নিজে নিজৰ চিকিৎসা নকৰিব
- ডাঃ ৰাজীৱ লোচন শর্মা
কেইদিনমান আগতে দূৰণিবটীয়া বিয়া এখনলৈ গৈছিলোঁ৷ বাছত খিৰিকীৰ কাষৰ আসনত বহি চকু মুদি গৈ আছেছা একান্তমনে৷ হঠাতে কাণত পৰিল ওচৰতে বহা মানুহ দুজনৰ কথোপকথন৷ এনেয়ে হ’লে মন নকৰিলোঁহেঁতেন, কিন্তু ডাক্তৰ আৰু ঔষধ শব্দকেইটা শুনি কিনো কথা শুনিবৰ মন গ’ল৷ কথাখিনি আছিল এনেধৰণৰ– বৰুৱা কেইবাদিনো কামলৈ অহা নাই, কি কথা৷ ইজনে মাত লগালে– ঘৈণীয়েকৰ মাজতে বৰ বিপদ গ’ল নহয়৷ কি বিপদনো– আনজনে সুধিলে৷ কেইদিনমান পাৰ হৈছিল হেনো৷ ওচৰৰে ফার্মাচীৰ পৰা ঔষধ কিনি খালে, কাকো নোসোধাকৈ৷ তাতেই লাগিল জগৰ৷ ইমান ৰক্তক্ষৰণ হ’ল যে নার্ছিং হোমত ভর্তি কৰালে৷ দুবটল তেজো দিলে৷ বহু টকা খৰচ কৰিলে৷
কথাখিনি শুনি মনটো বৰ বেয়া লাগিল৷ আজিৰ দিনতো এনেকুৱা হ’ব লাগেনে৷ মানুহে চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ ইমান পর্াশ্বক্রিয়া থকা ঔষধ কিয় খাব লগাত পৰে? ছেল্ফ মেডিকেচন কিমান ভয়াৱহ হ’ব পাৰে ভুক্তভোগীয়েহে জানে৷
ছেল্ফ মেডিকেচন মানে এনে কিছুমান ঔষধ– যি ৰোগী এজনে নিজে বা ঘৰৰ মানুহে, বেমাৰৰ লক্ষণ চিনাক্ত কৰি তাৰ পৰা নিৰাময় বা পৰিত্রাণ পাবৰ বাবে ব্যৱহাৰ কৰে৷ ইয়াত ‘নিজে নিজৰ বেমাৰৰ লক্ষণ চিনাক্তৰণ’ বাক্যটো মন কৰিবলগীয়া৷ যদিহে চিনাক্তৰণ সঠিক নহয় বা ভুল হয়, তেতিয়াহ’লে গোটেই প্রক্রিয়াটোতেই আউল লাগে, তাৰ ফল ভোগ কৰে ৰোগীজনে৷
ছেল্ফ মেডিকেচনৰ সুবিধা–সুবিধা দুয়োটাই আছে৷ ইয়াৰ সুবিধাসমূহ হ’ল– (ক) প্রকৃত ঔষধ ব্যৱহাৰ কৰি সোনকালে বেমাৰৰ পৰা নিবৃত্তি পোৱা, (খ) হাততেই ব্যৱহাৰৰ বাবে ঔষধ পোৱাটো, (গ) বেমাৰৰ ক্ষেত্রত নিজৰ দায়বদ্ধতা বৃদ্ধি, ইয়াৰ ফলত নিজৰ স্বাস্থ্যৰ যতনৰ ক্ষেত্রত নিজৰ দায়িত্বৰ প্রতি ৰোগীজন যথেষ্ট সজাগ হোৱা পৰিলক্ষিত হয়, (ঘ) সৰু–সুৰা বেমাৰৰ বাবে ডাক্তৰৰ ওচৰত ভিৰ কৰাটো কমি যায়, যাৰ ফলত ডাক্তৰসকলে টান ৰোগীৰ চিকিৎসাত সৰহ সময় কটাব পাৰে, (ঙ) চৰকাৰৰ স্বাস্থ্য শিতানত ধার্য কৰা খৰচ কমি যোৱা, কাৰণ সৰু–সুৰা অসুখত ডাক্তৰৰ ওচৰলৈ নগৈ নিজে নিজে ঔষধ ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ কামৰ বোজা কমি যায়, লগতে খৰচৰ মাত্রাও৷
ছেল্ফ মেডিকেচনৰ অসুবিধা অনেক, কেতিয়াবা ভয়াৱহ হৈ ৰোগীজনৰ জীৱন বিপদাপন্ন কৰি তুলিব পাৰে, যেনে– কৰ প্রকৃত ৰোগ নির্ধাৰণ কৰাত ৰোগীজন কিমান সফল হ’ব পাৰিছে, (খ) প্রকৃত ৰোগ নির্ধাৰণ কৰিব নোৱাৰা বাবে ডাক্তৰৰ ওচৰলৈ যোৱা সময় বহু পিছুৱাই যায়, যাৰ ফলত ৰোগীজনৰ চিকিৎসাত পলম হয়– যাৰ বিৰূপ প্রভাৱ ৰোগীজনৰ ওপৰত পৰে, (গ) ঔষধৰ পর্াশ্বক্রিয়া– যিয়ে বহুতো ৰোগীৰ আনকি মৃত্যুৰ কাৰণ হ’ব পাৰে, ঘৰ এটাৰ লগত আনটো ঔষধৰ ইণ্টাৰ এক্চন বা ঘাত–প্রতিঘাত, (ঙ) প্রতিপালি ঔষধ সেৱনৰ মাত্রাৰ তাৰতম্য, ঔষধৰ পৰিমাণ, খোৱাৰ নিয়ম বা সময়ৰ ব্যৱধান ৰোগ উপশমৰ বাবে অতি দৰকাৰী৷ নিজে নিজৰ ঔষধ ব্যৱহাৰ কৰিলে ইয়াৰ তাৰতম্য হোৱাই স্বাভাৱিক, যাৰ কু–ফল ৰোগীজনৰ দেহত পৰে, (চ) কি অসুখত কি দৰব খাব লাগে তাৰ সঠিক মূল্যায়ন নহ’লে বিপদ অনিবার্য, (ছ) ঔষধৰ প্রতি আসক্তি বাঢ়ি ই এটা ব্যাধিত পৰিণত হ’ব পাৰে৷ টোপনিৰ ঔষধ, নানা ধৰণৰ কাহৰ ঔষধ এনে উদাহৰণ৷ ড্রাগ্ছৰ প্রতি আসক্তি বা নিচাযুক্ত ঔষধৰ প্রতি গঢ়ি উঠা আসক্তি ছেল্ফ মেডিকেচনৰ কু–ফল৷
বাতৰিকাকত বা বিভিন্ন ধৰণৰ প্রচাৰ মাধ্যমত প্রচাৰিত বা প্রকাশিত এনেধৰণৰ ঔষধৰ ভাল আৰু বেয়া দুয়োটা দিশেই থাকে৷ উদাহৰণ স্বৰূপে ক’ব পাৰি ডায়েৰীয়াত ব্যৱহাৰ কৰা চর্বত পানী বা অ’ আৰ এছ বা ইলেক্ট্রল৷ ঘৰতে বনাই চর্বত পানী বা অ’ আৰ এছ ব্যৱহাৰ কৰি বহুতো শিশুক পেটচলা বা ডায়েৰীয়া ৰোগৰ পৰা সুস্থ কৰি তুলিব পাৰি৷ এনেক্ষেত্রত চিকিৎসকৰ পৰামর্শ লোৱাত পলম হ’লেও শিশুটিৰ একো অপকাৰ নহয়৷ পুৰুষ আৰু মহিলাসকলে ব্যৱহাৰ কৰা বিভিন্নধৰণৰ জন্ম নিৰোধক আহিলা বা ঔষধ ইলেক্ট্রনিক প্রচাৰ মাধ্যমৰ পৰাই আয়ত্ত কৰিব পাৰি৷ পৰিয়াল সীমিত বা পৰিকল্পনা কৰাত ই যথেষ্ট অৰিহণা যোগাই আহিছে৷ সাধাৰণতে দেখা এনেধৰণৰ বিজ্ঞাপনবিলাকত ঔষধ ব্যৱহাৰৰ পর্াশ্বক্রিয়াসমূহ উল্লেখ কৰাটো চকুত নপৰে৷ উদাহৰণ স্বৰূপে ইমাৰজেন্সী বা আকস্মিক গর্ভনিৰোধৰ কথাকে উনুকিয়াব পাৰি৷ আকস্মিক গর্ভনিৰোধক টেবলেট খোৱাৰ ৩–৪ দিনৰ পিছত মহিলাগৰাকীৰ ৰক্তক্ষৰণ হ’ব পাৰে৷ কেতিয়াবা এই ৰক্তক্ষৰণ ইমান বেছি হয় যে আন দৰব দিব লগাত পৰে৷ এই ৰক্তক্ষৰণৰ বিষয়ে আগতীয়া সতর্কীকৰণ বিজ্ঞাপনবোৰত উল্লেখ কৰা দেখা নাযায়৷ বিজ্ঞাপনত ইয়াৰ অন্তর্ভুক্তিয়ে নিশ্চয় ৰোগীসকলক সকাহ দিব৷
আজিকালি গর্ভপাতৰ বাবে বহুতো সহজলভ্য দৰব ওলাইছে৷ এই দৰববোৰ চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ খোৱা অনুচিত৷ ফার্মাচী বা দৰব বিক্রেতাসকলে চিকিৎসকৰ প্রেছক্রিপচন বা নিদান–পত্র নোহোৱাকৈ ৰোগীসকলক এনে দৰব কেতিয়াও যোগান ধৰিব নালাগে৷ প্রকৃতার্থত ইয়াৰ ওলোটা ছবিহে দেখা যায়৷ দুই–এজন দৰব বিক্রেতাৰ বাহিৰে প্রায়ভাগে এনে দৰব ৰোগীৰ মুখৰ কথাতেই দি দিয়ে৷ ইয়াৰ কাৰণ দৰব বেচি পোৱা অধিক মুনাফা৷ ফলত সঠিক মতে ব্যৱহাৰ নকৰি ৰোগীসকল বিপদত পৰে, লগতে চিকিৎসকসকলকো বিপদত পেলায়৷ আৰম্ভণিতে উল্লেখ কৰা ঘটনাটো তাৰেই প্রতিফলন৷
দৰব ব্যৱহাৰ কৰি গর্ভপাত কৰোৱাৰ সময়সীমা শেষ মাহেকীয়া হোৱাৰ ৪৮ দিনৰ ভিতৰত৷ ইয়াৰ ভিতৰত ব্যৱহাৰ কৰিলে ৯৫ শতাংশ মহিলাৰ সুফল গর্ভপাত হয়৷ কিন্তু দৰব ব্যৱহাৰ কৰিব পাৰিব চিকিৎসকৰ পৰামর্শ মতেহে, নিদান–পত্র অনুযায়ী৷ চিকিৎসকজনে ৰোগীগৰাকীক পৰীক্ষা কৰি, ইয়াৰ ব্যৱহাৰ, ব্যৱহাৰৰ নিয়ম, মহিলাগৰাকীৰ লিখিত সন্মতি–পত্রত স্বাক্ষৰ, পর্াশ্বক্রিয়া হ’লে কি কৰিব লাগিব, দৰকাৰ হ’লে ছন’গ্রাফী বা আল্ট্রাছাউণ্ড কৰোৱা, হাস্পতালত লাগিলে ভর্তি কৰোৱা কথাবোৰ ভালকৈ বুজাই দিয়ে৷ ইয়াৰ পিছতহে মহিলাগৰাকীয়ে ঔষধ ব্যৱহাৰ কৰিব পাৰে৷ আমাৰ মানুহবোৰে হয় ভয় নতুবা লাভ, নাইবা এলাহ কিম্বা চিকিৎসকক মাচুল বা ফীজ দিয়াৰ অনীহা ইত্যাদি কাৰণত নিজে নিজে ঔষধ কিনি ব্যৱহাৰ কৰি ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায় অৱলম্বন কৰে– যি কেতিয়াবা বা প্রায়ে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি বিপদ চপোৱাৰ লেখীয়া হয়৷
চিকিৎসকৰ নিদান–পত্র নোহোৱাকৈ দৰবৰ বিপণীবোৰে কিয় এনেকুৱা ঔষধ ৰোগীৰ হাতত উঠাই দিয়ে– ই এটা ডাঙৰ প্রশ্ণ৷ ইয়াৰ উত্তৰ পাঠকসকলেই বিচাৰি উলিয়ায়৷ দৰব দুই ধৰণৰ আছে– ১) প্রেছক্রিপচন দৰব– যি চিকিৎসকৰ নিদান–পত্র অনুযায়ী ৰোগীসকলক যোগান ধৰা হয় আৰু ২) নন্–প্রেছক্রিপচন দৰব– যি চিকিৎসকৰ পৰামর্শ–পত্র নোহোৱাকৈয়ে দৰবৰ বিপণীসমূহে ৰোগীক দিব পাৰে৷ দেশ ভেদে এনেকুৱা দৰব ভিন ভিন হয়৷ স্বাস্থ্য বিভাগে এইটো নিশ্চিত কৰে যে নন্–প্রেছক্রিপচন দৰবসমূহ ৰোগীৰ বাবে যথাসম্ভৱ নিৰাপদ আৰু পর্াশ্বক্রিয়াবিহীন হয়, যাতে ৰোগীৰ বাবে ই ক্ষতিকাৰক নহয়৷ আনহাতে প্রেছক্রিপচন দৰবসমূহ কেৱল চিকিৎসকৰ পৰামর্শ মতে নিয়ম অনুযায়ী ব্যৱহাৰ কৰিলেহে নিৰাপদ বিবেচিত হয়, অন্যথা বিপৰীত ক্রিয়া সংঘটিত হ’ব পাৰে৷
আমাৰ মহিলাসকলে যিমান সহজে গর্ভপাত কৰোৱা ঔষধবোৰ ব্যৱহাৰ কৰে ভাবিলে গাৰ নোম শিয়ৰি উঠে৷ আচৰিত বা ভয় লাগে, পিছলৈ হ’ব পৰা বিপদ বা পর্াশ্বক্রিয়াবোৰৰ কথা ভাবি৷ তলত ইয়াৰ পর্াশ্বক্রিয়াসমূহ উল্লেখ কৰা হ’ল– ১) ৰক্তক্ষৰণ, যি কেতিয়াবা ইমান বেছি হয় যে ৰোগীগৰাকীক চিকিৎসালয়ত ভর্তি কৰি চিকিৎসা কৰিব লগাত পৰে, তেজো দিব লগা হয়, ২) নিয়মিত পৰিমাণত, নির্দিষ্ট সময়ৰ ব্যৱধানত নাখালে গর্ভপাত কৰোৱাত বিফল হ’ব পাৰে– যাক অস্ত্রোপচাৰৰ সহায়ত সম্পূর্ণ কৰিব লগা হয়, ৩) আংশিকভাৱে গর্ভপাত হোৱা বা ভিতৰত থাকি যোৱা, ৪) ইনফেকচন বা সোঁচৰণ হৈ ভৱিষ্যতলৈ গর্ভধাৰণৰ ক্ষমতা হেৰুৱাই পেলাব পাৰে, ৫) ভৱিষ্যতৰ গর্ভাৱস্থা নিজে নিজে নষ্ট হ’ব পাৰে, ৬) চিৰদিনৰ বাবে মাহেকীয়া ঋতুস্রাৱ বন্ধ হৈ যাব পাৰে, ৭) এই সকলো মিলি মহিলাগৰাকী মানসিক বিকাৰগ্রস্ততাত ভুগিব পাৰে৷
কিমান বিপজ্জনক আৰু ভয়াৱহ এই ছেল্ফ মেডিকেচন৷ নিজে নিজৰ বিপদ মাতি কিমানে ভৱিষ্যতৰ অন্ধকাৰ দিশে গতি কৰিছে ভাবিবলৈকে ভয় লাগে৷ ইমান শিক্ষিত হৈও আমি অশিক্ষিত৷ কেৱল এলাহবা লাজৰ বাবেই আমাৰ এই অৱস্থা৷ আজিকালি চৰকাৰী বহিঃবিভাগ সন্ধিয়াও খোলা থাকে ডাক্তৰৰ পৰামর্শ ল’বৰ বাবে৷ বেচৰকাৰী চিকিৎসা–ব্যৱস্থাও সকলোতে ইমান ব্যয়বহুল নহয়৷ স্বাস্থ্যৰ ক্ষেত্রত সজাগ নহ’লে আমাৰ ভৱিষ্যৎ যে অন্ধকাৰ, সেয়া ধুৰুপ৷ আমি নিজেই নিজক সোধোচোন– ছেল্ফ মেডিকেচন বৰবিহ নহয়নে?