নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৌ–মাখি বা বৰলে কামুৰিলে কৰণীয়

মৌ–মাখি বা বৰলে কামুৰিলে কামোৰা ঠাইত বিষ অনুভৱ হয়৷ কামোৰা ঠাইডোখৰ ৰঙা পৰি ফুলি উঠে৷ মৌ–মাখি বা বৰলৰ হুল সোমাই থকা ঠাইটুকুৰাৰ পৰা প্রথমে হুলডাল উলিয়াই আনিব লাগে৷ ব্যক্তিজনে যাতে বেছি ভয় নাখায় তাৰ প্রতি সচেতন হ’ব৷ হুলডাল হাতেৰে উলিয়াবলৈ অসুবিধা হ’লে চেপেনাৰে উলিয়াই আনিব লাগে৷ ইয়াৰ পিছত বেছি ঠাণ্ডা পানীত কাপোৰ তিয়াই কামোৰা ঠাইডোখৰ হেঁচি ধৰি থাকিলে বিষ কমি আহে৷ বৰলৰ বিষ ক্ষাৰকীয় হোৱা বাবে ভিনেগাৰ বা নেমুৰ ৰস দিলে বিষ কমে৷ এলার্জী কমোৱা ঔষধ গ্রহণ কৰিব পাৰে৷ যদি কামোৰা ব্যক্তিজনৰ উশাহ লোৱাত কষ্ট হৈছে, তেন্তে তৎক্ষণাৎ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰক৷

You might also like