মানিমুনি শাক
মানিমুনি শাকৰ লগত আমাৰ ৰাজ্যৰ লোকক পৰিচয় কৰি দিয়াৰ হয়তো প্রয়োজন নাই৷ কাৰণ, অসমৰ পৰিৱেশত সহজেই হোৱা আৰু বহু লোকৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্রায় সকলোৰে চিনাকি৷ খৰালি কালত কোঁচমোচ খাই থাকিলেও বসন্তৰ আগমনৰ লগে লগে ধৰালৈ নামি অহা একোজাক বৰষুণৰ পিছতেই মাটিৰ আনুভূমিকভাৱে দুর্বাৰ গতিত পুলিয়ে–পোখাই ই বংশ বিস্তাৰত লাগি যাব ধৰে৷ আমাৰ ৰাজ্যৰ থলুৱা লোকসকলৰ বেছিভাগৰে এইটো জ্ঞাত যে পাতৰ কাষ অংশ সামান্যভাৱে খাজকটা আৰু আকৃতিত প্রায় গোলাকাৰ পাতেৰে মাটিত বগোৱা ই এবিধ সৰু শাক–বনজাতীয় উদ্ভিদ৷ ইয়াৰ পাতৰ আকাৰৰ তুলনাত ঠাৰিডাল যথেষ্ট দীঘল৷ ইয়াৰ পুষ্প বিন্যাসত তিনিটাকৈ ফুল ফুলে আৰু ফুলৰ বৰণ ৰঙা৷
মানিমুনি দুই প্রকাৰৰ– বৰ মানিমুনি আৰু সৰু মানিমুনি৷ প্রথমবিধৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম হৈছে ক্রমেIndian Pennywort আৰুCentella asiatica৷ তেনেকৈ দ্বিতীয়বিধ হৈছে ক্রমেWater pennywort আৰুHydrocotyle sibthorpioides৷ এই দুবিধ মানিমুনিৰ মাজত পাতৰ ৰং আৰু আকৃতিৰ কিছু সাদৃশ্য থাকিলেও বৰ মানিমুনি সৰু মানিমুনিতকৈ আকাৰ–বয়বত কিছু ডাঙৰ আৰু সৰুবিধৰ পাতৰ কাষবোৰ বেছিকৈ কটা কটা৷ ইহঁতৰ উভয়কে শাকৰ শাৰীত ধৰা হয় যদিও অৱশ্যে সাধাৰণ শাকৰ দৰে ভাজি অথবা তৰকাৰি কৰি খোৱা নহয়৷ তাৰ সলনি পিহি চাটনিৰ ৰূপত নতুবা ৰস উলিয়াই কেঁচাই নাইবা সিজাই খোৱা হয়৷ তেনেকৈ ৰসৰ লগত আদা–নহৰুক মচলা হিচাপে ব্যৱহাৰ কৰি প্রস্তুত কৰা জোলত মাছ দি খালে অধিক তৃপ্তি পোৱা যায়৷
মানিমুনিক অৱশ্যে যিভাৱেই খোৱা নহওক কিয়, ইয়াৰ পৰা দেহে বিচৰা বহু পুষ্টি উপাদানকে পোৱাটো সম্ভৱ৷ ইবিলাকৰ পৰিমাণৰ ক্ষেত্রত অৱশ্যে দুয়োৰে মাজত কিছু পার্থক্য পৰিলক্ষিত হয়৷ এই দুবিধত পোৱা মূল পুষ্টি উপাদান কেইবিধমান তালিকাৰ দ্বাৰা দেখওৱা হ’ল (শতাংশ ৰূপত)৷
তালিকাৰ পৰা দুটা কথা সহজবোধ্য হৈ উঠে–দুয়োবিধি মামুিনিয়েই খনিজ পদার্থ আৰু ভিটামিন ‘চি’ৰে পৰিপুষ্ট৷ আইৰনৰ স্থিতিৰ ক্ষেত্রত অৱশ্যে বৰ মানিমুনিৰ তুলনাত সৰু মানিমুনি কিছু সবল৷ গুৰুত্বপূর্ণ যে পুষ্টিগুণৰ দৰে ঔষধি গুণতো দুয়োবিধ মানিমুনিয়েই যথেষ্ট আগবঢ়া বুলি কোৱা হয়৷ আয়ুর্বেদ শস্ত্রৰ দৃষ্টিত মানিমুনিৰ গুণ লঘু, ৰস তিক্তকৰায়, বিপাক মধু, বীর্য শীত আৰু প্রভাৱ মেধা বুলি জ্ঞান কৰা হয়৷ তদুপৰি, ইয়াক কফ–পিত্তনাশক, স্মৰণ শক্তি বৃদ্ধি কাৰক, অগ্ণিদীপক, আমপাচক, হূদ্য, ৰক্ত–পিত্তনাশক, স্তন্যদান আদি হিচাপেও গণ্য কৰা হয় বুলি জনা যায়৷ মানিমুনিৰ আঞ্জা নিয়মিতভাৱে খাব পাৰিলে আয়ুস, মেধা আৰু বল লাভৰ লগতে শৰীৰো নিৰোগে ৰাখিব পৰা হয় বুলি ব্যক্ত হৈছে৷ বিশেষকৈ মহিলাৰ ঋতু সম্পর্কীয় ৰোগ, শ্বেতপ্রদ, কন্যাকাল নোহোৱা ৰোগ উপশমত মানিমুনিয়ে উপকাৰ সাধে বুলিও কোৱা হৈছে৷ ই বোলে কুষ্ঠ, ব্রণ, চর্মৰোগ, ছালৰ ক্ষয়ৰোগ, সৰু সৰু ফোঁহা, খৰ–খজুৱতী আৰু দুর্বল কণ্ঠস্বৰ, আনকি খোনা Stammering)তো সুফল দিয়াৰ আশা থাকে, যদিহে ইয়াৰ জোল নিয়মীয়াভাৱে সেৱন কৰি থকা হয় বুলি তথ্য পোৱা গৈছে৷ প্রণিধানযোগ্য যে ঔষধ হিচাপে ইয়াৰ সকলো অংশই ব্যৱহাৰৰ উপযোগী আৰু ঔষধি ক্রিয়াৰ বাবে ১০–২০ মিলিলিটাৰ ৰস এবাৰত ব্যৱহাৰ কৰাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ সর্বোপৰি, পেটৰ অসুখত ই যথেষ্ট ভাল কাম কৰে বুলি সকলোৱে কয়৷
বাস্তৱত দেখা পোৱা গৈছে– বর্তমানে ঘৰৰ বাৰী বা বজাৰত মানিমুনি উপলব্ধ হ’ব ধৰিছে৷ গতিকে নিজৰ সুবিধা তথা ইচ্ছামতে ইয়াক খোৱাৰ উপায় কৰাটো সহজসাধ্য হৈ উঠিব বুলি ক’ব পাৰি৷