মেদবহুলতা আৰু ইয়াৰ প্রতিকাৰ
ডাঃ নিতুল বৈশ্য
৭৮৯৬২৪৬০০১
শৰীৰত মাত্রাধিক চর্বি সঞ্চয় হৈ অত্যধিক শকত হোৱাকেই সহজ ভাষাত মেদবহুলতা বা স্থলতা বুলি কোৱা হয়৷ সাম্প্রতিক সময়ত মেদবহুলতা এক ডাঙৰ সমস্যা ৰূপে দেখা দিছে৷ দৈহিক সৌন্দর্যত কুপ্রভাৱ পেলাই শৰীৰটো দেখিবলৈ কুশ্রী কৰি তোলাৰ উপৰি আমাৰ আভ্যন্তৰীণ স্বাস্থ্যৰ ওপৰতো মেদবহুলতাই যথেষ্ট কুপ্রভাৱ পেলায়৷ মেদবহুলতা এনে ব্যাপক ৰূপে বৃদ্ধি পাইছে যে ইয়াক যদিও আমি প্রত্যক্ষভাৱে ৰোগ বুলি অভিহিত কৰিব নোৱাৰোঁ, তথাপি ই হূদৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ আৰু গাঁঠিৰ বিষ আদিকে ধৰি অসংখ্য ৰোগৰ সৃষ্টি কৰি আমাৰ জীৱন দুর্বিষহ কৰি তুলিছে৷ উন্নত আৰু উন্নয়নশীল ৰাজ্য আৰু ৰাষ্ট্রৰ প্রায় এক তৃতীয়াংশ মানুহেই মেদবহুলতা বা ইয়াৰ পৰা উদ্ভৱ হোৱা ৰোগৰ কবলত পৰিছে৷ গতিকে মেদবহুলতা প্রতিকাৰৰ গুৰুত্ব অপৰিসীম আৰু বিস্তৃত৷
মেদবহুলতাৰ কাৰণঃ
আজিৰ আধুনিক দৈনন্দিন জীৱনশৈলীত যন্ত্রৰ সহায়ত শাৰীৰিক কষ্ট অবিহনে প্রায় সকলোবোৰ কামৰ সমাধান সম্ভৱ হৈ উঠিছে৷ ৰন্ধনৰ বাবে গেছ, খোজকঢ়া বা চাইকেল চলোৱাৰ পৰিৱর্তে মটৰচাইকেল, কাপোৰ ধুবৰ বাবে ৱাছিং মেচিন আদিৰ দৈনন্দিন বহুল ব্যৱহাৰ এই সত্য প্রমাণৰ বাবে সহজ উদাহৰণ৷ বিজ্ঞান আৱিষৃকত এনে অজস্র উপাদানৰ বহুল ব্যৱহাৰে আমাৰ শাৰীৰিক কষ্ট লাঘৱ কৰি দৈনন্দিন জীৱন প্রণালী সহজ কৰি তোলে৷ সঁচা, কিন্তু কিছুমান নূ্যনতম শাৰীৰিক পৰিশ্রম আমাৰ বাবে অতি প্রয়োজন যাৰ দ্বাৰা দৈনিক খাদ্যত গ্রহণ কৰা কেলৰি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়৷ শাৰীৰিক পৰিশ্রমহীনতাৰ কাৰণে সৃষ্ট এনে অব্যৱহূত কেলৰিয়ে আমাৰ শৰীৰত মেদবহুলতাৰ আকাৰ দিয়ে৷ আজি ১০–১২ বছৰ বয়সীয়া ল’ৰা–ছোৱালীৰো মেদবহুলতা হোৱা দেখা গৈছে, খেলপথাৰত দৌৰি খেলাৰ সলনি স্থবিৰ হৈ কোঠাৰ ভিতৰত শুই–বহি, ফাষ্টফুড খাই ভিডি’ গেম খেলাৰ অভ্যাসেই ইয়াৰ প্রধান কাৰণ৷
সময়সূচীহীনভাৱে মাত্রাধিক খাদ্য গ্রহণ, সামঞ্জস্যহীন শক্তিৰ সঞ্চয়, ম’বাইল পিটিকি বা টিভি চাই শুই–বহি কটোৱা অসক্রিয় স্থবিৰ জীৱনশৈলী, আৰামপ্রিয়তা, শাৰীৰিক পৰিশ্রমৰ অভাৱ, ফাষ্টফুড, জাংক ফুড, অত্যধিক পৰিশোধিত খাদ্যগ্রহণ আদিৰ ফলত দিনে দিনে মেদবহুলতাৰ সমস্যা ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ মেদবহুলতাৰ মুখ্য কাৰণসমূহ এনেধৰণৰ–
১) আসোঁৱাহপূর্ণ খাদ্যাভ্যাস
২) আসোঁৱাহপূর্ণ জীৱনশৈলী
৩) অস্থিৰ মানসিক অৱস্থা
৪) বংশগত
৫) কিছুমান ঔষধ সেৱনৰ ফলত যেনে– হতাশানাশক, মৃগীনাশক, মধুমেহনাশক আৰু এণ্টিছাইক’টিক আদিৰ লগতে ষ্টেৰইড, বিটা ব্লকাৰ ব্যৱহাৰ কৰি থকাৰ ফলতো মেদবহুলতাৰ হোৱাৰ সম্ভাৱনা থাকে।
৬) নিদ্রাহীনতা– পর্যাপ্ত পৰিমাণৰ টোপনি নোহোৱা বা দৰকাৰতকৈ বেছিকৈ শোৱা, এই দুয়োটাই আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ টোপনিৰ বিসংগতিৰ ফলত শৰীৰত হৰমনৰ অসন্তুলন হয়৷ হৰমনৰ এই অসন্তুলনৰ ফলত ভোক বৃদ্ধি পায়৷ ফলস্বৰূপে মানুহ এজনে অত্যধিক খাবলৈ ধৰে আৰু ইয়ে মেদবহুলতা সৃষ্টি কৰে৷
৭) গর্ভাৱস্থা– গর্ভাৱস্থা কোনো ৰোগ নহয়৷ ওজন বৃদ্ধি গর্ভাৱস্থাৰ স্বাভাৱিক পৰিঘটনা৷ কিন্তু কিছুমান মহিলাৰ ক্ষেত্রত সন্তান জন্মৰ পিছতো ওজন কমি নগৈ বাঢ়ি যায় আৰু কালক্রমত এনে মহিলা মেদবহুল হৈ পৰা দেখা যায়৷
৮) অন্যান্য৷
মেদবহুলতাৰ জোখ–মাপঃ
সাধাৰণতে ব’ডী মাচ ইণ্ডেক্স বা বি এম আইৰ সহায়ত মেদবহুলতাৰ মান নির্ধাৰণ কৰা হয়৷ বি এম আইৰ সংখ্যাই পোনপটীয়াকৈ আমাৰ শৰীৰত জমা হোৱা চর্বিৰ মান নিৰূপণ নকৰে৷ ই মাথোঁ আমাৰ শৰীৰত জমা হ’ব পৰা চর্বিৰ পৰিমাণৰ এটা আনুমানিক বা থূলমূল আভাসহে দিয়ে৷ এজন মানুহৰ বি এম আই হৈছে কিলোগ্রাম হিচাপত তেওঁৰ ওজনক বর্গমিটাৰ হিচাপত তেওঁৰ উচ্চতাৰ মানেৰে হৰণ কৰি পোৱা সংখ্যা৷ যেতিয়া বি এম আইৰ মান ৩০ বা ততোধিক হয়, তেতিয়া কোনো এজন ব্যক্তি স্থূলতাত ভোগা বুলি কোৱা হয়৷
ব’ডী মাচ ইণ্ডেক্স (বিএমআই)= ওজন (কিলোগ্রামত)+ উচ্চতা (মিটাৰত)ৰ বর্গ
বিএমআই ওজন
১৮.৫ কম ওজন
১৮.৫–২৪.৯ স্বাভাৱিক
২৫.০–২৯.৩ বেছি ওজন
৩০.০–৩৪.৯ মেদবহুলতা (গ্রেড–১)
৩৫.০–৩৯.৯ মেদবহুলতা (গ্রেড–২)
৪০ৰ বেছি অতি মেদবহুলতা (গ্রেড– ৩)
সেয়েহে শৰীৰৰ আদর্শ ওজনৰ তালিকা মানি চলিবলৈ চেষ্টা কৰা উচিত৷ অন্যথা মেদবহুলতাৰ ফলত শৰীৰত অতিমাত্রা চর্বি জমা হৈ শৰীৰৰ ওজন অত্যধিক বৃদ্ধি পায়৷ ফলত নানা ধৰণৰ স্বাস্থ্যজনিত বিপজ্জনক সমস্যা বা উপসর্গই গা কৰি উঠা দেখা যায়৷ মেদবহুলতাৰ ফলত দেখা দিয়া এনে বিপজ্জনক উপসর্গ হ’ল–
(১) হূদৰোগ আৰু ষ্ট্র’কঃ মেদবহুলতাৰ ফলত শৰীৰত ট্রাই গ্লিচাৰ’ইডৰ পৰিমাণ বৃদ্ধি পাই ভাল কলেষ্টৰ’ল বাHDL (High Density Liporotein)ৰ পৰিমাণ কমি যাব৷ ফলত হূদৰোগ বা ষ্ট্র’ক আদি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷
২৷ মধুমেহ বা ডায়েবেটিছঃ মেদবহুলতাৰ ফলত অগ্ণ্যাশয়ৰ অন্তঃস্রাৱী গ্রন্থিৰ পৰা নিঃসৰণ হোৱা ইনচুলিনৰ পৰিমাণ শৰীৰত কমি গৈ তেজত শর্কৰাৰ পৰিমাণ বাঢ়ি গৈ মধুমেহ বা ডায়েবেটিছৰ সমস্যাই দেখা দিব পাৰে৷
৩৷ স্তন, জৰায়ু, ডিম্বাশয়, পিত্তথলী, খাদ্যনলী, যকৃত, অগ্ণ্যাশয়, অন্ত্র, শৌচদ্বাৰ, প্রষ্টেট আদিৰ কর্কট হোৱাৰ আশংকা বৃদ্ধি পায়৷
৪) মহিলাৰ ক্ষেত্রত অনিয়মীয়া মাহেকীয়া আৰু বন্ধ্যাত্ব হ’ব পাৰে৷
৫) পুৰুষ আৰু মহিলা উভয়ৰে নানা ধৰণৰ যৌন সমস্যাই দেখা দিব পাৰে৷
৬) শ্লীপ এপনিয়াঃ মেদবহুলতাৰ ফলত টোপনিৰ সময়ত উশাহ–নিশাহ লোৱাত অসুবিধা আৰু লাহে লাহে শ্বাস–প্রশ্বাস বন্ধ হৈ যোৱাৰ দৰে গম্ভীৰ সমস্যা হ’ব পাৰে৷
৭) ফেটি লিভাৰ অর্থাৎ লিভাৰত চর্বি জমা হোৱাৰ সমস্যা প্রায় সকলোৰে হোৱা দেখা যায়৷ অনিয়ন্ত্রিত ফেটি লিভাৰে পিছলৈ লিভাৰ চিৰ’ছিছৰ ৰূপ ল’ব পাৰে৷
৮) অষ্টি’ আর্থাৰাইটিছ বা অন্যান্য গাঁঠিৰ বিষত ভুগিব পাৰে৷
৯) মেদবহুলতাত ভোগা লোকৰ জীৱনৰ গুণগত মানো কমি যায়৷ নিজৰ শৰীৰটোক লৈ কোনো কোনো মেদবহুল লোক হতাশাগ্রস্ত হোৱা দেখা যায়৷
১০) ওজন বৃদ্ধিৰ ফলত মেদবহুল লোকসকলৰ কর্মদক্ষতা, যৌনক্ষমতা, উৎসাহ–উদ্দীপনা কমি যাব পাৰে৷
১১) মেদবহুল লোকসকলৰ গড় আয়ুস সাধাৰণ লোকতকৈ কম হোৱা দেখা যায়৷
১২) মেদবহুল লোকসকল বিভিন্ন শল্য চিকিৎসাৰ বাবে অনুপযুক্ত বিবেচিত হ’ব পাৰে আৰু এনে লোকৰ প্রায়েই হাপানীকে ধৰি শ্বাস–প্রশ্বাসজনিত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
মেদবহুলতাৰ প্রতিকাৰ আৰু নিয়ন্ত্রণৰ উপায় ঃ
১৷ মেদবহুলতা নিয়ন্ত্রণৰ প্রথম আৰু প্রধান চর্ত হ’ল খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব প্রদান কৰা, কম কেলৰিযুক্ত পুষ্টিকৰ আহাৰ গ্রহণ কৰিব লাগে৷
২৷ খাদ্য তালিকাত প্রচুৰ পৰিমাণে শাক–পাচলি, ফল–মূল আঁহযুক্ত খাদ্য শস্যাদি থকা উচিত৷
৩৷ সম্পৃক্ত চর্বিযুক্ত খাদ্য, মিঠাই, ফাষ্টফুড, জংক ফুড, ময়দাৰে নির্মিত খাদ্যাদি কমাই আৰু মদ্যপানৰ অভ্যাস আদি পৰিহাৰ কৰা উচিত৷
৪৷ খাদ্যৰ পৰিমাণ কমাই দিনটোত খাদ্য ঘনকৈ গ্রহণ কৰা উচিত৷
৫৷ খাদ্য খোৱা বাচন বা কাঁহী আকাৰত সৰু হ’ব লাগে যাতে কম পৰিমাণৰ খাদ্য ল’লেই কাঁহীখন খাদ্য দ্রব্যৰে পৰিপূর্ণ হৈ পৰে৷
৬৷ খাদ্য ভালকৈ চোবাই খাব লাগে৷ প্রতিগৰাহ ভাত উপভোগ কৰি খাব লাগে৷ খাদ্যবস্তু খাওঁতে সময় ল’ব লাগে৷ দৌৰা দৌৰিকৈ কম সময় লৈ খাদ্য খালে মগজুৰ ছেটিয়েটি চেণ্টাৰটো সন্তুষ্ট হ’বলৈ নাপায়৷ যাৰ ফলত প্রয়োজনতকৈ অধিক খাদ্য খোৱা যায়৷
৭৷ সকলো মানুহৰ শৰীৰৰ ওজন একে নহয়৷ সাধাৰণতে এজন মানুহে এদিনতে তেওঁৰ শৰীৰৰ আদর্শ ওজনৰ ২৫ গুণ কেলৰি খাব লাগে৷ কিন্তু মেদবহুল লোক এজনে তেওঁৰ মেদবহুলতা নিয়ন্ত্রণৰ কাৰণে প্রতিদিনে তেওঁৰ শৰীৰৰ ওজনৰ ২০ গুণ কেলৰিহে খাব লাগে৷
৮৷ খাদ্যত যথেষ্ট পৰিমাণে প্রটিন থকা দৰকাৰ৷ সাধাৰণতে ১ গ্রাম প্রটিন প্রতি কিলোগ্রাম শৰীৰৰ ওজনৰ কাৰণে খাব লাগে৷
৯৷ চর্বিৰ পৰা পোৱা শক্তিৰ পৰিমাণ মুঠ শক্তিৰ ২০ শতাংশতকৈ বেছি হ’ব নালাগে৷
১০৷ নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰি মেদবিহীন স্বাস্থ্যৱান শৰীৰ এটি পাব পাৰি৷ প্রতিদিনে নিয়মিতভাৱে অতিকমেও আধাঘণ্টা শাৰীৰিক ব্যায়াম যেনে– বেগাই খোজকঢ়া, সাঁতোৰা আদিৰ লগতে যোগাসন আদি কৰাৰ অভ্যাস গঢ়ি তুলিলে মেদবহুলতাৰ পৰা অতি সহজে ৰক্ষা পাব পাৰি৷
১১৷ যোগাভ্যাসৰ পিছত গৰম পানীৰে গা ধুব লাগে৷
১২৷ অলসতা বাদ দি নিজকে সক্রিয় কৰি ৰাখিলে, হাঁহি–ধেমালি কৰি থাকিলে, পুৱা–গধূলি ধ্যান চর্চা কৰি উদ্বেগৰ পৰা আঁতৰত থাকিলে আৰু নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰখাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে মেদবহুলতা দূৰতে বিদূৰ কৰিব পাৰি৷
১৩৷ পুৱা ২০০ মিলি গৰম পানীত এক চামুচ মৌ আৰু ১ মিলি নেমু ৰস মিহলাই খাব লাগে৷
১৪৷ নিয়মিত ৬–৮ ঘণ্টা শুব লাগে৷ নিদ্রাহীনতা আৰু অতিনিদ্রা দুয়োটাই স্বাস্থ্যৰ ক্ষতিকাৰক৷
১৫৷ ৰাতিৰ খাদ্য খোৱাৰ পিছত অলপ সময় খোজ কাঢ়িব লাগে৷
১৬৷ দৈনিক সূর্য নমস্কাৰ, পাদহস্তাসন, অর্ধচক্রানুসন, ভুজংগাসন, হালাসন, ধনুৰাসন, ত্রিকোণাসন, কপালভাটি আদি কৰিব পাৰিলে সহজে সুফল পাব পাৰি৷
এইবোৰৰ উপৰি আয়ুর্বেদ চিকিৎসা শাস্ত্রত মেদবহুলতা বা স্থূলতাৰ বাবে কেতবোৰ শমন চিকিৎসা যেনে– লংঘন আমপাচন ৰুক্ষ উদবর্তন, চর্বিবিহীন গুৰু খাদ্য সেৱন, শাৰীৰিক আৰু মানসিক ব্যায়াম আদি কৰোৱা হয়৷
ইয়াৰ উপৰি কেতবোৰ সংশোধন চিকিৎসা যেনে– বমন, বিৰেচন, লেখন বস্তি আদি চিকিৎসা প্রয়োজনসাপেক্ষে কৰোৱা হয়৷
আয়ুর্বেদ চিকিৎসা বিজ্ঞানত কেতবোৰ বনৌষধি গ্রহণৰ দ্বাৰা মেদবহুলতা চিকিৎসাৰ বিধান দিয়া হৈছে৷ গুদুচি মুষ্টা শুকান আদা, দাৰুহৰিদ্রা, আমলখি, গুগগুলু আদি একক বনৌষধি মেদবহুলতাত ব্যৱহাৰ কৰা হয়৷
তদুপৰি বিভিন্ন যৌগিক আয়ুর্বেদিক ঔষধ যেনে– মেদহৰ গুগগুলু মেদহৰ বিদংগাদি লৌহ, নৱক গুগগুলু আদি এক নির্দিষ্ট পৰিমাণত ৰোগীক সেৱন কৰোৱা হয়৷
গতিকে উল্লিখিত যোগাভ্যাস–খাদ্যাভ্যাস আদিৰ জৰিয়তে মেদবহুলতা প্রতিকাৰ আৰু নিয়ন্ত্রণ কৰিব পৰা যায়৷
(উল্লিখিত ঔষধি আৰু ব্যায়াম বা যোগাভ্যাস বিশেষজ্ঞৰ পৰামর্শ অনুসৰিহে গ্রহণ কৰা উচিত)