আজি কিছুদিনৰ পৰা পুৱা শোৱাৰ পৰা ডঠিলেই মনটো ভয়, শংকা আৰু ডত্তেজনাৰে ভৰি পৰে অণিমাৰ৷ বিছনাৰ পৰা ডঠি গৈ বাথৰুমত সোমাই বেছিনৰ ওপৰত থকা আইনাৰ সন্মুখত ৰৈ দাঁত–মুখ ধুবলৈ বুলি ষ্টেম্ডৰ পৰা টুছব্রাছডাল হাতত ল’লেই এই ডত্তেজনাই চৰম সীমা পায়গৈ৷ কাৰণটো হৈছে কিছুদিনৰে পৰা অণিমাৰ দাঁত ঘঁহিলেই দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, প্রথমতে এটা–দুটা নির্দিষ্ট দাঁতৰ পৰা তেজ ওলাইছিল, কিন্তু বর্তমান তাই মন কৰিছে যে প্রায় সকলো দাঁতৰ গুৰিয়েদিয়েই তেজ ওলায়৷ এই ভয়তে তাই দুদিনমান দাঁত ব্রাছ কৰাই বন্ধ কৰিছিল৷ কিন্তু ব্রাছ নকৰিলে মুখখন খুব বেয়া লাগে আৰু বেয়া গোন্ধায়৷ তদুপৰি আজিকালি দাঁত ঘঁহিলে বা ব্রাছ কৰিলে ওলোৱাটো বাদেই, জোৰেৰে শোহা মাৰি দিলে বা কিবা বস্তু চুহি খালে বা টান খাদ্যবস্তু কামুৰি চোবালেও দাঁতৰ গুৰিৰ পৰা তেজ ওলায়৷ কিবা বেয়া বেমাৰ হোৱাৰ আশংকাত বেছ দুশ্চিন্তাত ভুগিছে তাই৷ ঘৰৰ আনবোৰেও কথাটো জানিব পাৰি পলম নকৰি ডাক্তৰৰ পৰামর্শ লোৱাটো ডচিত হ’ব বুলি বিবেচনা কৰিলে৷ বেমাৰটো কোন বিষয়ৰ ডাক্তৰক দেখুৱালে ভাল হ’ব, থিৰাং কৰিব নোৱাৰি স্থানীয় নার্ছিং হোমখনত মেডিচিনৰ ডাক্তৰজনকে দেখুৱাটো ঠিক কৰি আবেলি পৰত অণিমা স্বামী কমলৰ সৈতে গৈ নার্ছিং হোম পালেগৈ৷ ডাক্তৰজনে তাইৰ সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰিলে যদিও তাইৰ প্রধান অসুবিধাটোৰ বাবে এজন দন্ত চিকিৎসকক দেখুৱাবলৈ ডপদেশ দিলে৷ সেইমতে অণিমাই তেতিয়াই গৈ চাৰিআলিত বহা দন্ত চিকিৎসকগৰাকীৰ ওচৰ পালে৷ তাইৰ অসুবিধাটোৰ থূলমূল আভাস এটা লৈ ডেণ্টেল চেয়াৰত বহাই ভালদৰে অণিমাৰ দাঁত–মুখ পৰীক্ষা কৰাৰ পিছত চিকিৎসকজনে মাৰি বা আলুৰ ৰোগৰ বাবে দাঁতৰ গুৰিয়েদি তেজ ওলাইছে বুলি তাইক জনালে৷ তাইৰ চকুৰ প্রশ্ণবোধক চাৱনি আৰু ডৎসুক মনৰ ডমান পাই তাই যে কথাটো ভালদৰে বুজা নাই, ডাক্তৰে বুজিব পাৰিল৷ অণিমাৰ মুখত প্রতিফলিত ডদ্বিগ্ণতাৰ ডপশম ঘটাবলৈ ডাক্তৰে তাইক তলৰ কথাখিনি সংক্ষেপে বুজাই দিলে৷
দুপাৰি সুস্থ সুগঠিত, সমান, চিক্চিকীয়া বগা দাঁত আৰু সুগঠিত পাতল গুলপীয়া ৰঙৰ দাঁতৰ মাৰি বা আলু নিৰোগী মুখগহ্বৰৰ পৰিচায়ক৷ যদিও অকণমান সচেতনতা আৰু কিছু যতনে মুখগহ্বৰক ৰোগমুক্ত কৰি ৰখাত যথেষ্ট সহায় কৰে, তথাপি মুখগহ্বৰ ভালদৰে পৰিষ্কাৰ কৰি নৰখাৰ ফলতে শতকৰা ৮০ ভাগে মানুহেই দাঁত–মুখৰ ৰোগত আক্রান্ত হোৱা দেখা যায়৷
দাঁত–মুখৰ সাধাৰণতে হোৱা দুবিধা ৰোগ হ’ল– (১) দন্তক্ষয় আৰু (২) দাঁতৰ আলু বা মাৰিৰ ৰোগ, দাঁতৰ মাৰি বা আলুৰ ৰোগক পর্যায়ক্রমে ‘জিঞ্জিবাইটিছ’ বা ‘পেৰি’ডণ্টাইটিছ’ বা সর্বসাধাৰণ লোকে দাঁতৰ আলু বা মাৰিৰ ৰোগক ‘পায়েৰিয়া’ বুলিও কয়৷ যি কাৰণতেই নহওক, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাটো দাঁতৰ গুৰি বা মাৰিৰ ৰোগৰ সাধাৰণ লক্ষণ৷ বহু মানুহৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা যায়৷ বিশেষকৈ দাঁত ঘঁহিলে বা ব্রাছ কৰিলে, জোৰেৰে শোহা মাৰিলে, টান বস্তু কামোৰ মাৰিলে বা চোবালে দাঁতৰ গুৰিৰ পৰা তেজ ওলায়৷ দাঁতৰ গুৰিৰ পৰা ৰক্তক্ষৰণ হোৱাটো বেমাৰৰ প্রতিফলন৷
দুটা কাৰণত দাঁতৰ মাৰিৰ পৰা তেজ ওলাব পাৰে– (ক) স্থানীয় কাৰণ, যেনে– দাঁতৰ আলু বা মাৰিৰ কোনো বেমাৰ বা আঘাতৰ বাবে৷ (খ) আভ্যন্তৰীণ কাৰণ বা শৰীৰৰ ভিতৰুৱা বেমাৰৰ কাৰণে৷
দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাৰ সাধাৰণ কাৰণটো হ’ল দাঁতৰ মাৰিৰ বেমাৰ৷ দাঁতৰ মাৰিৰ বেমাৰ বুলিলে সাধাৰণতে জিঞ্জিবাইটিছ ৰোগকে বুজায়৷ এই ৰোগ হ’লে দাঁতৰ মাৰি ফুলি ডঠে, মুখ গোন্ধায় আৰু মাৰিৰ পৰা তেজ ওলায়৷ অপৰিষ্কাৰ মুখগহ্বৰ জিঞ্জিবাইটিছ বা পেৰি’ডণ্টাটিছ ৰোগৰ অন্যতম কাৰণ৷ আমাৰ মুখগহ্বৰ অসংখ্য জীৱাণুৰ এটি ভঁৰাল৷ সাধাৰণ অৱস্থাত ইহঁতে মুখপেশীৰ একো অনিষ্ট নকৰে, কিন্তু যদিহে আমাৰ মুখগহ্বব অপৰিষ্কাৰ হয়, আৰু দাঁত–মুখত খোৱা খাদ্যৰ অৱশেষবোৰ লাগি থাকে, তেতিয়া এই জীৱাণুবোৰে সিহঁতৰ লগ লাগি দাঁত মুখৰ ওপৰত এখন লেকেটীয়া স্বচ্ছ চামনি তৈয়াৰ কৰে, যাক ডেণ্টেল বা বেক্টেৰিয়েল প্লাক বুলি কোৱা হয়৷ ইয়েই হৈছে দাঁত আৰু মাৰিৰ ৰোগৰ প্রধান কাৰণ৷ সময়ৰ লগে লগে বেক্টেৰিয়েল প্লাকৰ ৰাসায়নিক পৰিৱর্তন ঘটি একপ্রকাৰৰ কঠিন পদার্থ টার্টাৰ বা কেলুকলাছৰ সৃষ্টি হয়৷ দাঁতৰ গুৰিত টার্টাৰ বা কেলকুলাছ জমা হ’লে দাঁতৰ মাৰিৰ সংক্রমণ হয়, দাঁতক আৱৰি ৰখা কলা বা মাংসপেশী ঢ়িলা হৈ পৰে, দাঁতৰ মাৰি বহি যায় বা সংকুচিত হৈ পৰে৷ দাঁতৰ মাৰিত যেতিয়া সংক্রমণ হয়, তেতিয়া তাত থকা তেজ চলাচলকাৰী সিৰা–ডপসিৰাবোৰ পাতল আৰু মিহি হৈ পৰে৷ দীর্ঘদিন ধৰি আলুৰ ৰোগত ভুগি থাকিলে দাঁতৰ মাৰি ৰঙা পৰি ফুলি ডঠে আৰু দাঁতৰ মাৰিত অকণমান হেঁচা লাগিলেই তেজ ওলায়৷
তদুপৰি খেলা–ধূলা, আকস্মিক দুর্ঘটনা, নতুবা টুথব্রাছ বা তেনেধৰণৰ আহিলাৰ দ্বাৰা যদি দাঁতৰ মাৰি বা আলু আঘাতপ্রাপ্ত হয়, তেতিয়া ৰক্তক্ষৰণ হ’ব পাৰে৷ কেতিয়াবা গৰম খাদ্যবস্তু বা পানীয় গ্রহণ কৰিলে, কেতিয়াবা কিছুমান চোকা ৰাসায়নিক দ্রব্যৰ বাবে যদি দাঁতৰ মাৰি বা আলু পুৰি যায়, তেতিয়াও তেজ ওলাব পাৰে৷ দাঁতৰ আলু বা মাৰিত ঘা আদি হ’লেও দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে৷
শৰীৰ কিছুমান আভ্যন্তৰীণ বেমাৰৰ কাৰণেও দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে৷ ৰক্তহীনতাকে ধৰি শৰীৰৰ তেজ চলাচল তন্ত্রৰ আসোঁৱাহ থাকিলে গুৰিৰ পৰা তেজ ওলাব পাৰে৷ শৰীৰৰ তেজ গোট মৰা প্রক্রিয়াৰ বেমেজালি হ’লে, যেনে– হিমফিলিয়া, লিডকেমিয়া, ক্রিছমাছ ডিজিজ আদিত দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে৷ কেতিয়াবা কিছুমান ঔষধ যেনে–Salicy-lates, Dicumarol, Heparin আদিৰ সেৱনৰ ফলতো দাঁতৰ গুৰিৰ পৰা তেজ ওলাব পাৰে৷
হৰম’নৰ তাৰতম্যৰ ফলতো দাঁতৰ মাৰিৰ পৰা তেজ ওলাব পাৰে৷ গর্ভাৱস্থাত, যুৱাৱস্থাত, মাহেকীয়া ঋতু বন্ধৰ সময়ত, ডায়েবেটিছ বা থাইৰয়ডৰ বেমাৰ হ’লে, হৰম’নৰ অসামঞ্জস্যৰ বাবে দাঁতৰ মাৰি সহজে সংক্রমণ হয় আৰু দাঁতৰ গুৰিৰ পৰা তেজ ওলায়৷
যি কাৰণতেই নহওক কিয়, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাটো অস্বস্তিকৰ আৰু চিন্তনীয় বিষয়৷ গতিকে হেলা নকৰি সঠিক সময়ত চিকিৎসকৰ পৰামর্শ লোৱা ডচিত৷ বেমাৰৰ কাৰণ অনুযায়ী চিকিৎসা কৰিলে সুফল পোৱা যায়৷