সুস্বাস্থ্য আৰু সৰল জীৱন যাপন
- বন্তি বৰঠাকুৰ বৰুৱা
মানৱ জীৱনত প্রয়োজনৰ অন্ত নাই৷ আজি যদি এবিধ নতুন সামগ্রী বজাৰত ওলাইছে, সেইটো আনি ব্যৱহাৰ কৰি থাকোঁতেই আন এক কোম্পানীয়ে ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে নতুন চমক দি একেবিধ সামগ্রীকেই খুব কম সময়ৰ ব্যৱধানত বজাৰত উলিয়াই দিয়ে৷ নতুন বস্তুটো চকুত পৰাৰ লগে লগে আগতে ব্যৱহাৰ কৰি থকা বস্তুটো আমাৰ মনত আওপুৰণি যেন ভাব হয়৷ গতিকে সেইটো এলাগী কৰি পুনৰ নতুনটো ব্যৱহাৰ কৰিবলৈ আমাৰ মন অস্থিৰ হৈ পৰে৷ ইলেক্ট্রনিক সা–সৰঞ্জামৰ ক্ষেত্রত এই উপলব্ধি বেছিকৈ অনুভৱ কৰা যায়৷ দুচকীয়া, চাৰিচকীয়া যান–বাহনকে আৰম্ভ কৰি ফ্রিজ, টিভি, মোবাইল ফোন ইত্যাদি ইলেক্ট্রনিক সামগ্রীবোৰ বর্তমান জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিছে আৰু এই সামগ্রীসমূহ ব্যৱহাৰ কৰাৰ ফলত আমাৰ সময় যথেষ্ট ৰাহি হৈছে৷ বর্তমান কর্মব্যস্তসকলৰ বাবে এনেধৰণৰ ইলেক্ট্রনিক সা–সৰঞ্জাম অবিহনে জীয়াই থকা যেন সম্ভৱেই নহয়৷ লাগতিয়াল সামগ্রীৰ তালিকাখন যেন দিনে দিনে বাঢ়ি যাব ধৰিছে৷ এনে তালিকাৰ কিছু সামগ্রী পাছলৈ অদৰকাৰী, পেলনীয়া সামগ্রীত পৰিণত হ’বলৈও পিছে বৰ বেছি দিন নালাগে৷ ইয়াৰ কাৰণ হৈছে আমি বেছিভাগ বস্তুৱেই প্রয়োজনলৈ লক্ষ্য নকৰি আনক দেখি কিনো৷ ফলত ঘৰবোৰ অলাগতিয়াল বস্তুৰ ভঁৰাল হৈ পৰে৷ মচলা পিছা পটা আৰু ঢ়েঁকিৰ সলনি ব্যৱহাৰ কৰিবলৈ লৈছোঁ মিক্সি, কাপোৰ ধুইছোঁ ৱাছিং মেচিনত৷ অসমীয়াৰ সুস্বাদু খাদ্য খাৰ, টেঙা, আদখৰীয়া ৰন্ধাৰ এলাহত প্রায়েই ৰেষ্টোৰেণ্টৰ খাদ্যৰ সোৱাদ লৈ বিলাসী জীৱন যাপন কৰিছোঁ৷ এখোজো নকঢ়াকৈ ঘৰৰ চোতালৰ পৰা গন্তব্যস্থললৈ নিজা বিলাসী বাহনত উঠি গৈছোঁ৷ ফলত আমাৰ শৰীৰ হৈ পৰিছে জঠৰ, অকামিলা৷ আমি সাধাৰণ মানুহখিনিয়ে প্রচুৰ প্রাচুর্যৰ মাজত সুখৰ সন্ধান কৰোঁ৷ প্রচুৰ ধন–ঐশ্বর্যৰ মাজত ডুব হৈ থকা মানুহবোৰ সঁচাই সুখীনে? আচলতে বহু বয়–বস্তু থাকিলেই মানুহ ধনী নহয়, যাৰ প্রয়োজন কম আৰু যিজনে নিজৰ থকাখিনিক লৈয়ে সন্তুষ্ট থাকে তেওঁহে প্রকৃত অর্থত চহকী৷ ইলেক্ট্রনিক সামগ্রীসমূহ ব্যৱহাৰ কৰি আমি যদিও লাভৱান হৈছোঁ, তাৰ বিপৰীতে ক’ব নোৱাৰাকৈয়ে এই অভ্যাসে আমাৰ দেহত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সময় বচোৱাৰ অচিলা লৈ ভিন ভিন ইলেক্ট্রনিক সামগ্রী ব্যৱহাৰ কৰি শৰীৰটোক আমি যিমানেই আৰাম দিবলৈ আৰম্ভ কৰিছোঁ, সিমানেই আমাৰ শৰীৰত বেমাৰে বাহ লৈছে৷ শৰীৰৰ সঞ্চালন কমি যোৱাৰ ফলত মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নানা ৰোগে আমাৰ শৰীৰ আক্রান্ত কৰি তুলিছে৷ এইসমূহ ৰোগৰ পৰা পৰিত্রাণ পাবলৈ কেৱল পথ্য আৰু দৰবেই যথেষ্ট নহয়৷ কেৱল দৰবৰ ওপৰত নির্ভৰ নকৰি খোজ কঢ়া, চাইকেল চলোৱা, ঘৰ সৰা, বাৰীয়ে–ঘৰে ইটো–সিটো কাম কৰা আদি অভ্যাস কৰিব পাৰিলে আমাৰ শৰীৰটো সুস্থ কৰি ৰখাত ই যথেষ্ট অৰিহণা যোগায়৷ অনবৰতে যান্ত্রিক দুচকীয়া, চাৰিচকীয়া বাহনত উঠি ফুৰাটো কেৱল নিজৰ শৰীৰৰ বাবেই হানিকাৰক নহয়, ই পৰিৱেশৰ ওপৰতো বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ যান–বাহনৰ পৰা নির্গত ধোঁৱাই শব্দ প্রদূষণ আৰু বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি কৰে৷ কম দূৰত্বৰ পথ অতিক্রম কৰিবলৈ যান্ত্রিক বাহনৰ পৰিৱর্তে খোজ কঢ়া নাইবা ইন্ধনবিহীন চাইকেলখন ব্যৱহাৰ কৰিব পাৰোঁ৷ এই অভ্যাসে পাৰিপার্শ্বিক পৰিৱেশ অটুট ৰখাৰ উপৰি আমাৰ স্বাস্থ্যৰ ওপৰতো সুপ্রভাৱ পেলায়৷ শাৰীৰিক স্বাস্থ্য বর্তাই ৰাখিবলৈ আৰামদায়ক বিলাসী জীৱন পৰিত্যাগ কৰি সৰল জীৱন যাপন কৰাৰ অভ্যাস কৰাটো অতি জৰুৰী ৷
শৰীৰ নিৰোগী অৰু সবল কৰি ৰাখিবলৈ সকলো বয়সৰ মানুহেই নিয়মিত শাৰীৰিক পৰিশ্রম বা ব্যায়াম কৰাটো একান্তই প্রয়োজনীয় কথা৷ সহজ–সৰল জীৱনধাৰাই হ’ল সুখী জীৱনৰ চাবি–কাঠী৷
জীৱনটো সৰল কৰি তুলিবলৈ হ’লে আমি খোৱা–বোৱাকে আদি কৰি ঘৰুৱা আচবাবলৈকে সকলো ক্ষেত্রতে সাৱধানতা অৱলম্বন কৰিব লাগে৷ সহজ–সৰল জীৱন ধাৰাই সুখী জীৱনৰ চাবি–কাঠী৷ কোৱা হয় সুস্থ হৈ থাকিবলৈ হ’লে সদায় দৰিদ্রৰ দৰে খাব লাগে৷ সহজে হজম হোৱা পৰিমিত আহাৰ সুস্বাস্থ্যৰ আধাৰ৷ সৰল জীৱন যাপন কৰি পৰম্পৰাগত সহজে হজম হোৱা সৰল আহাৰ গ্রহণ কৰা লোকসকলৰ বেমাৰ–আজাৰ বিলাসী জীৱন যাপন কৰা লোকসকলতকৈ কম৷ এইক্ষেত্রত আমাৰ অসমৰ মাজুলীকে আদি কৰি বিভিন্ন স্থানত থকা সত্রসমূহৰ সত্রাধিকাৰ আৰু ভকত–বৈষ্ণৱসকল জীৱন ধাৰা সঁচাকৈয়ে অনুকৰণীয়৷ ধান, মাহ, শাক–পাচলি সকলো নিজ হাতেৰে কষ্ট কৰি উৎপাদন কৰাৰ উপৰি আজৰি সময়খিনি বৌদ্ধিক তথা আধ্যাত্মিক চিন্তা–চর্চাত মগ্ণ হৈ থাকে৷ সহজ–সৰল জীৱন ধাৰণৰ বাবেই হয়তো তেওঁলোকে সুস্বাস্থ্যৰ জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে৷ মুঠৰ ওপৰতSimple living high thinking কথাষাৰ সাৰোগত কৰি চলিব পাৰিলে জীৱন সুন্দৰ হয় ৷