সময় যিদৰে উৰি যোৱা এডাল কাঁড়ৰ দৰে, ঠিক তাৰ সহযাত্রী হৈছে বয়স– যাক কোনেও ধৰি ৰাখিব নোৱাৰে৷ জন্ম লোৱাৰে পৰা জীৱনৰ শেষ দিনটোলৈ বয়সে ঢ়াপলি মেলে৷ জীৱন যাত্রাৰ এই সময়খিনিৰ সকলোতকৈ জটিল সময়খিনিয়েই হৈছে বৃদ্ধাৱস্থা৷
মার্ক টোৱেনে কৈছিল, ‘বার্ধক্য শৰীৰতকৈ মনৰ এক অৱস্থা, যদি আপুনি নিজকে বৃদ্ধ বুলি নাভাবে, তেন্তে আপুনি বুঢ়া নহয়৷’ তেওঁৰ এই উক্তিটোৱে আমাক এক ধনাত্মক শক্তি দিয়ে যদিও আমি সকলোৱে জানো যে বৃদ্ধাৱস্থা জীৱনৰ এক জটিল অৱস্থা৷ সাধাৰণকৈ বা ধেমালিকৈ বুঢ়া হোৱা বুলি ক’লে চুলি পকা, ছালবোৰ শোটোৰা পৰা আৰু কথা পাহৰা, লাগিলে বজাৰলৈ যাওঁতে ৰখা থৈ যোৱা গাড়ীখনৰ জেগাকণেই হওক বা ঘৰৰ চাবি–কাঠীকোছাই হওক৷ কিন্তু সঁচা অর্থত বার্ধক্য বুলি ক’লে প্রতিজন ব্যক্তিয়েই নানান ধৰণৰ ঘাত–প্রতিঘাতৰ সন্মুখীন হ’ব লগা হয়৷ ডেকা কালত যিবোৰ ৰোগে শৰীৰত অনায়াসে আক্রমণ কৰিব পৰা নাছিল, সেই ৰোগৰ বীজাণুৱে বৃদ্ধ অৱস্থাত সহজেই দেহত প্রৱেশ কৰি ৰুগীয়া কৰিব পাৰে৷ জটিল ৰোগবিলাকৰ পৰা আঁতৰত থাকিব পাৰিলেও অলপতে জ্বৰ–কাহ হোৱা, পেট বেয়া হোৱা, ভাগৰ লগা, গাঁঠিৰ বিষ হোৱা আদিবোৰ অতি সাধাৰণ কথা৷
ফিজি’ থেৰাপী বা ভৌতিক চিকিৎসাক বৃদ্ধকালৰ এক ধৰণৰ বন্ধু বুলিয়েই ক’ব পাৰি৷ ফিজি’থেৰাপী চিকিৎসা বিজ্ঞানৰ এনে এটা অংগ, য’ত কিছুমান ভৌতিক পদ্ধতিৰে যেনে– চিকিৎসাজনিত ব্যায়াম, গৰম, ঠাণ্ডা, বৈদ্যুতিক থেৰাপী, মেনুৱেল থেৰাপী আদিৰে চিকিৎসা কৰি স্নায়ু–স্তি, শল্য, শ্বাস–প্রশ্বাসজনিত বহু ধৰণৰ ৰোগৰ পৰা নিৰাময় বা প্রতিৰোধ কৰিব পাৰি৷ যিকোনো ধৰণৰ ৰোগত দৰবেৰে ভাল কৰিব নোৱাৰা অংশক ভাল কৰাত সহায় কৰে এই ভৌতিক চিকিৎসাই৷
আধুনিক চিকিৎসা বিজ্ঞানৰ অগ্রগতিৰ ফলত জীৱন কালৰ হাৰ দিনক দিনে বাঢ়ি গৈছে৷ ফলস্বৰূপে বৃদ্ধ ব্যক্তিৰ সংখ্যাও বাঢ়ি গৈ আছে৷ বৃদ্ধ কালক সাধাৰণতে তিনিটা ভাগত ভগোৱা হয়৷ ডেকা বৃদ্ধ (৬০–৭০ বছৰ), মধ্য বয়সীয়া বৃদ্ধ (৭০–৮০ বছৰ) আৰু বয়োজ্যেষ্ঠ বৃদ্ধ ৮০ বছ+৷ এই তিনিটা ভাগতেই প্রত্যেকজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক বা মানসিক অসুবিধাৰ সন্মুখীন হয়৷ ফিজি’ থেৰাপীৰ আচল লক্ষ্যই হৈছে প্রত্যেকজন ব্যক্তিয়ে নিজে নিজৰ ভৰিত থিয় হৈ এক উন্নতমানৰ জীৱনশৈলী কটাব পৰাকৈ সহায় কৰা৷ এগৰাকী ভৌতিক চিকিৎসকে একোজন ৰোগীক তেওঁৰ শৰীৰৰ অৱস্থা, অক্ষমতা, সক্ষমতা নিৰীক্ষণ কৰি সেই অনুযায়ী চিকিৎসা প্রদান কৰে৷ ফলস্বৰূপে ৰোগীয়ে ৰোগটোক প্রতিৰোধ আৰু নিৰাময় কৰিবলৈ সক্ষম হয়৷
বার্ধক্য কালৰ অতিকৈ উল্লেখনীয় সমস্যাই হৈছে ‘বিষ’৷ সমাজৰ প্রায় ২০ শতাংশ ব্যক্তিয়েই পুৰণা বিষৰ লগত যুঁজি থাকে৷ তাৰে বেছিসংখ্যক মানুহেই বৃদ্ধাৱস্থাৰ লগৰীয়াই বুলি আওকাণ কৰি চলিবলৈ চেষ্টা কৰে৷ বিষ বুলি ক’লে চল্লিশৰ ডেওনা পাৰ হোৱাৰ পিছৰে পৰা কম–বেছি পৰিমাণে আৰম্ভ হোৱা দেখা যায়৷ লাহে লাহে সেইবোৰ বাঢ়ি আহিবলৈ ধৰে বৃদ্ধ কালত৷ অস্থিজনিতই হওক বা স্নায়ুজনিতই হওক বেছিভাগ বিষতেই ভৌতিক চিকিৎসাৰ অৱদান আছে৷ অস্থি, স্নায়ু আদি লাহে লাহে দুর্বল হৈ আহে৷ বিষ নিৰাময়ক ঔষধ যিমান খালেও বা অন্য কিবা উপায়েৰে বিষ নিৰাময় কৰিব পাৰিলেও সি ক্ষণস্থায়ী৷ আকৌ অলপ দিনৰ পিছতেই সেই বিষে আমনি কৰিবই৷ মাল্টি স্পেচিয়েলিটী হাস্পতালবিলাকত আজিকালি এনে ৰোগীক ফিজি’থেৰাপী বিভাগলৈ প্রেৰণ কৰে৷ কিন্তু আমাৰ সৰু চহৰবোৰত এনেধৰণৰ সকলো সুবিধা থকা হাস্পতাল কম হোৱাৰ বাবে সেই সুবিধাৰ পৰা বঞ্চিত থাকিবলগীয়া হয়৷ কেইটামান সাধাৰণ ব্যায়াম, বৈদ্যুতিক বিষ নিৰামক যন্ত্র আৰু অকণমান ফিজি’থেৰাপিষ্টগৰাকীয়ে দিয়া মেনুৱেল থেৰাপীৰে এনে বিষক সম্পূর্ণভাৱে দূৰ কৰিব পাৰি৷
সকলোতকৈ ভয় লগা বিষ হৈছে স্নায়ুজনিত কঁকাল বা ডিঙিৰ বিষ৷ যিটোৱে ডিঙি অর্থাৎ গলধনৰ পৰা হাতলৈ আৰু কঁকালৰ পৰা ভৰিলৈ গৈ ৰোগীক খোজকাঢ়িব নোৱাৰা কৰি পেলায়৷ কেতিয়াবা বিষৰ লগতে জিনজিননি, সংবেদনশীলতা লুপ্ত হোৱা বা যোৰ নোপোৱা হোৱাও দেখা যায়৷ সাধাৰণতে তাৰ পৰা মুক্তি পাবলৈ ঔষধৰ প্রয়োগ কৰে যদিও শেষত স্নায়ু শল্য বিভাগলৈ প্রেৰণ কৰাহে দেখা যায়৷ শল্য চিকিৎসাৰ সিদ্ধান্ত লোৱাৰ আগত আচলতে ৰোগীয়ে এবাৰ ভৌতিক চিকিৎসক এগৰাকীৰ পৰামর্শ লোৱা উচিত৷ আধুনিক ফিজি’ থেৰাপীতSpinal mobilisation বুলি এক বিশেষ শিক্ষা থাকে৷ তেনে শিক্ষাগত অর্হতা থকাSpinal manual therapist এগৰাকীয়ে নিজৰ হাতেৰে ৰোগীক বিষ অনুভৱ নকৰাকৈ জোৰাৰ বাধাগ্রস্ত চালচলন বা সাধাৰণ মুভমেণ্টবোৰ সম্পূর্ণ আগৰ অৱস্থালৈ আনিবলৈ চেষ্টা কৰিব পাৰে৷ সৰু সৰু বহুকেইডাল হাড়েৰে গঠিত ৰাজহাড়ডালৰ কোন অংশৰ পৰা ওলোৱা স্নায়ুডালে বিষটোৰ সৃষ্টি কৰিছে সেইটো বাছি উলিয়াই সেই অংশৰ তেনে মুভমেণ্টৰ কৌশল ব্যৱহাৰ কৰি সেই ধৰণৰ বিষ নিৰাময় কৰিব পাৰে৷
তাৰ পিছতেই বার্ধক্যৰ অন্য এক সমস্যা হৈছে ‘পৰাৰ উপক্রম হোৱা’ বা ‘পৰা’৷ বৃদ্ধাৱস্থাত পৰাৰ সম্ভাৱনাই তৎকালীন চিকিৎসাৰ হাৰ বঢ়াই দিয়ে৷ গৱেষণাৰ পৰা দেখা যায় যে এনেধৰণে পৰা ব্যক্তিক বেছিসংখ্যকেই ঘৰৰ চিৰি, গাধোৱা ঘৰ, পিছল পকা আদিত সংঘটিত হোৱা দেখা৷ এবাৰ পৰাৰ পিছত পৰাৰ ভয়ে ব্যক্তিগৰাকীক আৰু বেছিকৈ আক্রমণ কৰে৷ যাৰ ফলত তেওঁ কমকৈ, লাহে লাহে চলাফুৰা কৰিবলৈ লয়৷ ফলস্বৰূপে মাংসপেশী বা স্নায়ুৰ দুর্বলতা আহি পৰে৷ লাহে লাহে কর্মদক্ষতা কমি অহাৰ উপক্রম হয় আৰু বার্ধক্যই বেছিকৈ হেঁচি ধৰে৷ এনেবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈও ফিজি’থেৰাপীয়ে সহায় কৰিব পাৰে৷ পৰাৰ মূল কাৰণ হৈছে চকুৰ দৃষ্টি কমা,Veslibalar dysfunction (কাণৰ এক অংশৰ বিসংগতি হোৱা, যিয়ে দেহৰ সমতা ৰক্ষা কৰে) আৰু স্নায়ু বা মাংসপেশীৰ দুর্বলতাৰ ফলত হাত–ভৰিৰ জোৰ নোহোৱা হোৱা, এগৰাকী ফিজি’থেৰাপিষ্টৰ দেহৰ সমতা ৰক্ষা কৰিবলৈ বিশেষ ধৰণৰ ব্যায়ামৰ আঁচনি তৈয়াৰ কৰি, হাত–ভৰিৰ জোৰ পাবলৈ দিয়া ব্যায়াম আৰু কাণৰ সেই বিশেষ অংশৰ কিছুমান প্রতিষ্ঠাপক ব্যায়াম দি এনেবোৰ অসুবিধাৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব পাৰে৷
হাড় বা অস্থি ৰোগ বিভাগৰ যিকোনো ৰোগতেই কম–বেছি পৰিমাণে ভৌতিক চিকিৎসাৰ অৱদান আছে৷ হাড় ভাগিলে প্লাষ্টাৰ খোলাৰ পিছত বা যিকোনো অস্ত্রোপচাৰৰ পিছত ফিজি’থেৰাপী নকৰিলে পাবলগীয়া অৰোগ্যতাখিনিৰ পৰা বঞ্চিত হ’ব লগা হয়৷
স্নায়ুৰোগ বুলি ক’লে নিউৰ’পেথি, পাৰকিনছ’নিজম আদিবোৰ বৃদ্ধাৱস্থাত দেখা দিয়াটো অতি সাধাৰণ কথা৷ এইবোৰ ৰোগত আক্রান্ত হৈ ৰোগীসকল প্রক্ষাঘাতপ্রাপ্ত, সংবেদনশীলতা লুপ্ত, মনোযোগহীনতা ইত্যাদি হোৱা দেখা যায়৷ এই ৰোগবিলাকত ঔষধজনিত চিকিৎসাৰ লগতে ভৌতিক চিকিৎসাৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ বার্ধক্যত দীর্ঘদিন ধৰি ভুগি থকা ৰোগ বুলি ক’লে উচ্চ ৰক্তচাপ, মধুমেহ, অষ্টি’পৰ’ছিছ, বৃক্ক ৰোগ, হূদৰোগ, কর্কট ৰোগ, নিদ্রাহীনতা আদিবোৰ উল্লেখনীয়৷ বৃদ্ধাৱস্থাত কিছুমান গুপ্ত ৰোগেও আমনি কৰে৷ যেনে–bowel-bladder incontinance, য’ত কাহিলে বা হাচিয়ালে প্রস্রাৱ বা মল ওলাই যায়৷ প্রস্রাৱ বা মলৰ অনুভৱ আহিলে ৰখাব নোৱাৰা হোৱা,Prostate অংগ বাঢ়ি যোৱা আদিবোৰ ৰোগত পেলভিক ফ্ল’ৰ Pelvic flour) মাংসপেশীৰ ব্যায়াম কৰাই এনেবোৰ সমস্যাৰ পৰাও হাত সাৰিব পৰা যায়৷
ৰোগে এজন ব্যক্তিক কেতিয়ানো বৃদ্ধ কৰি পেলায় আচলতে কোনেও টলকিবই নোৱাৰে৷ ৰোগৰ লগত সংঘর্ষ কৰি থাকোঁতেই কেতিয়ানো জীৱনৰ আনন্দময় দিনবোৰ কষ্টকৰ হ’বলৈ ধৰে তেওঁ কিজানি গমেই নাপায়৷ ফলস্বৰূপে হীনমন্যতাৰো চিকাৰ হ’বলৈ ধৰে৷ সেই মানসিক অৱস্থায়হে আচলতে মানুহক বৃদ্ধ কৰিব পাৰে৷ কিন্তু আজি আৰু চিকিৎসা বিজ্ঞানৰ সেই সুযোগ নাই৷ সেই কথা উপলব্ধি কৰি হাঁহিৰে জীৱনৰ শেষ দিনটোলৈ নিজে নিজৰ কামকেইটা কৰি পাৰ কৰিব পৰাটোৱেই হৈছে সফল জীৱন আৰু উত্তম বৃদ্ধাৱস্থা৷ যিমানেই ডাঙৰ বেমাৰ নহওক কিয় ঔষধে আপোনাক জীৱন দিব আৰু সেই জীৱনশৈলীৰ মান উন্নত কৰি হাস্যমধুৰ কৰিবলৈ সহায় কৰিব ভৌতিক চিকিৎসাই৷
মুঠতে বার্ধক্যত ফিজি’থেৰাপীৰ গুৰুত্ব অপৰিসীম৷ ব্যায়াম তাৰ অবিচ্ছেদ্য অংগ৷ নিয়মিত ব্যায়াম বুলি ক’লে খোজকঢ়াটো অতিকৈ সহজ আৰু উপযোগী৷ কিন্তু প্রত্যেকজন ব্যক্তিৰ কাৰণে খোজকঢ়াটো উপকাৰী নহ’বও পাৰে৷ বিষ বা অন্য শাৰীৰিক সমস্যাৰ বাবে খোজকঢ়াটো প্রত্যেকৰে বাবে উচিত নহয়৷ তেনে ব্যক্তিয়ে এজন ভৌতিক চিকিৎসকক লগ ধৰি তেওঁৰ বাবে উপযোগী কিছুমান চিকিৎসাজনিত ব্যায়াম শিকি আহি ঘৰত প্রতিদিনে অনুশীলন কৰিলেও ঠিক খোজকঢ়াৰ দৰেই বা তাতোতকৈ অধিকহে লাভান্বিত হ’ব৷ মুঠৰ ওপৰত কর্মদক্ষতা বঢ়াবৰ বাবে যিকোনো ধৰণৰ শাৰীৰিক পৰিশ্রমেই সহায় কৰিব পাৰে৷ আধুনিক স্বাস্থ্য বিজ্ঞানে আপোনাক সহজে হাৰ মানিব নিদিয়ে৷ মাত্র আপুনি আগবাঢ়ি ওলাই আহি ভুগি থকা সৰু–বৰ সমস্যাবোৰ খোলাকৈ ব্যক্ত কৰাৰ প্রয়োজন৷ সমস্যাবোৰ আৰম্ভ হওঁতেই সমাধান কৰিবলৈ বেছি সহজ৷ নহ’লে ই জটিলতাৰ ফালে ঢ়াল লয়৷ সমাজৰ আধুনিকতা আৰু প্রতিযোগিতামূলক মনোবৃত্তিৰ বাবেই পৰিয়ালৰ সহযোগিতা, আর্থিক সুৰক্ষা আদিবোৰ দিনক দিনে কমি অহাটোৱে এই শাৰীৰিক বা মানসিক বিকাৰটো বঢ়াৰ প্রধান কাৰণ৷ এইবোৰ দূৰ কৰিবলৈ প্রথমে নিজেই চেষ্টা কৰিব লাগিব৷ সুন্দৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিলে এনেও বহুতো অসুবিধাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ প্রতিদিনেই শাৰীৰিক ব্যায়াম কৰা, উপযুক্ত প্রতিষেধক গ্রহণ কৰা, ঔষধ কমকৈ খাবলৈ চেষ্টা কৰা, কর্মদক্ষতা বজাই ৰখা, পুষ্টিকৰ খাদ্য গ্রহণ কৰা, বেছিকৈ পানী খোৱা, হাঁহি–স্ফূর্তিৰে সময় কটাবলৈ চেষ্টা কৰা ইত্যাদিবোৰ সাঙুৰি জীৱন–যাপনৰ এক গতিশীল প্রণালী আদৰি ল’লে সহজে কোনো বয়স বা আন কিবাই হাৰ মনাব নোৱাৰে৷