মূৰৰ বিষ মানেই চাইনাছ নহয়
মূৰৰ বিষ অতি পৰিচিত ৰোগ৷ এই মূৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ কেতিয়াবা পানী লগা অসুখ হ’লে, চোকা ৰ’দত ঘূৰা–পকা কৰিলে, চকুৰ দৃষ্টিশক্তিৰ খেলিমেলি হ’লে মূৰৰ বিষ হ’ব পাৰে৷ মূৰৰ বিষত নোভোগা মানুহ সমাজত কিজানি নোলাবই৷ বিভিন্ন গৱেষণাত এই কথা প্রমাণ হৈছে যে পৃথিৱীৰ ৬০–৬৫ শতাংশ মানুহেই জীৱনত এবাৰ মূৰৰ বিষত ভুগিছে৷ অথচ এইসকল ৰোগীৰ ৯০ শতাংশই নাজানে মূৰৰ বিষৰ কাৰণ কি? সেয়ে মূৰৰ বিষৰ চিকিৎসাও গ্রহণ কৰা নহয়৷ সাধাৰণতে ৰক্তনলীৰ অনিয়মিত সংকোচন–প্রসাৰণৰ্ কাৰণে শতকৰা ৮জনৰ মূৰৰ বিষ হয়৷ মস্তিষ্ক আৰু স্নায়ুতন্ত্রৰ অসুখৰ কাৰণেও শতকৰা ২জনৰ মূৰৰ বিষ হয়৷ ইয়াৰ পৰা দেখা যায় যে প্রকৃততে মূৰৰ বিষ হয় শতকৰা দহজনৰ৷
আপুনি জানিলে আচৰিত হ’ব যে চিকিৎসা বিজ্ঞানত ৩১৫ বিধ মূৰৰ বিষ আছে৷ প্রায় তিনি বছৰ ধৰি চলায়ো গৱেষণাৰ অন্তত এই তথ্য সদৰী কৰিছে৷ প্রধানতঃ মূৰৰ বিষক ১৩টা ভাগত বিভক্ত কৰিছে৷
মূৰৰ বিষ যেতিয়া সহ্য কৰিব নোৱাৰা হয়, তেতিয়া কাৰণ জানিবৰ বাবে চিকিৎসকৰ কাষ চাপে৷
মূৰৰ বিষ সম্পর্কে কেইটামান জানিবলগীয়া কথা–
r মূৰৰ বিষৰ লগত যদি গাৰ বিষ আছে, তেতিয়া চিন্তা কৰিব নালাগে৷ কিয়নো এইটো শৰীৰত ঠাণ্ডা লাগিও হ’ব পাৰে৷ যদি জ্বৰ হৈছে, তেন্তে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰক৷
r কেতিয়াবা মূৰৰ বিষত বমি বমি ভাব হয়৷ তেতিয়া বমি হৈ গ’লেই মূৰৰ বিষ অলপ হ’লেও কমি যায়৷
r যদিহে মূৰৰ বিষৰ লগতে কোনো এটা চকুৰ বিষ হৈছে আৰু দেখাত অসুবিধা হৈছে, তেতিয়াহ’লে চকুৰ কোনো সমস্যাও হ’ব পাৰে৷ সেয়ে চকু বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰক৷
r মূৰৰ বিষটো যদি মূৰৰ এটা ফালে হয়, লগতে বমিৰ ভাব হয়, পোহৰ আৰু ডাঙৰ শব্দত যদি বিৰক্তি অনুভৱ কৰে আৰু দেখাত অসুবিধা হয়, তেতিয়াহ’লে আপোনাৰ মাইগ্রেইনৰ সমস্যা হ’ব পাৰে৷ অৱশ্যে মাইগ্রেইনৰ সমস্যা মূৰৰ দুয়োফালে হ’ব পাৰে৷
r মূৰৰ বিষৰ লগতে যদি টোপনিৰ ভাব থাকে, অলস লাগে আৰু বমিৰ ভাব হয়, তেন্তে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰক৷
r কেতিয়াবা যদি ৰাতি মূৰৰ বিষৰ কাৰণে টোপনি ভাঙি যায়, তেতিয়াহ’লে অতি মাত্রা টেনচন, উচ্চ ৰক্তচাপ বা কেতিয়াবা ব্রেইন টিউমাৰৰ ক্ষেত্রতো এনে হোৱা দেখা যায়৷
r বন্ধ পৰিৱেশত বহু সময় থাকিলে ডাঙৰ শব্দৰ মাজত থাকিলে, ধোঁৱা–ধূলিৰ পৰিৱেশ, অতি বেছি মদ্যপান কৰিলে, বেছি ৰ’দত থাকিলে, হঠাৎ আকাশ মেঘে ঢ়াকি ধৰিলেও কেতিয়াবা আকস্মিকভাৱে মূৰ বিষায়৷
r মূৰৰ বিষৰ লগতে নাক বন্ধ থাকিলে, নাকেৰে পানী বৈ থাকিলে, লগতে কাহ আৰু হাঁচি হৈ চকুৰ তলত বিষালে চাইনাছৰ অসুখ হ’ব পাৰে৷