নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্ট্রেছ ডায়েবেটিছ ৰোগৰ প্রধান কাৰণ

আপুনি যদি এজন ডায়েবেটিছ ৰোগী, তেনেহ’লে মন কৰিব যে যেতিয়াই আপুনি কিবা কাৰণত চিন্তিত হৈ পৰে তেতিয়াই আপোনাৰ শৰীৰত ছুগাৰৰ পৰিমাণো বাঢ়ি যায়৷ যেতিয়া মন শান্ত–নিশ্চিন্ত–আনন্দ্ অৱস্থাত থাকে, তেতিয়া আপোনাৰ শৰীৰত ছুগাৰৰ পৰিমাণো নিয়ন্ত্রিত হৈ থাকে৷ কিয় এনে হয়? বুজি লওক তেনেহ’লে–
যেতিয়াই আমাৰ মনলৈ কোনো প্রকাৰৰ চিন্তা আহে, তেতিয়া তাক প্রথমে গ্রহণ কৰে মগজুৰ ভিতৰত থকা এমিগ’ডালা Amygdala) নামৰ গ্রন্থি দুটাই৷ তাৰ পাছত এমিগ’ডালাই সেই সংবেদন হাইপ’থেলামাছ নামৰ গ্রন্থিটোলৈ পঠিয়ায়৷ এমিগ’ডালাই আমাৰ মনলৈ যদি কোনো ধৰণৰ নকাৰাত্মক চিন্তা বা ব্যর্থ, অনাৱশ্যক চিন্তা আহে, তেন্তে তাক শত্রু ৰূপে গ্রহণ কৰে৷ তেতিয়া ই হাইপ’থেলামাছলৈ Hypothelamus) এটা বার্তা পঠিয়াই যে শত্রু আহিছে৷ হাইপ’থেলামাছ হ’ল আমাৰ শৰীৰৰ ছিকিউৰিটী অফিচাৰৰ দৰে৷ এমিগ’ডালাৰ পৰা বার্তা পোৱাৰ লগে লগে হাইপ’থেলামাছে শৰীৰৰ সেনা বাহিনীক সজাগ কৰি দিয়ে যে ‘সাৱধান, শত্রু আহিছে, সাজু হোৱা’৷ যেতিয়া বাস্তৱ ক্ষেত্রত আপুনি কোনো শত্রুৰ সন্মুখীন হয়, তেতিয়া কি কৰে? ধৰি লওক আপুনি অফিচৰ পৰা খুব ভাগৰুৱা হৈ ঘৰলৈ আহি আছে৷ খোজ দিবলৈ মনেই যোৱা নাই, ভৰি দুখন যেন চোঁচোৰাইহে আনিছে৷ এনে অৱস্থাত আপোনাক চুবুৰীয়া বৰুৱা চাহাবৰ প্রকাণ্ড এলছেছিয়ান কুকুৰটোৱে খেদি আহিল৷ এতিয়া আপোনাৰ সন্মুখত এতিয়া দুটাই ৰাস্তা, কি কৰিব? হয় কুকুৰটোৰ লগত যুঁজিব লাগিব নহয় দৌৰিব লাগিব৷ আপুনি দেখিলে যে ইয়াৰ দাঁত আৰু নখ আছে, গতিকে যুঁজিব পৰা নাযাব৷ সেয়েহে দৌৰিব লাগিব৷ তাৰ পাছত আপুনি এনে তীব্রভাৱে দৌৰি ঘৰ পালেগৈ যে অলিম্পিকত হোৱা হ’লে স্বর্ণপদক নিশ্চিত আছিল৷
আপুনি যিজন মানুহে খোজ দিবলৈও শক্তি নথকা যেন অনুভৱ কৰিছিল, এতিয়া এই শক্তি ক’ৰ পৰা পালে? এই শক্তি দিয়ে আমাৰ শৰীৰত থকা এড্রিনেল Adrinal) নামৰ গ্রন্থিটোৱে নিঃসৰণ কৰা এড্রিনেলিন Adrinalin) নামৰ হৰম’নবিধে৷ দ্বিতীয়তে আমাক শক্তি দিয়ে গ্লুক’জে৷ এই গ্লুক’জ বা ছুগাৰ গ্লাইক’জেনৰ ৰূপত আমাৰ দেহত সঞ্চিত হৈ থাকে৷ যেতিয়াই আমাক শক্তিৰ প্রয়োজন হয়, এই সঞ্চিত গ্লাইক’জেন পুনৰ গ্লুক’জলৈ ৰূপান্তৰিত হয় আৰু তেজৰ লগত মিহলি হৈ পৰে৷
এতিয়া যেতিয়াই আপোনাৰ হাইপ’থেলামাছলৈ বার্তা আহিল যে শত্রু আহিছে, ই লগে লগে লিভাৰলৈ বার্তা পঠিয়াব যে ‘শত্রু আহিছে যুঁজিবৰ বাবে গ্লুক’জ এৰি দিয়া’৷ লগে লগে দেহত ছুগাৰৰ পৰিমাণ বাঢ়ি গ’ল৷ তাৰ পাছত হাইপ’থেলামাছে পেনক্রিয়াছ নামৰ গ্রন্থিটোলৈ বার্তা পঠিয়াব যে লিভাৰে গ্লুুক’জ এৰি আছে, গতিকে তুমি ইনছুলিনৰ নির্মাণকার্য বন্ধ কৰি দিয়া৷ অর্থাৎ ডায়েবেটিছ টাইপ–২৷
গতিকে বুজিলেনে ডায়েবেটিছৰ প্রধান কাৰণ কি? মনলৈ যেতিয়া নেতিবাচক চিন্তাবোৰ একেৰাহে আহি থাকে তাকে কোৱা হয় ষ্ট্রেছ Stress)

You might also like