মূত্রতন্ত্র আৰু ষ্টোনৰ চিকিৎসা
ডাঃ নিতুল বৈশ্য
মানৱ শৰীৰৰ মূত্রতন্ত্রটো এটা অত্যাৱশকীয় তন্ত্র৷ ইয়াক দুই ভাগত ভাগ কৰিব পাৰি৷ উর্ধ্ব মূত্রতন্ত্র Upper urinary tract) আৰু অধঃ মূত্রতন্ত্র Lower urinary tract)৷ দুটা বৃক্ক আৰু দুডাল ইউৰেটাৰ বা মূত্র পৰিবাহী নলীৰে উর্ধ্ব মূত্রতন্ত্র গঠিত৷ অধঃ মূত্রতন্ত্রটো মূত্রাশয় বা মূত্রস্থলী আৰু মূত্রনলী বা ইউৰেথ্রাৰে গঠিত৷
আজি আমি ইয়াত সমস্ত মূত্রতন্ত্রটোৰ এটা মাত্র সচৰাচৰ দেখা পোৱা ৰোগ– ষ্টোনৰ–বিষয়েহে আলোচনা কৰিমহ’ক৷Stoneক চিকিৎসা বিজ্ঞানৰ ভাষাতCalculus (এটা) বাCalculi (বহুকেইটা) বুলিও কোৱা হয়৷ মূত্রতন্ত্রৰ ষ্টোন যদিও তন্ত্রটোৰ বেলেগ বেলেগে স্থান বা অংশসমূহত পোৱা যায়, যেনে– বৃক্কত হোৱা ষ্টোন Kidney Stone) মূত্র পৰিবাহী নলীত দেখা ষ্টোন Ureteric caclulus), মূত্রাশয় বা মূত্রস্থলীৰ ষ্টোন Vesicle calculus), মূত্রনলীৰ ষ্টোন Urethral calculus), তথাপি এই কথা জানি থোৱা অতি দৰকাৰী যে এই আটাইসমূহ ষ্টোনৰ উৎপত্তি স্থান হ’ল বৃক্ক বা কিডনী৷ বৃক্কত উৎপত্তি হোৱা ষ্টোনসমূহ বৃক্কত ৰৈ থাকি বা বৃক্কৰ ভিতৰতে আকাৰত ডাঙৰ হৈ অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ কেতিয়াবা বৃক্কৰ পৰা প্রস্রাৱৰ সেঁতৰ লগত ষ্টোন তললৈ নামি আহি ইউৰেটাৰত ফচিও যাব পাৰে৷ আনহাতে, উপযুক্ত পৰিৱেশ পালে লগতে আকাৰ সৰু হ’লে ষ্টোন অধিক তললৈ নামি আহি মূত্রাশয়ত জমা হ’ব পাৰে৷ মূত্রাশয়ৰ ষ্টোন মূত্রনলীৰ অন্তমুখ Internal urethral opening)ত লাগি ধৰি মূত্রস্থলীৰ পৰা মূত্রনলীৰে প্রস্রাৱৰ নিঃসৰণ সম্পূর্ণ ব্যাহত কৰি অসহনীয় বিষৰ সৃষ্টি কৰিব পাৰে৷ কেতিয়াবা ষ্টোন আকাৰত সৰু হ’লে মূত্রনলীলৈ আহি তাত ফচি যাব পাৰে৷ ষ্টোন একেবাৰেই সৰু হ’লে ওলায়ো যাব পাৰে৷
মূত্রতন্ত্রত ষ্টোন হোৱাৰ কাৰণঃ
(১) অদ্রৱনীয় উপাদানৰ অতিসৰণঃ প্রস্রাৱৰ লগতে কেলছিয়াম, অক্সালেট, ইউৰিক এচিড, চিষ্টাইন আদি তুলনামূলকভাৱে অদ্রৱনীয় উপাদানৰ অতিসৰণে ষ্টোন উৎপাদনত অৰিহণা যোগায়৷
(২) প্রস্রাৱৰpH আৰু আন আন ৰাসায়নিক বিচ্যুতি৷
(৩) প্রস্রাৱত ছাইট্রেটৰ পৰিমাণ কমি যোৱা৷
(৪) প্রস্রাৱৰ দৈনিক নিঃসৰণৰ পৰিমাণ কমি যোৱা৷
(৫) প্রস্রাৱৰ সংক্রমণ হোৱা৷
(৬) শৰীৰত ভিটামিন বা খাদ্যপ্রাণ ‘ক’ৰ অভাৱ হোৱা৷
(৭) প্রস্রাৱৰ সংক্রমণ বা মূত্রনলীৰ আন কোনো অৱয়বগত Anatomical eg. Stricture urethra) বা প্র’ষ্টেট গ্রন্থিৰ আকাৰ বৃদ্ধি আদি কাৰণত মূত্রবেগৰ গতি ৰুদ্ধতা বা গতি কম হোৱা৷
(৮) হাইপাৰ পেৰাথাইৰ’ইডিজম৷
(৯) অন্যান্য৷
গঠনৰ প্রক্রিয়াৰ ওপৰত ভিত্তি কৰি কিডনী ষ্টোন মূলতঃ দুই প্রকাৰৰ– প্রাথমিক ষ্টোন আৰু দ্বিতীয়ক ষ্টোন৷
আনহাতে, ৰাসায়নিক গঠন অনুসৰি কিডনী ষ্টোন মূলতঃ চাৰি প্রকাৰৰ হ’ব পাৰে–
(১) কেলছিয়াম অক্সালেট ষ্টোনঃ কেলছিয়াম অক্সালেট ষ্টোন হৈছে আটাইতকৈ বেছি পৰিমাণে হোৱা কিডনী ষ্টোন৷ প্রায় ৭৫ শতাংশ কিডনী ষ্টোন এই কেলছিয়াম ষ্টোন হয়৷ কেলছিয়াম ষ্টোন, কেলছিয়াম অক্সালেট, নতুবা কেলছিয়াম ফচফেটৰ দ্বাৰা গঠিত হয়৷
কেলছিয়াম অক্সালেট ষ্টোন সাধাৰণতে একক (এটাকৈ গঠন হয়,) ই অত্যন্ত টান আৰু ডাঠ ৰঙৰ হয়৷ এই ষ্টোন যথেষ্ট খহটা জোংযুক্ত হোৱা বাবে ইয়াক নিকটৱর্তী কলাসমূহত আঘাত কৰি প্রস্রাৱৰ লগত ৰক্তক্ষৰণ কৰাব পাৰে৷ খহটা জোঙাযুক্ত হোৱা বাবে ইয়াক ‘মালবেৰী ষ্টোন’ বুলিও কোৱা হয়৷ এই ষ্টোন কিডনীৰ পৰা তললৈ নামি গৈ ইউৰেটাৰত লাগি ধৰিব পাৰে, যিয়ে অসহ্যকৰ বিষৰ সৃষ্টি কৰিব পাৰে৷ এই বিষ তলপেটৰ পৰা অণ্ডকোষৰ ঠাই পর্যন্ত বিয়পি যায়৷ ৰোগীয়ে বিছনাত লুটিবাগৰ মাৰিব লগা হয়, ৰোগীৰ বমি পর্যন্ত হ’ব পাৰে৷
(২) মিশ্রিত পাথৰঃ এই ষ্টোন সাধাৰণতে মূত্রতন্ত্রৰ সংক্রমণৰ পৰিণতি হিচাপে ক্ষাৰজাতীয় প্রস্রাৱত গঠিত হয়৷ প্রায় ১৫ শতাংশ ৰোগীৰ ক্ষেত্রত ইয়াক পোৱা যায়৷ সাধাৰণতে এম’নিয়াম ফচফেট, কেলছিয়াম ফচফেট আৰু মেগনেছিয়াম ফচফেটৰ দ্বাৰা এই ষ্টোন গঠিত হয় বাবে ইয়াকTriple Ohosphate Stone বুলিও কোৱা হয়৷
মিহি আৰু অতি ঢ়িলা প্রকৃতিৰ এই ধৰণৰ ষ্টোন সহজে সোনকালে ডাঙৰ হৈ কিডনীৰ ভিতৰৰ পেলভিছ আৰু কেলিক্স আগুৰি ধৰি এটা হৰিণাৰ শিঙৰ আকৃতি লয়, যাক এই অৱস্থাতStaghorn Stone বুলি জনা যায়৷
(৩) ইউৰিক এচিড বা ইউৰেট ষ্টোনঃ প্রায় ৬ শতাংশ কিডনী পাথৰ ইউৰিক এচিডৰে গঠিত৷ তেজ আৰু প্রস্রাৱত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে এনে ষ্টোন গঠন হ’ব পাৰে৷ তদুপৰি প্রস্রাৱৰ পৰিমাণ হ্রাস পোৱা বা প্রস্রাৱৰ অম্লতা বৃদ্ধি পোৱাৰ ফলতো এনে ষ্টোন গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
বহুমুখযুক্ত Multifaceted) এইধৰণৰ ষ্টোনৰ ক্ষেত্রত বহুকেইটা ষ্টোন একেলগে গঠন হয়৷ হালধীয়াৰ পৰা ডাঠ মুগা বৰণীয়া এই ষ্টোন মধ্যমীয়া কঠিন হয়৷ ষ্টোনসমূহৰ উপৰিভাগ সাধাৰণতে মিহি হয়৷
(৪) চিষ্টাইন ষ্টোনঃচিষ্টাইন হৈছে ছালফাৰযুক্ত এবিধ এমিন’ এচিদ৷ প্রস্রাৱত চিষ্টাইন নির্গত হোৱা চিষ্টিনুৰিয়া ৰোগীৰ ক্ষেত্রত সাধাৰণতে এই ষ্টোন হয়৷ মুঠ ষ্টোনৰ প্রায় ১–২ শতাংশ এনে ষ্টোন হ’ব পাৰে৷ এই ধৰণৰ ষ্টোন জন্মগত বা বংশগত জিনীয় বিসংগতিৰ বাবে হোৱা দেখা যায়৷
সাম্প্রতিক সময়ত যদিও বিভিন্ন অত্যাধুনিক চিকিৎসা পদ্ধতি আৱিষ্কাৰ হৈছে আৰু পৃথিৱীৰ চুকে–কোণে সেইসমূহৰ চর্চা চলি আছে, তথাপি আমি আজি এই লেখাত অসমত সাম্প্রতিক সময়ত সচৰাচৰ বহুলভাৱে চলি থকা কেইটামান জনপ্রিয় চিকিৎসা পদ্ধতিৰ বিষয়েহে উল্লেখ কৰিমহ’ক৷
ষ্টোন কিডনীত থাকিলে আৰু আকাৰত তুলনামূলকভাৱে সৰু (যেনে– দুইৰ পৰা পাঁচ বা ছয় মিঃমিঃ) হ’লে পটাছিয়াম ছাইট্রেটজাতীয় পনীয়া ঔষধ দুই–তিনি মাহৰ বাবে নিয়মিতভাৱে খাবলৈ দি দুই–তিনি মাহ পিছত এখন ছন’গ্রাফী কৰি চোৱা হয়৷
কিডনীৰ ষ্টোন আকাৰত অলপ ডাঙৰ হ’লেRIRS-Retrograde Intra Renal Surgery পদ্ধতিৰে কটা–ছিগা নকৰাকৈ প্রস্রাৱৰ ৰাস্তাৰে ভিতৰে ভিতৰে গৈ লেজাৰেৰে ষ্টোন ভাঙি উলিয়াই অনা হয়৷
ইউৰেটাৰত থকা ষ্টোনোURSL-Ureteroscopic Lithotripsy পদ্ধতিৰে কটা–ছিগা নকৰাকৈ প্রস্রাৱৰ ৰাস্তাৰে ভিতৰে ভিতৰে গৈ লেজাৰেৰে ষ্টোন ভাঙি উলিয়াই অনা হয়৷
কিডনীত থকা ষ্টোন যদি আকাৰত যথেষ্ট ডাঙৰ হয়, তেতিয়া পিঠিৰ ফালে এটা সৰু ফুটা কৰি Pin Hole Technique)PCNL-Per Cutaneous Nephrolithotomy পদ্ধতিৰে ষ্টোন গুড়ি কৰি উলিয়াই দিয়া হয়৷ মূত্রাশয়ত থকা ষ্টোনPUCL-Per Urethral Cysto Lithotripsy পদ্ধতিৰে ভাঙি গুড়ি কৰি উলিয়াই দিয়া হয়৷ অত্যাধুনিকভাৱে লেজাৰৰ আগমনৰ পিছত বাহিৰৰ পৰা ষ্টোন অভিমুখী অতিশব্দ প্রয়োগ কৰিESWL-Extracorporeal Shock Wave Lithotripsy পদ্ধতিৰে ষ্টোন ভাঙি থোৱা কার্য সাধাৰণতে আজিকালি কমকৈ বাছনি কৰা হয়৷ কেতিয়াবা কেতবোৰ জটিল ক্ষেত্রত অপেন ছার্জাৰীক লেপ্র’স্ক’পিক পদ্ধতিৰে মূত্রতন্ত্রৰ ষ্টোন নিষ্কাশন কৰা হয়৷RIRSPCNL, URSL আদি পদ্ধতিসমূহত গুড়ি পাথৰৰ সুন্দৰ বাধাবিহীন নিষ্কাশনৰ কাৰণে যিটো ফালে পদ্ধতিটো কৰা হয়, সেইটো ফালৰ ইউৰেটাৰত এটাDJ stent ৰখা হয়৷ তিনি সপ্তাহৰ পৰা তিনি মাহৰ ভিতৰতDJ stent প্রস্রাৱৰ ৰাস্তাৰে গৈ উলিয়াই দিয়া হয়৷DJ stent ভিতৰত থকা সময়ত ৰোগীয়ে নিজৰ সকলো ধৰণৰ দৈনন্দিন কাম–কাজ কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰে৷ এই পদ্ধতিসমূহৰ উল্লেখযোগ্য লাভালাভ হ’ল এয়ে যে ৰোগী চিকিৎসালয়ত ভর্তি নকৰোৱাকৈ পদ্ধতিসমূহ ডে কেয়াৰ চিষ্টেমত সম্পাদন কৰিব পাৰি৷ অর্থাৎ ৰোগী ৰাতিপুৱা খালী পেটত খোজকাঢ়ি আহি অপাৰেচন হোৱাৰ পিছত আবেলি খোজকাঢ়ি ঘৰলৈ ঘূৰি যাব পাৰে৷ পদ্ধতিসমূহত কোনো কটা–কটি নহয় বাবে ৰক্তক্ষৰণ নহয়৷ চিকিৎসালয়ত ভর্তি থকাৰ বাবদ হোৱা অতিৰিক্ত খৰচো ৰাহি হয়৷Prevention is better than cure বুলি কোৱা হয়৷ খাদ্যাভ্যাসৰ জৰিয়তে ষ্টোন উৎপত্তিৰ হাৰ নিয়ন্ত্রিত কৰিব পৰা যায়৷ আনহাতে, যিহেতু মূল উৎস কিডনীটো আছেই, গতিকে এবাৰ ষ্টোন হোৱাৰ পিছত পৰৱর্তী সময়ত আকৌ ষ্টোন হোৱাৰ সম্ভাৱনা থাকি যায়৷ সেয়েহে কিডনী ষ্টোনৰ হাৰ নিয়ন্ত্রণৰ ক্ষেত্রত খাদ্যাভ্যাসৰ গুৰুত্ব অপৰিসীম আৰু বিস্তৃত৷
কিডনী ষ্টোনৰ ৰোগীৰ বাবে অপকাৰী খাদ্যঃ
যিবিলাক খাদ্যত অক্সালেট বেছি পৰিমাণে থাকে, তেনেবোৰ খাদ্যৰ অধিক ব্যৱহাৰৰ ফলত কেলছিয়াম অক্সালেট ষ্টোন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তদুপৰি পিউৰিন বা ইউৰিক এচিদ বেছি থকা খাদ্য বেছিকৈ গ্রহণ কৰিলে প্রস্রাৱত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়, ফলত ইউৰিক এচিড ষ্টোনৰ সৃষ্টি হ’ব পাৰে৷
কিডনী ষ্টোনৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা অক্সালেট বেছি থকা খাদ্যঃ
(১) পালেং শাক, (২) বিলাহী, (৩) আমলখি, (৪) কাজুবাদাম, (৫) তিঁয়হ, (৬) কচু, (৭) ভেন্দি৷
কেলছিয়াম ফচফেট ষ্টোন গঠনৰ সম্ভাৱনা হ্রাস কৰিবৰ বাবে ফছফৰাছ বেছি থকা খাদ্যৰ পৰিমাণ সীমিত কৰিব লাগে৷ ফছফৰাছ বেছি পৰিমাণে থকা খাদ্যঃ
(১) মাংস, মাছ, হাঁহ, কুকুৰা, (২) গাখীৰৰ পৰা উৎপাদিত সামগ্রী, (৩) বিন, দালি, বাদাম, (৪) শীতল পানীয়, (৫) পেকেট খাদ্য৷
কিডনী পাথৰৰ ৰোগীয়ে পৰাপক্ষত এৰাই চলিব লগা পিউৰিন/ইউৰিক এচিড বেছি থকা খাদ্যঃ
(১) ফুলকবি, (২) ৰঙালাউ, (৩) কাঠফুলা, (৪) বেঙেনা৷
কিডনী ষ্টোন ৰোগীৰ বাবে বিশেষভাৱে উপকাৰী কিছুমান খাদ্যঃ
(১) নাৰিকলৰ পানী, (২) মাকৈ, (৩) বার্লি, (৪) মাটিকঁঠালৰ ৰস, (৫) কল, (৬) এলমণ্ড, (৭) নেমু, (৮) গাজৰ, (৯) কুলত্থ দালি, (১০) তিতাকেৰেলা, (১১) পানী আৰু অত্যধিক জুলীয়া পদার্থ, (১২) তৰমুজ৷