নাকৰ যতন
আঙুলিৰে নাক খজুৱাই থকাটো বদ্ অভ্যাস৷
নাকত কাপোৰ, কাগজ বা তেনে কোনো বস্তু সুমুৱাই সুৰসুৰাই দি হাঁচি মাৰিবলৈ চেষ্টা কৰা অনুচিত৷
ধূমপান পৰিহাৰ কৰিব লাগে৷
হাঁচি মাৰিবৰ সময়ত ৰুমালেৰে নাক ঢ়াকি ৰাখিব লাগে৷ খোৱা টেবুলত হাঁচি আহিব খুজিলে পৰাপক্ষত একাষৰীয়াকৈ উঠি যাব লাগে অথবা ৰুমাল ব্যৱহাৰ কৰিব লাগে৷
ধূলি–ধোঁৱাৰে পৰিপূর্ণ পৰিৱেশত নাকত কাপোৰৰ আৱৰণী ল’ব লাগে৷
দ্রুতবেগী বাহনত গ’লে মুখত কাপোৰৰ আৱৰণী ল’ব লাগে৷
শৰীৰ দুর্বল কৰা ৰোগত ভুগি থাকিলে নাকত কাপোৰৰ আৱৰণী লগাব লাগে৷
প্রচুৰ পানী খাব লাগে৷
নাক বন্ধ হ’লে জধে–মধে নাকত দ্রপ বা ইনহেলাৰ ব্যৱহাৰ কৰা অনুচিত৷
শিশুৱে মুখেৰে উশাহ ল’লে নাকৰ পৰীক্ষা কৰিব লাগে৷ এডিনইড বাঢ়িব পাৰে৷
প্রচণ্ড শীতত নাকৰ ভিতৰখন শুকাই ফাটি কেতিয়াবা নাকেৰে তেজ ওলাব পাৰে৷ এইটোত বেছি ভয় খাব নালাগে৷ সামান্য ওপৰলৈ মূৰ কৰি শুব লাগে৷ প্রয়োজনত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব৷