নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগা চন্দনৰ ঔষধি গুণ

  • হিৰণ্য কুমাৰ শর্মা

চন্দন ভাৰতীয়ৰ জনপ্রিয় নাম৷ ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ বিভিন্ন প্রান্তত প্রায় ৪০০০ বছৰ পুৰণি৷ হিন্দুৰ পৌৰাণিক সাহিত্যৰ লগতে ৰামায়ণ, মহাভাৰতত স্পষ্ট ৰূপত বর্ণনা তথা ব্যৱহাৰৰ কথা উল্লেখ আছে৷ চন্দন শব্দ সংস্কৃত আৰু পার্চিয়ান ভাষাৰ পৰা লোৱা যাক জনা যায় চফেদ চন্দন, শ্রীগোন্ধ ইত্যাদি নামেৰে৷ চন্দন দুইবিধ বগা চন্দন আৰু ৰঙা চন্দন ৷ দুয়োবিধ চন্দনে মূল্যৱান ৷ সাধাৰণ ভাষাত যদিও দুয়োবিধ চন্দন তথাপি সিহঁতৰ মাজত যথেষ্ট পার্থক্য আছে৷ শৰীৰ গঠন, ডাল, পাত, ফল, ফুলৰ আকৃতি–প্রকৃতি বেলেগ বেলেগ৷ ৰঙৰ পার্থক্যৰ উপৰি জৈৱ্য–যৌগৰ উপাদানৰো পার্থক্য আছে, যাৰ বাবে সোৱাদ আৰু ঔষধি গুণ বেলেগ বেলেগ৷ ৰঙা চন্দন ফেবিয়েচি–পি পৰিয়ালৰ অন্তর্গত৷ আনহাতে বগা চন্দন চেণ্টালেচি–চেণ্ডেল উদ পৰিয়ালৰ অন্তর্ভুক্ত৷ চন্দন অতি মূল্যৱান আৰু দুষ্প্রাপ্য৷ প্রতিকিলো বগা চন্দনৰ দাম আন্তঃৰাষ্ট্রীয় বজাৰত ১০,০০০ টকা পর্যন্ত৷ পৃথিৱীৰ প্রায় দেশে প্রত্যক্ষ আৰু পৰোক্ষ হিচাপে ব্যৱহাৰ কৰে৷ দুয়োবিধ চন্দনে হিন্দু ধর্মৰ ধর্মীয় তথা পৱিত্র উদ্ভিদ যদিও বৌদ্ধ, জৈন, খ্রীষ্টিয়ান তথা ইছলামীয় ধর্মটো ব্যৱহাৰ হয়৷ বিশ্বৰ বিভিন্ন প্রান্তত প্রায় ১৫টা প্রজাতি আছে যদিও সকলো প্রজাতি মূল্যৱান আৰু ঔষধি গুণসম্পন্ন নহয়৷ দুটা প্রজাতিৰ এটাSantalum spicatum অষ্ট্রেলিয়াত আৰু আনটোSantalum album ভাৰতত প্রচুৰ পৰিমাণে পোৱা যায়৷ এই দুয়োটা প্রজাতিয়ে মহামূল্যৱান আৰু ঔষধি গুণসম্পন্ন৷ হিন্দু ধর্মত চন্দন অবিহনে পূজা–র্চনা সম্ভৱ নহয়৷ ভাৰতৰ দক্ষিণ অঞ্চলৰ উপকূলীয় ৰাজ্য কেৰালা, তামিলনাডু, অন্ধ্রপ্রদেশ, কর্ণাটকৰ লগতে গুজৰাট, মধ্যপ্রদেশ আৰু উত্তৰ–পূর্বাঞ্চলৰ মণিপুৰৰ অভয়াৰণ্যত পোৱা যায়৷ অসমৰ অভয়াৰণ্যত ইয়াৰ প্রভাৱ কম৷ ভাৰত তথা উত্তৰ–পূর্বাঞ্চল ইয়াৰ উত্তম পৰিৱেশ৷ ইয়াৰ খেতি সহজ৷ শুদ্ধভাৱে পৰা সূর্যৰ পোহৰ, তাপৰ লগতে শুকান, শিলাময় বালিচহিয়া সামান্য এচিডিক মাটিত হোৱা চন্দন ভাল আৰু মূল্যৱান হয়৷ ই গৰমৰ চাপ সহ্য কৰিব পাৰে, ১০–৩৫ ডিগ্রী উষ্ণতাত বৃদ্ধি বিকাশ ভাল হয় যদিও ২ ডিগ্রী উষ্ণতাতো বর্তি থাকে৷ ৪৫০–২৫০০ মিঃমিঃ বৰষুণ দিয়া অঞ্চলত প্রভাৱ বেছি৷ ৬–৭ বছৰ বয়সৰ পিছৰ পৰাই ফুল ফুলা কার্য আৰম্ভ হয় যদিও ১০ বছৰ বয়সৰ উদ্ভিদেহে তৈলজাতীয় পদার্থ সংশ্লেষণ কৰিব পাৰে৷ ইয়াৰ আয়ুস বেছি প্রায় ১০০ বছৰ বয়সলৈ জীয়াই থাকে৷ পানী বন্ধা স্থানত নহয়৷PHৰ গড় মাত্রা ৬–৭ৰ পৰা ৫–৯ হোৱা দৰকাৰ৷ প্রাকৃতিকভাৱে বগা চন্দন পানীৰ লগতে বায়ুমণ্ডলীয় নাইট্র’জেন স্থিতিকাৰী কিছুমান আংশিক পৰজীৱি বা কেতিয়াবা সহজীৱি উদ্ভিদৰ সহায়ত আহৰণ কৰে৷ উদ্যোগিক, আধুনিকীকৰণৰ ফলত যধে–মধে বননি ধ্বংস, অবাধ লুণ্ঠন জলচক্রৰ বিসংগতি, বনজুই, ভৌগোলিক পৰিৱর্তন আৰু প্রদূষণৰ ফলত বনৰীয়া চন্দন লুপ্তপ্রায় পথত৷ ইয়াৰ ওপৰত লক্ষ্য কৰি ভাৰত চৰকাৰে কিছুমান আইন বলৱৎ কৰিছে যাতে এনেবোৰ দুষ্কার্য বন্ধ হয়, এই মূল্যৱান গছ বর্তি থাকে৷ ইয়াৰ ওপৰতে লক্ষ্য কৰি ভাৰত চৰকাৰে ২০০২ চনলৈ চন্দনৰ খেতি কৰা, কটা, ব্যৱসায় আদি বন্ধ কৰিছিল৷ যাৰ পৰিণতিত চন্দনৰ উৎপাদনৰ ক্ষিপ্রগতিত হ্রাস পাইছিল৷ বর্তমানে নতুন আইনৰ আধাৰত বান্ধি দিয়া আইনৰ গণ্ডিতহে খেতি কৰিব, কাটিব নাইবা ব্যৱসায় কৰিব পাৰিব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগৰ পৰা আইনী অনুমতি পোৱাৰ দৰকাৰ৷ আইনী নিয়ম–কানুন ইমান জটিল যে সাধাৰণ খেতিয়ক এজনৰ বাবে এয়া সম্ভৱ নহয়৷ যাৰ পৰিণতিত ৯০ শতাংশলৈকে চন্দনৰ উৎপাদন হ্রাস পাইছিল৷ অসাধু বন বিষয়াৰ ছত্রছায়াত দুষ্ট চক্র আৰু বন মাফিয়াই আইনক ভেঙুচালি কৰি অবাধ লুণ্ঠনৰ পৰিণতিত এনে অৱস্থাপ্রাপ্ত হৈছে বুলি ধাৰণা কৰিব পাৰি ৷

চন্দনৰ ডাল, পাত, কাণ্ড, কাণ্ডৰ বাকলি শিপাৰ পৰা সুগন্ধি তৈল সামগ্রী আহৰণ হয়৷ প্রত্যেক অংশৰে মাত্রা আৰু উপাদানৰ সংযুক্তি বেলেগ বেলেগ৷ এই তৈল সামগ্রীৰ মুখ্যতSesquiterpenolsৰAlpha আৰুBeta santalol নামৰ যৌগ থাকে৷ ইয়াৰ উপৰি ইয়াত প্রচুৰ পৰিমাণৰ টেনিন, ৰেজিন, বিভিন্ন ৰঞ্জক পদার্থ পোৱা যায়৷ জৈৱ্য–যৌগৰ মাত্রাৰ বাবে ই মিঠা, কেহা, কম তিতা আৰু সুগন্ধিযুক্ত হয়৷ ইয়াৰ শিপাত ৬–১০ শতাংশ, টান কাঠত ৪–৮ শতাংশ, পাতত ৪ শতাংশ, ঠাল–ঠেঙুলিৰ পৰা ২–৪ শতাংশ, বাকলিৰ পৰা ২ শতাংশ সুগন্ধি তৈল সামগ্রীৰ লগতে অন্যান্য জৈৱ্য–যৌগৰ আহৰণ হয়৷ ইয়াৰ তেলৰ মুখ্য জৈৱ্য–যৌগটো হ’লSantalol যাৰ সংযুক্তিC15 H240 ইয়াৰ লগতে এলডিহাইডবোৰ হ’লnor-tricyclo-kasantalal 3, 7, 8 আৰু হাইড্রকার্বনৰ জৈৱ্য–যৌগবোৰ হ’লSantene, nortricyclo-ekasantalene acid জাতীয় যৌগটো হ’লAlpha-beta-santalic acids, এলকলইড জাতীয় যৌগবোৰ হ’লAlpha-santalol, beta-sanatol, santenol, teresantalol আৰু বহুতো৷ পাতৰ মমজাতীয় পদার্থতPalmitone আৰুhydropalmitone পোৱা যায়৷

ঔষধ হিচাপে ব্যৱহাৰ

ঘা, ফোঁহৰা, শুকোৱাঃ তিল তেলৰ সৈতে চন্দনৰ গুড়া নাইবা তেল সমজোখত মিহলাই আক্রান্ত অংশত লগালে ঘা শুকায়, ফোঁহৰা ভাল হয় ৷

জ্বৰত ভুগিলেঃ চন্দনৰ গুড়ি দুই–তিনি চামুচ পানীৰ সৈতে মিহলাই দিনত দুই–তিনিবাৰ সেৱন কৰিলে জ্বৰ ভাল হয় ৷

ছালৰ সমস্যাত ভুগিলেঃ চন্দনৰ গুড়ি ১৫–২০ গ্রাম জোখত পানীৰ লগত মিহলাই আঠাসদৃশ বনাই আক্রান্ত অংশত লগালে ছালৰ সকলো সমস্যা আঁতৰ হয়৷ ইয়াৰ লগতে উক্ত মিশ্রণত এক কাপ জোখত পানী মিহলাই দিনত ২–৩ বাৰ সেৱন কৰিব লাগে ৷

প্রস্রাৱৰ জ্বলন পোৰণ বা ৰক্তক্ষৰণ হ’লেঃ বাকলি থেতেলি বা বাকলিৰ পৰা প্রস্তুত কৰা গুড়ি পানীৰ সৈতে মিহলাই সেৱন কৰিলে এই ৰোগ আৰোগ্য হয় ৷

ভগন্দৰ, কেচুমুৰীয়া আদি ৰোগতঃ প্রত্যক্ষভাৱে যিসকল ৰোগীৰ কেচুমুৰীয়া ৰোগত ৰক্তক্ষৰণ হয় তেনে ৰোগত ১০ গ্রাম চন্দনৰ গুড়িৰ লগত ১০ গ্রাম আদাৰ পৰা প্রস্তুত কৰা গুড়া পানীৰ সৈতে মিহলাই আক্রান্ত অংশত লগালে নিশ্চয় এই ৰোগ ভাল হয় ৷

ফুলা, গাঠি ফুলা, কাটিলে আদিৰ বিষতঃ চন্দনৰ বাকলিৰ ক্কথ বনাই আক্রান্ত অংশত লগালে এনে বিষ নাশ হয়৷ চন্দনৰ গুড়া তিল তেলৰ লগত আঠাসদৃশ বনাই আক্রান্ত অংশত লগালে ফুলা গাঁঠিৰ বিষ, ঘা আদি ভাল হয় ৷

মুখত পৰা দাগ, আঁচ, শালমইনা আদিঃ কাঠৰ পৰা প্রস্তুত কৰা পাউদাৰ পানীৰ সৈতে মিহলাই মুখত লগালে সকলো ছালৰ সমস্যা আঁতৰ হয় ৷

আবেগ, অশান্তি আদি দূৰীকৰণতঃ ইয়াৰ পৰা প্রস্তুত কৰা তেল মুখমণ্ডল আৰু শৰীৰত মালিচ কৰিলে এনে বিকাৰ প্রশমিত হয় ৷

গেছ এচিডিটিত ভুগিলেঃ পাউদাৰ এক–দুই চামুচৰ লগত শীতল পানী এক গিলাচত মিহলাই সেৱন কৰিলে গেছ এচিডিটি বন্ধ হয় ৷

ৰক্তস্রাৱ, বগাস্রাৱ বন্ধকৰণতঃ বাহক তিতাৰ পাতৰ ৰস ১–২ চামুচ চন্দনৰ গুড়া ২–৩ চামুচ মিহলাই পানীৰ সৈতে সেৱন কৰিলে ৰক্তস্রাৱ বন্ধ হয় ৷

ছালৰ কর্কট ৰোগ ৰোধতঃ বগা চন্দনৰ তেলতAlpha sanatalol নামৰ উপাদানে ছালৰ কর্কট ৰোগ নিয়ন্ত্রণত সহায় কৰে ৷

অনিষ্টকাৰী অণুজীৱ দমনতঃ নিয়মিতভাৱে চন্দন তেলেৰে মালিচ কৰিলে ছালত বৃদ্ধি পোৱা অনিষ্টকাৰী অণুজীৱ ধ্বংস কৰি ছাল মসৃণ সুন্দৰ কৰে ৷

আত্মহত্যাৰ প্রৱণতা হ্রাসতঃ ইয়াৰ তেলেৰে নিয়মিত শৰীৰ মালিচ কৰিলে মন শান্ত, সুপ্রবৃত্ত, ধীৰ স্থিৰ হোৱাৰ লগতে সু–চিন্তাৰ অধিকাৰী হয় যাৰ বাবে আত্মহত্যাৰ প্রৱণতা হ্রাস পায় ৷

বিদ্যালয়ত গুৰুত্বঃ বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় আদিত দুষ্প্রাপ্য, মূল্যৱান আৰু লুপ্তপ্রায় উদ্ভিদক আগস্থান দিয়া দৰকাৰ ৷ বগা চন্দন লুপ্তপ্রায় উদ্ভিদ হোৱাৰ লগতে দুষ্প্রাপ্য ৷ বহু ব্যক্তিয়ে প্রত্যক্ষভাৱে চন্দনৰ সামগ্রী ব্যৱহাৰ কৰে যদিও ভালদৰে গছ হিচাপে চিনি নাপায়৷ অর্থনৈতিক গুৰুত্ব অপৰিসীম ৷ বৃক্ষৰোপণ কার্যসূচীত এই উদ্ভিদক প্রথম স্থান দিয়া উচিত, বৃদ্ধি লেহেমীয়া যদিও আয়ুস বহু বেছি, সেই হেতু বিদ্যালয়ৰ প্রাংগণত ৰোপণ কৰিব পাৰে৷ ইয়াৰ ছাঁ শীতল, মধুৰ, সাজোন প্রণালী আটকধুনীয়া হোৱা হেতু জিৰণি লোৱা স্থানটো ৰোপণ কৰিব পাৰে৷ অসমৰ জলবায়ু ইয়াৰ বাবে উত্তম যদিও ওখ বালিচহীয়া আৰু সৰু শিলাময় স্থানত ৰোপণ কৰিলে ভাল ৷

You might also like