পাৰে৷Nutritional Neuroscience হ’ল এনে এক নতুন বিভাগ, য’ত ব্যক্তিৰ বুদ্ধিমত্তা, ব্যৱহাৰ আৰু আৱেগ–নুভূতিৰ লগত পৰিপুষ্টিৰ সম্পর্কৰ বিষয়ে অধ্যয়ন কৰা হয়৷
বিষাদগ্রস্ততাত ভোগাৰ আন কেতবোৰ কাৰণ হ’ল–
১৷ তেজত শর্কৰাৰ মাত্রা প্রয়োজনতকৈ কম হোৱা৷
২৷ কেতবোৰ দৰবৰ পার্শ্বক্রিয়া৷
৩৷ খং বা আন তেনে আৱেগৰ সঠিক বহিঃপ্রকাশ নঘটি মনত হেঁচি ৰাখিলে৷
৪৷ দীর্ঘদিন ধৰি কোনো জটিল ৰোগত আক্রান্ত ব্যক্তি বিষাদগ্রস্ত হ’ব পাৰে৷
৫৷ গর্ভৱতী মহিলা, ৰজো নিবৃত্তি হোৱা মহিলা বা কেঁচুৱা জন্ম দিয়া মাতৃ সন্তান জন্মাৰ পিছতেই বিষাদগ্রস্ততাত ভুগিব পাৰে৷
মানসিক স্বাস্থ্য বনাম পৰিপুষ্টি ঃ
অধিকসংখ্যক দেশত সততে হোৱা মানসিক ৰোগ হৈছে ডিপ্রেছন, বাইপলাৰ ৰোগ, স্কিজ’ফ্রিনিয়া আৰুOCD Obsessive Compulsive Disorder)৷ বহুবিধ এছীয় আৰু আমেৰিকান দেশৰ সদ্য প্রচলিত খাদ্যাভ্যাসত কিছুমান আৱশ্যকীয় পুষ্টি দ্রব্য যেনে– কেতবোৰ জৰুৰী ভিটামিন, মিনাৰেল আৰু অ’মেগাত ফেটি এছিডৰ অভাৱ দেখা যায়৷ পৰীক্ষাত দেখা মতে মানসিক ৰোগত ভোগা ৰোগীৰ আহাৰতো এনে পুষ্টি দ্রব্যৰ অভাৱ আৰু এনে ৰোগীক এই জৰুৰী পুষ্টি দ্রব্য ওপৰিঞ্চিকৈ দিয়াত তেওঁলোকৰ ৰোগৰ লক্ষণ হ্রাস পোৱা দেখা গৈছে৷
মানৱ শৰীৰত মগজুৰ ক্রিয়া অপৰিসীম৷ দিনটোৰ ২৪ ঘণ্টাই কর্মক্ষম হৈ থকা আমাৰ মগজুৱে আমাৰ চিন্তাধাৰা, চালচলন, উশাহ–নিশাহ, হূদযন্ত্রৰ ক্রিয়া, ইন্দ্রিয়বোৰৰ কার্যকলাপ আদি বিভিন্ন কাম নিয়ন্ত্রণ কৰে৷ এনেবোৰ ক্রিয়াৰ বাবে মগজুক প্রয়োজন হয় সঠিক ইন্ধনৰ আৰু এই ইন্ধন আহৰণ কৰা হয় আমি খোৱা আহাৰৰ পৰা৷ এখন ভাল গাড়ীৰ দৰে আমাৰ মগজুৱেও ভাল মানৰ ইন্ধন পালেহে সঠিকভাৱে কাম কৰিব পাৰে৷ কিন্তু যিদৰে গাড়ীত নিম্নমানৰ ইন্ধন ব্যৱহাৰ কৰিলে ইয়াৰ কর্মক্ষমতা হ্রাস পায়, একেদৰে সঠিক পৰিপুষ্টিৰ অভাৱত মগজুৰ কার্যদক্ষতাও বাধাগ্রস্ত হ’ব পাৰে৷ পূর্বতে চিকিৎসা বিজ্ঞানত এই বিষয়টিক ইমান গুৰুত্ব দিয়া নহৈছিল যদিও এতিয়া মানসিক স্বাস্থ্যৰ লগত থকা পৰিপুষ্টিৰ সম্পর্কৰ কথা বহু পৰীক্ষাই প্রমাণিত কৰিছে৷
বিষাদগ্রস্ততা আৰু আহাৰ ঃ
বিষাদগ্রস্ততাৰ বাবে নির্দিষ্টকৈ নির্ধাৰিত কোনো আহাৰ নাই যদিও এক সঠিক পুষ্টি দ্রব্যসমৃদ্ধ আহাৰে ইয়াৰ প্রতিকাৰৰ ক্ষেত্রত যথেষ্ট সহায় কৰে৷ মানসিক সু–স্বাস্থ্যৰ বাবে আৱশ্যকীয় কেতবোৰ পুষ্টিদ্রব্য হ’ল–
১৷ এণ্টি–ক্সিডেণ্ট ঃ শৰীৰত হোৱা বিভিন্ন ৰাসায়নিক প্রক্রিয়াৰ ফলত উৎপন্ন হোৱা ফ্রী–ৰেডিকেলবোৰে শৰীৰৰ কোষৰ ক্ষয় সাধন কৰি বয়স বৃদ্ধি আৰু আন কেতবোৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ এইবোৰ ফ্রী ৰেডিকেল আমাৰ মগজুৰ প্রতিও ভাবুকিস্বৰূপ৷ যদিও ফ্রী–ৰেডিকেলৰ সৃষ্টি সম্পূর্ণৰূপে ৰোধ কৰিব নোৱাৰি, তথাপি এণ্টি–’ক্সিডেণ্ট সমৃদ্ধ আহাৰ নিয়মীয়াকৈ গ্রহণ কৰি ইয়াৰ বিৰূপ প্রভাৱ যথেষ্ট পৰিমাণে ৰোধ কৰিব পাৰি৷ এই এণ্টি–’ক্সিডেণ্টৰ ভাল উৎস হ’ল–
বিটা কেৰ’টিন ঃ ৰঙা, হালধীয়া বা কমলা ৰঙৰ পাচলি আৰু ফলমূল যেনে– গাজৰ, মিঠা আলু, ৰঙালাউ, আহোম বগৰী, পালেং আৰু আন গাঢ় সেউজীয়া পাচলি, মটৰ, ব্র’ক’লি ইত্যাদি৷
ভিটামিন চি ঃ টেঙা ফল যেনে– কমলা, নেমু, মধুৰি, আঙুৰ, কিৱি আৰু ব্র’ক’লি, ফুলকবি, কেপচিকাম, বিলাহী আদি পাচলি৷
ভিটামিন ই ঃ এলমণ্ড, বাদাম ভেজিটেবল অইল যেনে হুইট জার্ম, চেফ্লাৱাৰ, ক’ন, চ’য়াবিন আদি আৰু সেউজীয়া শাক–পাচলি যেনে– পালেং, ব্র’ক’লি ইত্যাদি৷
২৷ কার্ব’হাইড্রেট ঃ মন প্রফুল্লিত কৰি ৰখা মগজুৰ ৰাসায়নিক দ্রব্য চেৰ’ট’নিনৰ লগত কার্ব’হাইড্রেটৰ সম্পর্ক আছে৷ সেয়েহে আমি গ্রহণ কৰা কার্ব’হাইড্রেটৰ সঠিক নির্বাচন অতি আৱশ্যক৷ সাধাৰণ কার্ব’হাইড্রেট যেনে– চেনি আৰু আন মিঠা খাদ্য, ময়দাৰ পৰা তৈয়াৰী কেক, বিস্কুট আদিৰ পৰিৱর্তে জটিল কার্ব’হাইড্রেটযুক্ত গোটা শস্য আৰু মাহজাতীয় আহাৰ, শাক–পাচলি, ফলমূল আদি অধিক গ্রহণ কৰিব লাগে৷
৩৷ প্র’টিন ঃ প্র’টিনসমৃদ্ধ আহাৰ যেনে– টার্কি, টুনা, মুর্গীৰ মাংস আদিত থকা এমিন’ এছিড ট্রিপট’ফেনে চেৰ’টনিন প্রস্তুত কৰাত সহায় কৰে৷ বিষাদগ্রস্ততাৰ ওপৰত ট্রিপট’ফেনৰ প্রভাৱ অধ্যয়ন কৰা এক পৰীক্ষাত ১৮গৰাকী মহিলাৰ সন্তান জন্ম দিয়াৰ এসপ্তাহৰ ভিতৰত ডিপ্রেছনৰ মাত্রা জোখা হৈছিল৷ এই অধ্যয়নত তেওঁলোকৰ তেজত ট্রিপট’ফেনৰ মাত্রা জোখাত দেখা গ’ল যে আটাইতকৈ বেছি বিষাদগ্রস্ত মাতৃগৰাকীৰ শৰীৰত ট্রিপট’ফেনৰ মাত্রা আটাইতকৈ কম৷
৪৷ ভিটামিন বি কমপ্লেক্স ঃ আন এক অধ্যয়নত ১৫গৰাকী ডিপ্রেছনত ভোগা গর্ভৱতী মহিলাৰ ক্ষেত্রত তেজত ভিটামিন বি৬বা পাইৰিড’ক্রিনৰ মাত্রা কম পোৱা গৈছিল৷ এইবিধ ভিটামিনৰ মানুহৰ মুড ভাল কৰা আৰু ডিপ্রেছনৰ লক্ষণ হ্রাস কৰাৰ গুণ আছে বুলি ভবা হয়, কাৰণ এই ভিটামিনে স্নায়ৱিক সংকেতবাহী নিউৰ’ট্রান্সমিটাৰ যেনে– চেৰ’ট’নিন, ড’পামিন, আৰু গামা এমিন’বিউটাৰিক এচিড GABA) প্রস্তুত কৰাত সহায় কৰে৷ পাইৰিড’ক্রিনে তেজত এক এমিন’ এচিড হ’ম’ছিছটিনৰ অধিক মাত্রা নিয়ন্ত্রণত সহায় কৰে, যি বিষাদগ্রস্ততা আৰু আন মানসিক ব্যাধিৰ কাৰণ হ’ব পাৰে বুলি ভবা হয়৷ এইবিধ ভিটামিনৰ উৎস হ’ল– মাংস, টুনা, মাছ, টফু, ক’ল, গোটা শস্যজাতীয় খাদ্য যেনে– অ’টমিল, ব্রাউন ৰাইচ, কণী, চয়াবিন, পাচলি আদি৷ মেডিটেৰেনিয়ান আহাৰ বি ভিটামিনৰ ভাল উৎস৷ এই আহাৰ মাছ, ফলমূল, পাচলি, বাদাম আৰু গোটা মাহ/শস্যজাতীয় খাদ্যসমৃদ্ধ৷
৫৷ অ’মেগা– ৩ ফেটি এচিড ঃ এইবিধ ফেটি এচিডে মগজুৰ কোষবোৰ সংযোগত সহায় কৰাৰ লগতে মগজুৰ স্নায়ৱিক সংকেত গ্রহণ কৰা সিৰসমূহক সবল কৰাত সহায় কৰে৷ সেয়েহে নিয়মিত সঠিক মাত্রাত অ’মেগা–৩ ফেটি এচিড গ্রহণ কৰি মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰাখিব পাৰি৷ যিহেতু এইবিধ ফেটি এচিড কেন্দ্রীয় স্নায়ুতন্ত্রৰ সঠিক ক্রিয়াৰ বাবে আৱশ্যকীয়, সেয়েহে ইয়াৰ অভাৱত বিষাদগ্রস্ততা, বুদ্ধিমত্তা হ্রাস পোৱা, হতাশা আদি লক্ষণ দেখা দিব পাৰে৷
অ’মেগা–৩ ফেটি এচিডৰ ভাল উৎস হ’ল– অধিক তেলযুক্ত মাছ, যেনে– চেলম’ন, মেকাৰেল, ট্রাউট, চাৰডিন, টুনা আদি মাছ ফ্লেক্রচিড, কেন’লা, চয়াবিন আদি তেল আখৰোট, গাঢ় সেউজীয়া পাচলি আদি৷
৬৷ ভিটামিন– ডি ঃ শৰীৰত ভিটামিন–ডিৰ অভাৱ থকা ব্যক্তিৰ বিষাদগ্রস্ততাত ভোগাৰ সম্ভাৱনা অধিক বুলি কোৱা হয়৷ ট’ৰ’ণ্ট’ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে কৰা এক পৰীক্ষাত দেখা গৈছিল যে বিষাদগ্রস্ততা বিশেষকৈSeasonal affective disorderত ভোগা ৰোগীৰ শৰীৰত যেতিয়া শীতকালৰ তুলনাত বসন্ত আৰু গ্রীষ্মকালত ভিটামিন ডিৰ মাত্রা বৃদ্ধি পালে তেতিয়া ৰোগৰ লক্ষণো হ্রাস পাবলৈ ধৰিলে৷ আমি জানো যে সূর্যৰ ৰশ্মিৰ প্রভাৱত শৰীৰত ভিটামিন–ডি প্রস্তুত হয়৷ এজন ব্যক্তিয়ে কিমান সময় সূর্যৰ তাপ ল’ব লাগে সি নির্ভৰ কৰে বতৰ আৰু থকা ঠাইৰ জলবায়ুৰ ওপৰত৷ তদুপৰি গাৰ ছালৰ ৰঙো এইক্ষেত্রত প্রভাৱশালী৷ গাৰ ছালৰ ৰং পাতলীয়া ব্যক্তিৰ শৰীৰে অধিক ভিটামিন–ডি প্রস্তুত কৰিব পৰাৰ বিপৰীতে অধিক মেলানিনযুক্ত গাঢ় ছালৰ ব্যক্তিয়ে ভিটামিন–ডি কম মাত্রাত তৈয়াৰ কৰিব পাৰে৷ সেয়েহে ব্যক্তি আৰু স্থান বিশেষে দৈনিক ১৫ মিনিটৰ পৰা ২ ঘণ্টালৈকে সূর্যৰ ৰশ্মি ছালত পৰিলে এই ভিটামিনৰ চাহিদা পূৰণ হয়৷ ইয়াৰ বাদেও আহাৰত ডি ভিটামিনৰ উৎস হ’ল চেলম’ন, মেকেৰেল বা আন তেলাল মাছ, মাছৰ লিভাৰৰ তেল, মাংস আদি৷ নিৰামিষ ভোজী ব্যক্তি এই ভিটামিনৰ অভাৱত ভোগাৰ শংকা অধিক৷ সেয়েহে এনে লোক সচেতন হোৱা আৱশ্যক৷
৭৷ চিলিনিয়াম ঃ এজন প্রাপ্তবয়স্ক ব্যক্তিক চিলিনিয়ামৰ দৈনিক প্রয়োজন হ’ল ৫৫ মাইক্র’গ্রাম৷ গৱেষণাৰ দ্বাৰা দেখা গৈছে যে এইবিধ পুষ্টি দ্রব্যৰ মগজু ক্রিয়া আৰু বিষাদগ্রস্ততাৰ লগত সম্পর্ক আছে৷ বিষাদগ্রস্ত ব্যক্তিক উপৰিঞ্চি চিলিনিয়াম প্রদানৰ দ্বাৰা সুফল পাব পাৰি বুলি বিশ্বাস কৰা হয়৷ চিলিনিয়ামৰ ভাল উৎস হ’ল– বিন, মটৰ, আদি মাহজাতীয় খাদ্য, কম চর্বিযুক্ত মাংস, কম চর্বিযুক্ত গাখীৰৰ পৰা তৈয়াৰী আহাৰ, বাদাম আৰু কেতবোৰ বীজ, সাগৰীয় মাছ, কেঁকোৰা, আন মাছ, গোটা শস্যজাতীয় আহাৰ৷
৮৷ মেগনেছিয়াম ঃ ই এক অতি উপকাৰী খনিজ লৱণ, যি মানসিক চাপ তথা বিষাদগ্রস্ততা দূৰ কৰাত সহায় কৰে৷ ইয়াৰ উৎস হ’ল সেউজীয়া শাক–পাচলি যেনে– পালেং, মটৰ, বিন, বাদাম, এলমণ্ড, ৰঙালাউ, স্কাচ আদি বীজ, কল, এডকেড, কম চর্বিযুক্ত গাখীৰৰ পৰা তৈয়াৰী আহাৰ, টুনা আদি৷
৯৷ জিংক ঃ জিংকে শৰীৰৰ ৰোগ প্রতিৰোধক ক্ষমতা সবল কৰে আৰু সেয়েহে ই হতাশা দূৰ কৰাত সহায়ক বুলি ভবা হয়৷ কিছুমান পৰীক্ষাত দেখা গৈছে যে বিষাদগ্রস্ততাত ভোগা ব্যক্তিৰ শৰীৰত জিংকৰ মাত্রা স্বাভাৱিকতকৈ কম থাকে৷ জিংকৰ উৎস হ’ল– গোটা শস্য, মাংস, বিন, বাদাম, ৰঙালাউৰ বীজ আদি৷
১০৷ প্র’বায়’টিকছ ঃ আমাৰ পেটত থকা প্র’বায়’টিকে পেট আৰু মগজুৰ লগত দুয়ো পিনৰ পৰা যোগাযোগ বর্তাই ৰখাত এক জৰুৰী ভূমিকা পালন কৰে৷ বিষাদগ্রস্ততাত ভোগা ব্যক্তিৰ ক্ষেত্রত প্র’বায়’টিকৰ প্রয়োজনীয়তা আছে বুলি বিশ্বাস কৰা হয়৷ মনোবৈজ্ঞানিক আৰু পৰিপুষ্টি বিশেষজ্ঞসকলৰ মতে নিয়মিতভাৱে প্র’বায়’টিক গ্রহণ কৰিলে বিষাদগ্রস্ততা আৰু উদ্বিগ্ণতাৰ পৰা বহুখিনি সকাহ পাব পৰা যায়৷ প্র’বায়’টিক হ’ল কিছুমান জীৱিত অণুজীৱ, যাক গ্রহণৰ দ্বাৰা শৰীৰৰ বহু লাভ হয়৷ ই পাচন শক্তি উন্নত কৰাৰ লগতে বিষাদগ্রস্ততাৰ লক্ষণ হ্রাস কৰে আৰু হূদযন্ত্রৰ স্বাস্থ্য ভাল ৰাখে৷ ই ছালৰ উজ্জ্বলতা বঢ়ায় বুলিও বিশ্বাস কৰা হয়৷ বজাৰত আজিকালি বিভিন্ন প্র’বায়’টিকৰSupplement উপলব্ধ যদিও কিছুমান নির্দিষ্ট আহাৰৰ পৰা ইয়াক পাব পাৰি৷ দৈ হ’ল প্র’বায়’টিকৰ উত্তম উৎস৷ ইয়াৰ বাদেও আন আন প্র’বায়’টিক হ’ল গৰু–ছাগলীৰ গাখীৰৰ পৰা তৈয়াৰীKefir, বন্ধাকবি ফাৰমেণ্ট কৰি তৈয়াৰ কৰাSawerbrant, চয়াবিন ফাৰমেণ্ট কৰি বনোৱাTempeh, বন্ধাকবি বা আন পাচলিৰ পৰা তৈয়াৰীKimchi, জাপানত প্রচলিতMiso, চাহজাতীয় পানীয়Kombucha, জাপানৰ জনপ্রিয়Natto, তিঁয়হৰ পৰা তৈয়াৰী আচাৰজাতীয়Gherkins, চানাৰ পানী, কেতবোৰ চিজ ইত্যাদি৷