মানৱ জীৱনৰ সুখৰ উৎস ক’ত? জীৱন–জীৱিকাৰ সাফল্যত? অর্থনৈতিক আৰু সামাজিক মর্যাদাত? খাদ্য গ্রহণৰ তৃপ্তিত? নে ভ্রমণ অথবা বিলাসিতাত? যোৱা কেইবাদশকজুৰি সমাপন হোৱা গৱেষণা আৰু মানুহৰ জীৱন–ভিজ্ঞতাৰ পৰা আহৰণ কৰা প্রজ্ঞা কোনোটোৱেই সুখী জীৱনৰ অন্যতম প্রধান উৎস বুলি বিবেচনা নকৰে৷ বৰঞ্চ সুনিদ্রা, শাৰীৰিক ব্যায়াম আৰু সক্রিয় জীৱন আৰু স্বাস্থ্য বিশেষকৈ পেটৰ স্বাস্থ্যকহে সুখানুভূতিৰ প্রধান উৎস বুলি উল্লেখ কৰে৷
স্বাস্থ্য তিনি ধৰণৰ হ’ব পাৰে– শাৰীৰিক, মানসিক আৰু সামাজিক৷ বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু বিশ্ববাসীয়ে সাধাৰণভাৱে মানি লোৱা সংজ্ঞামতে স্বাস্থ্য হ’ল শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে এক সম্পূর্ণ সুস্থ অৱস্থা, ই কেৱল ৰোগ বা দুর্বলতাৰ পৰা মুক্তিয়েই মাত্র নহয়৷ অর্থাৎ নিৰোগী আৰু কর্মোদ্যেমী হোৱাৰ লগতে ব্যক্তিগত সন্তুলিত মনঃস্থিতি আৰু সমাজৰ সদস্যসকলৰ লগতো সৌহার্দ্যপূর্ণ সম্বন্ধ অটুট থাকিলেহে এজন লোকক প্রকৃত ৰূপত স্বাস্থ্যৱান বুলি কোৱা হয়৷
মানুহ এক সামাজিক প্রাণী৷ কোনো মানুহেই অকলশৰীকৈ বা কেৱল নিজৰ গৌণ পৰিয়ালৰ কেইজনমান সদস্যক লৈ সুখী জীৱনৰ মাদকতা নাপায়৷ পৃথিৱীখনৰ প্রত্যেক লোকেই প্রত্যক্ষ আৰু পৰোক্ষভাৱে ইজনে সিনজনৰ লগত সংলগ্ণ আৰু নির্ভৰশীল হৈ থাকে৷ বহলভাৱে চিন্তা কৰা সকলো মানুহেই এই সংলগ্ণতা আৰু নির্ভৰশীলতা মর্মে মর্মে অনুভৱ কৰে আৰু সমাজৰ স’তে সৌহার্দ্যপূর্ণ সম্বন্ধ স্থাপন কৰে আৰু জীয়াই থকাৰ আনন্দত সমাজ জীৱনৰ প্রতি কৃতজ্ঞ হয়৷ প্রকৃততে শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা প্রতিটোৱেই ইটো–সিটোৰ পৰিপূৰক৷ সন্তুলিত সুখাদ্য, শাৰীৰিক ব্যায়াম আৰু সক্রিয় জীৱনৰ দ্বাৰা শাৰীৰিক স্বাস্থ্য ভালে ৰাখিব পাৰিলে আন বিষয়বোৰো আগবঢ়াই নিয়াত সহজ হয়৷ ভাল কথাটো হ’ল, স্বাস্থ্য সম্বন্ধীয় এই সকলোবোৰ কথাৰ লগত ধন–সম্পত্তিৰ সম্পর্ক অতি কম৷
মার্কিন যুক্তৰাষ্ট্রৰ ইয়েল বিশ্ববিদ্যালয় আৰু লণ্ডনৰ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে সমূহীয়া গৱেষণাৰ অন্তত অলপতে প্রকাশ কৰিছিল যে সুখী জীৱনৰ বাবে অর্থনৈতিক মর্যাদাতকৈ অধিক প্রয়োজনীয় বিষয় হ’ল শাৰীৰিক ব্যায়াম আৰু সক্রিয় জীৱন৷ ১.২ মিলিয়ন মার্কিন জনতাৰ ওপৰত প্রায় ৭৫টাকৈ বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম, কার্যকলাপ সামৰিবলৈ আৰু সমাজ বিষয়ক প্রশ্ণৰ ভিত্তিত কৰা এই গৱেষণা’The Lancet’ নামৰ আলোচনীত প্রকাশিত হৈছিল৷ অর্থাৎ নূ্যনতম প্রয়োজনীয়তাখিনি পূৰণৰ ব্যৱস্থা হোৱাকৈ বা সাধাৰণভাৱে জীয়াই থাকিবলৈ ধন আছে বুলি ধৰি ল’লে সুখী জীৱনৰ বাবে প্রয়োজন শাৰীৰিক সক্রিয়তা অথবা ব্যায়াম৷ ধনতকৈ শাৰীৰিক সক্রিয়তাইহে মানুহক অধিক আনন্দিত কৰে বুলি প্রকাশ৷ তদুপৰি দেখা গৈছে যে দলীয়ভাৱে খেলা দলীয় কাম বা সামাজিকীকৰণৰ সুবিধা প্রদান কৰা কামবোৰ মানুহৰ মানসিক আৰু সামাজিক স্বাস্থ্য অধিক উন্নত কৰি সুখী জীৱনৰ মাদকতা অধিক বৃদ্ধি কৰে৷ লগতে এই বিষয়টোত উল্লেখ কৰা হৈছে যে দৈনিক তিনি ঘণ্টাতকৈ অধিক শাৰীৰিক ব্যায়াম কৰাসকলৰ আকৌ মানসিক স্বাস্থ্যৰ ক্ষেত্রত ওলোটাতোহে হয়৷ গতিকে জীৱনৰ সুখৰ আৰু আনন্দৰ বাবে বৰ বেছিকৈ স্বাস্থ্যৰ চিন্তা কৰি অত্যধিক শৰীৰ চর্চা, ব্যায়া কৰাৰো কোনো প্রয়োজন নাই৷ অনবৰতে স্বাস্থ্য, খাদ্য আৰু ব্যায়ামৰ অত্যধিক চিন্তা আৰু সচেতনতাই মনোজগতক আৱৰি ৰখাটো মানসিক স্বাস্থ্যহীনতাৰ লক্ষণ৷ নিয়মীয়া সন্তুলিত সক্রিয় জীৱনৰ এক অভ্যাসহে মানুহক সুখী কৰে৷ অভ্যাসে কোনো চিন্তা নকৰাকৈ সকলো কাম–কাজ সহজ কৰি পেলায়৷ পৰিকল্পিত আৰু সন্তুলিত সুখাদ্য গ্রহণৰ অভ্যাস, নিতৌ শৰীৰিক পৰিশ্রম, ব্যায়াম তথা সক্রিয় জীৱন যাপনৰ অভ্যাসে চিন্তাহীনভাৱে আজীৱন স্বাস্থ্য অটুট ৰাখে আৰু মানসিকভাৱে, সামাজিকভাৱে প্রফুল্লিত কৰি ৰাখে৷ এবাৰ শাৰীৰিক–মানসিক–সা স্বাস্থ্যৰ উমৈহতীয়া তথা প্রকৃত সুস্বাস্থ্যৰ জুতি পোৱা লোক এজন স্বাস্থ্য সাধনাৰ নিচাত আসক্ত হ’বলৈ বাধ্য৷ আমাক এনে নিচাসক্ত মানুহৰ প্রয়োজন, যাৰ জীয়াই থকাৰ আনন্দই অনুপ্রেৰণা যোগায় মানুহক জীনৱমুখী হ’বলৈ তথা প্রকৃতার্থতেই সুখী হ’বলৈ৷
মানসিক স্বাস্থ্য বহু পৰিমাণে নির্ভৰ কৰে মানুহৰ খাদ্যৰ গুণাগুণ,পৰিচ্ছন্নতা, নিয়মিত অভ্যাস আৰু পেটৰ স্বাস্থ্যৰ ওপৰত৷ দীর্ঘকাল ধৰি ক্র’নিক কোষ্ঠকাঠিন্যত ভুক্তভোগী হৈ টয়লেটতেই জীৱনৰ আধাখিনি সময় আৰু চিন্তন অতিবাহিত কৰিবলগীয়া হ’লে বাকী সকলোবোৰ থাকিও মানুহ সুখী হোৱাটো দূৰৰে কথা বিমর্ষ নহৈ নোৱাৰে৷ ৰজা আকবৰ আৰু বীৰবলৰ জনপ্রিয় সাধুকথা ‘হগাৰ সমান সুখ নাই’ৰ দৰে অগাধ ধন–সম্পত্তি, ৰাজ দৰবাৰ, শক্তি সকলোবোৰৰ ওপৰত শাৰীৰিক অৱস্থাৰ স্থান৷ ‘চৰম সুখৰ উৎস’ সম্পর্কে ৰজাৰ প্রশ্ণতনো বাৰু বীৰবলে এনে অশোভনীয় উত্তৰ দিব পায়নে? আকবৰৰ প্রথম অৱস্থাত খং উঠিলেও বীৰবলে কোৱা কথাষাৰ যে একেবাৰে সঁচা তাৰ প্রমাণ দেখুৱাইছিল ৰজাক অকলশৰে জলভ্রমণত দীঘলীয়া সময়ৰ বাবে নি৷ এয়া এক পূর্বক অধ্যায়৷
পৰিচ্ছন্নতা, বিশুদ্ধ পানী আৰু সন্তুলিত সতেজ শাক–পাচলি, ফূল–মূলেৰে ঘৰতে পৰিকল্পিতভাৱে খোৱাৰ অভ্যাস কৰি নিজৰ পেটৰ ওপৰত নিজেই পৰীক্ষা কৰি ভাল–বেয়াবোৰ চিনাক্ত কৰিব পাৰিব লাগিব৷ এই কথা সকলোৰে বাবেই সঁচা যে বাহিৰৰ হোটেল–ৰেষ্টুৰেণ্টৰ অহাৰ যিমানেই ভাল বুলি বর্ণনা কৰিলেও বহু সময়তেই সি অখাদ্য৷ ভালকৈ হজম কৰি নিয়মিত খোলোচাকৈ মলত্যাগ কৰিব নোৱাৰা সকলো আহাৰেই অখাদ্য৷ এনে খাদ্যবোৰে কেৱল শৰীৰেই নহয়, মন–মগজুও বিৰক্ত কৰি পেলায়৷
পেট আৰু মগজুৰ প্রত্যক্ষ সম্বন্ধ আছে৷ মগজুৱে সুখানুভূতি নিয়ন্ত্রণ কৰে৷ আনহাতে, পেটৰ স’তে সুখানুভূতি বা মুডৰ সম্পর্ক অতি ওচৰ৷ অত্যধিক চেনি জাতীয় খাদ্য, অনপযোগী বেয়া চর্বি আৰু এনে চর্বিত বাৰে বাৰে ভজা খাদ্য, বেকাৰী, ক’ল্ড ড্রিংক আৰু প্র’চেছড্ আহাৰ গ্রহণে মানুহৰ শৰীৰ–মন দুয়োলৈকে আনে অলসতা৷ বহু সময়ত ভিন্ন খাদ্যৰ পৰা সমানেই শক্তি আহৰণ কৰিলেও এনে শক্তি গুণগত দৃষ্টিৰে একে নহয়৷ অর্থাৎ পালেং শাক খাই ৩০০ কেলৰি শক্তি লাভ কৰা আৰু পেষ্ট্রি বা আইচক্রীম খাই ৩০০ কেলৰি শক্তি আহৰণ কৰা একে নহয়৷ খাদ্যই দেহাক কেৱল শক্তিয়েই মাত্র নোযোগায়, মুডৰো নিয়ন্ত্রণ কৰে৷ পৰীক্ষা মতে, ট্রান্সফেটযুক্ত ভজা বেকাৰী জাতীয় খাদ্যই মানুহৰ মুড খঙাল আৰু আক্রমণাত্মক কৰি তোলে৷ পৰিৱর্তে, সতেজ ফল–মূল আৰু সাধাৰণ শাক–পাচলিয়ে মানুহক শান্ত, সমাহিত আৰু সুখী কৰি পেলায়৷
মূলতঃ পেট ভাল আৰু পৰিষ্কাৰ হৈ আছে নে নাই জানিবলৈ নিয়মীয়া খোলোচা আৰু পৰিষ্কাৰকৈ মল ত্যাগ কৰিলেই মোটামুটিভাৱে ভালেই আছে বুলি জানিব পাৰি৷ আৰু ইয়াৰ বাবে সাধাৰণভাৱে দৰকাৰ উল্লেখ কৰা সতেজ ফলমূল, শাক–পাচলি, সাধাৰণ ঘৰুৱা আহাৰ আৰু বিশুদ্ধ পানী৷ গুৰুত্বপূর্ণ কথাটো হ’ল আমাৰ পেটৰ স্নায়ুতন্ত্রৰ enteric Nerve) পৰা চেৰেটনিন নামৰ হৰমন নিঃসৰণ হয়৷ মগজুৱে মেলটনিন হৰম’ন (নিদ্রাৰ হৰম’ন) নিঃসৰণ কৰাত চেৰেটনিনে সহায় কৰে৷ গতিকে পেটৰ স্নায়ুতন্ত্রৰ পৰা চেৰেটনিন হৰম’ন সঠিকভাৱে নিঃসৰিত হৈ থাকিলে সুনিদ্রা, খাদ্য খোৱাৰ মাদকতা, নৰম সুখানুভূতিয়ে জীয়াই থকাৰ আনন্দ বৃদ্ধি কৰে৷ পেটৰ স্নায়ুৱে ঠিক মতে চেৰেটনিন নিঃসৰণ কৰিব নোৱাৰিলে প্রত্যক্ষ বা পৰোক্ষাভাৱে উদ্বেগ, মানসিক অৱসাদ, হতাশা, নিদ্রাহীনতাত ভোগাৰ সম্ভাৱনা প্রবল৷
‘গাট’ Gut) শিৰোনামৰ কিতাপখনৰ লেখিকা চিকিৎসক গিউলিয়া এণ্ডার্চৰ মতে আমাৰ আৱেগসমূহ পেট বা পাচনতন্ত্র আৰু মস্তিষ্ক মিলি নিয়ন্ত্রণ কৰে৷ উদাহৰণস্বৰূপে এটি শিশুৱে ভৰ পেট খোৱাৰ পিছত প্রকাশ কৰা অনুভৱ (আনন্দানুভূতি), ভোক লগাৰ সময়ৰ অনুভৱ (কন্দা–কটা, মন বেয়া কৰা)ৰ পার্থক্যৰ পৰা বহু কথাৰ উমান ল’ব পাৰি৷ খোৱাৰ পিছত শিশু এটা পুনৰ উমলিবলৈ ধৰে৷ বয়সৰ লগে লগে ভোকত কোনো লোকে শিশুৰ দৰে কান্দি নেপেলায়, কাৰণ ডাঙৰৰ ক্ষেত্রত অন্য ইন্দ্রিয় sense) বোৰেও কাম কৰে আৰু আৱেগ নিয়ন্ত্রণ কৰাত সহায় কৰে৷ সেইবুলি খালী পেটে কাউ–বাউ কৰি থাকিলে ডাঙৰৰ মনটোও ভাল লাগি থাকিব পাৰে জানো?
গৱেষণামূলক পৰীক্ষাত পোৱা গৈছে যেIBS (Irritable Bowl Syndrome), পেট ভালে নথকা, ডায়েৰীয়া, কোষ্ঠকাঠিন্য আদি নানা ধৰণৰ পেটৰ অসুখত ভোগা লোকসকলৰ মানসিক উদ্বেগ আৰু হতাশাজনিত সমস্যা আন লোকতকৈ অধিক৷
উল্লেখনীয় দিশটো হ’ল, মনটো ভাল লগা অর্থাৎ সুখানুভূতিৰ মূল দুটা হৰম’ন ড’পামিন আৰু চেৰেটনিন মানুহৰ পেটতেই উৎপন্ন হয়৷ শেহতীয়া বিশ্বজুৰি কৰা গৱেষণাই এই কথা প্রতিষ্ঠা কৰিছে যে আমাৰ পেটত থকা বেক্টেৰিয়াবোৰে এই কামত মূল ভূমিকা পালন কৰে৷ অর্থাৎ আমাৰ পেটত আজীৱন বসতি কৰা বেক্টেৰিয়াবোৰৰ কলনিয়েই সুখানুভূতি আৰু অনুপ্রেৰণাৰ সৈতে জড়িত নিউৰ’ট্রেন্সমিটাৰবোৰ নিঃসৰণ কৰে বা কৰাত সহায় কৰে৷
এগৰাকী শিশু প্রথম ভূমিষ্ঠ হোৱাৰ সময়ৰে পৰা জীৱনৰ প্রথম এহাজাৰ দিনৰ ভিতৰতেই প্রতিজন মানুহৰ পেটৰ ভিতৰত একক মাইক্র’বায়’মৰ বিকাশ আৰু সৃষ্টি হয়৷ প্রতিজন লোকৰ পেটৰ এই মাইক্র’বায়’ম বিভিন্ন বেক্টেৰিয়াৰ একক সমাজ৷ জন্মৰ এহাজাৰ দিনৰ ভিতৰতেই সম্পূর্ণ বসতি আৰম্ভ কৰা এই বেক্টেৰিয়া–সমাজখনে মানুহৰ পৰৱর্তী জীৱনৰ স্বাস্থ্য, সুখ–দুখ–আৱেগ–নুভ্ বহু পৰিমাণে নিয়ন্ত্রণ কৰে৷ এনে প্রেক্ষাপটত আমাৰ হাততনো থাকিল কি ইয়াতো উল্লেখনীয় বিষয়টো হ’ল যে পেটৰ এই বেক্টেৰিয়া–সমাজখন আমি কেতবোৰ ভাল আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাসেৰে জীৱনজুৰি অতি মৃদু গতিত সলনি কৰিব পাৰো৷
বিশ্বৰ বিভিন্ন ঠাইৰ আৰু বিশেষকৈ হার্ভার্ডৰ স্বাস্থ্য বিজ্ঞানীসকলে পেটৰ স্বাস্থ্য ভালে ৰাখিবলৈ দিয়া পৰামর্শবোৰৰ ভিতৰত কেতবোৰ হৈছে (ক) পেকেজড আৰু পৰিশোধিত খাদ্য পৰিহাৰ কৰি সম্পূর্ণ খাদ্য whole food) অর্থাৎ গোটা খাদ্য অপৰিশোধিত চাউল– শস্য–বুট–মাহজাতীয়্ খাদ্য–গোটা ফলমূল, সতেজ স্থানীয় শাক–পাচলি আদি গ্রহণ কৰা৷ পেকেজড আৰু পৰিশোধিত processed) খাদ্যত থকা অপ্রয়োজনীয় ফুড এডিটিভ আৰু প্রিজাৰভেটিভবোৰে পেটত থকা ভাল বেক্টেৰিয়াবোৰক ধ্বংস কৰাৰ সম্ভাৱনা থাকে৷
(খ) দৈ (চেনি নিদিয়া), প্রাকৃতিকভাৱে কিন্বন কৰা খাদ্য যেনে– কোৰিয়ান ‘কিমচি’, জার্মানী, নেদাৰলেণ্ড, চউৰক্রাউট, জাপানী, মিছ’, স্থানীয় নগা আখুনি আদি৷