বুটৰ দাইল খাওক, স্বাস্থ্যৱান হওক
কথিত আছে যে ঔৰাংগজেৱে পিতৃ ছাহজাহানক আগ্রা দুর্গত বন্দী কৰি ৰখাৰ সময়ত জীৱনৰ বাকী অৱস্থাত তেওঁক একমাত্র এবিধ খাদ্যহে খাবলৈ দিয়া হৈছিল৷ পিতৃৰ প্রতি ঔৰংগজেৱ কিছু সদয় হৈ তেওঁক সেইবিধ খাদ্য ইচ্ছামতে বাছি ল’বলৈ সুযোগ দিছিল৷ অভিজ্ঞতাপুষ্ট ছাহজাহানে খাদ্য হিচাপে বাছি লৈছিল বুটক৷ বুটক বিভিন্ন ধৰণে খাব পাৰি৷ দাইল, বেছন, চাটু আনকি কাবাকৰ ৰূপটো বুটৰ দাইল খাব পাৰি৷ বুটৰ গছক শাক হিচাপেও খাব পাৰি৷ খাদ্য হিচাপে বুটৰ গুণাগুণ ভবাতকৈ বহু বেছি৷ আয়ুর্বেদত বুটৰ প্রশংসা কৰিছে৷ পৰিপাক প্রণালীৰ লগতে শৰীৰৰ পৰা বিষাক্ত দ্রব্য বুটে উলিয়াই পঠিওৱাত সহায় কৰে৷
বুটত গ্লিচেমিক ইনডেক্স অতি কম মাত্রও৷ সেই সূত্রে বহুমুত্র ৰোগীৰ অন্যতম আদর্শ খাদ্য বুট৷ খাদ্য বিশেষজ্ঞৰ মতে পুৰুষতকৈ মহিলাৰ বাবে বুট বেছি উপকাৰী৷ ঋতুস্রাৱ, গর্ভধাৰণৰ সময়ত বুটৰ দাইল খালে ফল পোৱা যায়৷ স্তন কর্কটৰ আশংকাও হ্রাস পাই বুলি বহুতো দাবী কৰিছে৷ বাকলিৰে সৈতে বুট খালে তাৰ ফল অধিক পোৱা নাযায়৷
সেয়ে ছাহজাহানে জানো এনেই বুটক তেওঁৰ ‘ৰাজখাদ্য’ত স্থান দিছিল