নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বয়োবৃদ্ধৰ যতন

বার্ধক্য এটা অৱশ্যম্ভাৱী সত্য৷ সেয়েহে ইয়াক সহজভাৱে গ্রহণ কৰি ঋতুভেদে বছৰৰ ১২ মাহ বা ৩৬৫ দিনেই সুস্থ–সবল হৈ থকাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিব লাগে৷ নিম্ন উল্লেখিত উপায়সমূহ নিয়মিতভাৱে পালন কৰি বয়সক বাধা দিব নোৱাৰিলেও বয়সে কঢ়িয়াই অনা ৰোগসমূহক বাধা দিব পাৰি৷
* পর্যাপ্ত পৰিমাণে পানী খাব লাগে৷ পানীয়ে শৰীৰৰ বিভিন্ন যন্ত্রসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷
* নিয়মিত শাৰীৰিক ব্যায়ামে দেহক উদ্দীপ্ত কৰি ৰখাৰ লগতে মনটো সজীৱ কৰি ৰখাৰ ৰখাতো সহায় কৰে৷
* সুষম আহাৰে বৃদ্ধাৱস্থাত সু–স্বাস্থ্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ অধিক মিঠা, তেল–মচলাযুক্ত আহাৰ পৰাপক্ষত বর্জন কৰিব লাগে৷ নিয়মিতভাৱে ফলাহাৰ শাক–পাচলি খোৱাৰ লগতে হাড়বিলাক শক্তিশালী কৰিবলৈ কেলচিয়ামযুক্ত আহাৰ গ্রহণ কৰিব লাগে৷
* বৃদ্ধাৱস্থাত বহুতেই নানা কাৰণত অকলশৰীয়া অনুভৱ কৰাৰ লগতে মানসিক হতাশাগ্রস্ততাত ভোগা দেখা যায়৷ নিজকে বিভিন্ন সামাজিক কামত ব্যস্ত ৰাখিলে এই ধৰণৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷
* মস্তিষ্কক সক্রিয় অৱস্থাত ৰাখিবৰ বাবে বিভিন্ন কিতাপ, পত্রিকা আদি অধ্যয়ন কৰাৰ লগতে লিখা–মেলা কামত নিজক ব্যস্ত ৰাখিব পাৰিলে ভাল৷
* উচ্চ ৰক্তচাপ, লগতে তেজত ছুগাৰ আৰু কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণ কৰিবলৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷
* শৰীৰৰ ওজন নিয়ন্ত্রণত থকাটো অতি প্রয়োজনীয়, কিয়নো মেদ বহুলতাই বহুটো ৰোগক আমন্ত্রণ কৰি আনে৷
* নিশা ছয়–সাত ঘণ্টা টোপনি মাৰিব লাগে, কিয়নো নিদ্রাহীনতাই উচ্চ ৰক্তচাপ, হূদৰোগ, মধুমেহ আদিৰ কাৰক হ’ব পাৰে৷
* নিয়মিতভাৱে অতিকমেও ৩০ মিনিট সময় খোজ কঢ়াটো স্বাস্থ্যকৰ অভ্যাস৷ ই বহুতো ৰোগৰ আগমন ৰোগ কৰিব পাৰে৷

You might also like