এনজাইনা পেক্ট’ৰিছ হার্ট এটেক আৰু ইয়াৰ ভয়াৱহতা
আমি আমাৰ দৈনন্দিন জীৱনত কিছুমান ঘটনা প্রায়ে শুনিবলৈ বা দেখিবলৈ পাওঁ যেনে– তাৰ দেউতাকৰ হার্ট এটেক হৈছে, মিটিঙত ভাসন দি থাকোঁতেই হঠাতে ঢুকোৱা বক্তাজনৰ চাগে হার্ট এটেক হৈছিল ইত্যাদি৷ মানুহে কেনেকৈ গম পাব বা অনুমান কৰিব পাৰিব যে মানুহ এজনৰ হার্ট এটেক হৈছে? আচলতে কি এই হার্ট এটেক? সর্বসাধাৰণ ৰাইজক ইয়াৰ বিষয়ে কিছু অলপ আভাস দি সামান্য পৰিমাণে হ’লেও জ্ঞাত কৰিবৰ কাৰণে মোৰ এই লেখাটো আগবঢ়াইছোঁ আৰু হার্ট এটেকৰ বিষয়ে সাধ্যানুসৰি কিবা অলপ হ’লেও সজাগ কৰাবৰ প্রয়াস কৰিছোঁ৷
আমাৰ দেহৰ বক্ষগহ্বৰৰ অলপ বাঁওফালে দুই হাঁওফাঁওৰ মাজত থকা আৰু নিজৰ হাতৰ মুঠিটোৰ সমান হূদযন্ত্রটো এবিধ বিশেষ পেশীৰে নির্মিত চাৰিটা কোঠালিযুক্ত এটা শংকু আকৃতিৰ অংগ৷ ইয়াৰ ওপৰৰ কোঠালি দুটা হ’ল সোঁ আৰু বাঁও অলিন্দ Right and Left atrium) আৰু তলৰ দুটা হ’ল সোঁ আৰু বাঁও নিলয় Right and Left ventricle)৷ ইয়াৰ এটা মূৰক কোৱা হয় শীর্ষ Apex), যিটো তলমুৱাকৈ অৱস্থিত আৰু আনটো মূৰক কয় ভূমি Base), যিটো ওপৰমুৱাকৈ অর্থাৎ ওপৰৰ ফালে অৱস্থিত৷ অলিন্দ আৰু নিলয়ৰ সংযোগী ঠাইখিনিক খাঁজ Sulcus) বুলি কোৱা হয়৷ আমাৰ গোটেই শৰীৰটোক হূদযন্ত্র বা হার্টটোৱে যিদৰে বিভিন্ন ধমনী, সিৰা–উপসিৰাৰ জৰিয়তে তেজৰ যোগান ধৰে, ঠিক তেনেদৰে আমাৰ হূদযন্ত্রটোকো একেধৰণে কিছুমান ধমনী আৰু সিৰা–উপসিৰাই তেজৰ যোগান ধৰি থাকে৷ হূদযন্ত্রৰ এই ধমনীবোৰক কোৱা হয় ক’ৰ’নাৰী ধমনী বুলি৷ হূদযন্ত্রৰ পেশীসমূহে প্রধানকৈ দুডাল ক’ৰ’নাৰী ধমনীৰ জৰিয়তে তেজৰ লগতে অক্সিজেন আৰু আন আন পৰিপুষ্টিসমূহ লাভ কৰে৷ হূদযন্ত্রৰ পৰা গোটেই শৰীৰত তেজৰ যোগান ধৰিবৰ কাৰণে যিডাল ডাঙৰ ধমনী ওলায়, এই ধমনীডালৰ নাম হৈছে মহাধমনী Aorta)৷ হূদযন্ত্রৰ পৰা মহাধমনী আৰম্ভ হৈ ঠিক ওপৰলৈ উঠিবলৈ ধৰা ঠাইত, অর্থাৎ ঊর্ধ্বমুখী মহাধমনীৰ Assending Aorta) গুৰিৰ পৰা সোঁ আৰু বাঁও নাম লৈ দুডাল ক’ৰ’নাৰী ধমনী Right and Left Coronary Artery) ওলায়৷ এই ধমনী দুডাল ক্রমে হূদযন্ত্রৰ বাঁও আৰু সোঁফাললৈ গৈ তাৰ পেশীসমূহক বিভিন্ন শাখা–প্রশাখাৰ জৰিয়তে তেজৰ লগতে পুষ্টিৰ যোগান ধৰে৷ বাঁও ক’ৰ’নাৰী ধমনীৰ পৰা দুডাল ডাঙৰ শাখা ধমনী ওলায়৷ এডাল হ’ল সন্মুখ অলিন্দ–নিলয় শাখা বা সন্মুখৰ নিম্নমুখী শাখা Anterior atrio- ventricular branch or Anterior atrio -ventricular descending artery)৷ এই শাখাটোৱে সন্মুখ অলিন্দ–নিলয় খাঁজেৰে হূদযন্ত্রৰ শীর্ষৰ ফাললৈ নামি যায়৷ আনডাল হ’ল পৰিৱেষ্টক বা ঘেৰ খোৱা শাখা৷ এই শাখাডাল হূদযন্ত্রৰ বাঁও সীমাৰে ঘূৰি পিছফাললৈ গৈ পশ্চাৎ অলিন্দ–নিলয় খাঁজৰ মধ্যাংশলৈকে যায়৷ আনহাতে সোঁ ক’ৰ’নাৰী ধমনীয়ে হূদযন্ত্রৰ সোঁ–সীমাৰে ঘূৰি পশ্চাৎ অলিন্দ–নিলয় খাঁজেৰে তাৰ মধ্য বিন্দুলৈ পশ্চাৎ অলিন্দ–নিলয় শাখা বা পশ্চাৎ নিম্নমুখী শাখা নাম লৈ হূদযন্ত্রৰ শীর্ষলৈ নামি যায়৷ এইদৰে এই দুই ক’ৰ’নাৰী ধমনীয়ে হূদযন্ত্রটোৰ গাত অজস্র শাখা–প্রশাখাৰ সৃষ্টি কৰে৷ কিন্তু শৰীৰৰ অন্য ঠাইত যিদৰে বিভিন্ন শাখা–প্রশাখাৰ ব্যাপক পৰিমাণৰ মিলন anastomoses) হয়, এই ব্যাপক পৰিমাণৰ শাখা–প্রশাখাৰ মিলন কিন্তু হূদযন্ত্রৰ ক্ষেত্রত নহয়৷ অর্থাৎ, অতি কমসংখ্যক শাখা–প্রশাখাৰ মিলনেৰে ক’ৰ’নাৰী ধমনীবোৰে হূদযন্ত্রটোৰ গোটেই গাত নিজা নিজা পথেৰে নিজা নিজা গতিত তেজ প্রৱাহিত কৰি থাকে৷ সেই কাৰণে শৰীৰৰ অন্য ঠাইত কোনো এটা শাখা বন্ধ হৈ গ’লেও বা বিসংগতি ঘটিলেও সেই শাখাটোৱে শৰীৰৰ যিটো অংশলৈ তেজ যোগান ধৰিব লাগিছিল, সেই অংশটোৱে সেই ঠাইত মিলন হোৱা অন্য কোনো শাখাৰ পৰা তেজ বা পুষ্টি লাভ কৰিব পাৰে৷ কিন্তু হূদযন্ত্রৰ ক্ষেত্রত ধমনীৰ শাখা–প্রশাখাৰ মিলন শৰীৰৰ অন্য অংশতকৈ কম কাৰণে ক’ৰ’নাৰী ধমনীৰ কোনো এটা শাখাৰ কিবা কাৰণত বিসংগতি ঘটিলে অথবা তাৰ মাজেৰে প্রৱাহিত তেজৰ পৰিমাণ হ্রাস পালে, সেই শাখাই হূদযন্ত্রৰ যিটো অংশলৈ তেজৰ বা পুষ্টিৰ যোগান ধৰিব লাগিছিল, সেই বিশেষ অংশটোৱে আন কোনো শাখাৰ পৰা তেনেধৰণৰ পুষ্টি লাভ কৰিব নোৱাৰা হয়৷ ফলত সেই বিশেষ অংশটোত তেজৰ পৰিমাণ কমি যায় আৰু সেই অংশৰ পেশীসমূহে লাহে লাহে যথেষ্ট ৰক্তাল্পতাজনিত Ischaemia) চাপৰ সন্মুখীন হয়৷ ফলত মানুহজনে বুকুত লাহে লাহে এক অসহনীয় বিষ অনুভৱ কৰে৷ হূদযন্ত্রৰ কাৰণে বুকুত হোৱা এনেধৰণৰ বিষক এনজাইনা পেক্ট’ৰিছ Angaina Pectoris) বুলি কোৱা হয়৷
এতিয়া কথা হ’ল কি কাৰণত বাৰু শৰীৰৰ ধমনীবোৰ, ক’ৰ’নাৰী ধমনী বা ধমনীৰ শাখাবোৰ বন্ধ হৈ যায়৷ এই ধমনীৰ বেৰবোৰৰ ভিতৰত তিনিটা স্তৰ থাকে– টিউনিকা এডভেনটিচিয়া, টিউনিকা মেদিয়া আৰু টিউনিকা ইনটিমা৷ হূদযন্ত্রৰ ক্ষেত্রতো ইয়াৰ ব্যতিক্রম নহয়৷ ইয়াৰ আটাইতকৈ ভিতৰৰ স্তৰটো হ’ল টিউনিকা ইনটিমা৷ এই স্তৰটোৰ গভীৰত আমি খোৱা খাদ্যবস্তুৰ পৰা অতিৰিক্ত চর্বীজাতীয় দ্রব্য জমা হৈ ক্রমান্বয়ে ধমনীৰ নলা সংকুচিত কৰে৷ এইদৰে ধমনীৰ নলা সংকুচিত হোৱা প্রক্রিয়াটোক কোৱা হয় চর্বীজনিত ধমনী সংকোচন বা এথেৰ’স্কলেৰ’ছিছ Atherosclerosis)৷ এইদৰে ধমনীৰ নলা সংকুচিত হোৱাৰ ফলত তাৰ মাজেৰে প্রৱাহিত হ’বলগীয়া তেজৰ পৰিমাণ প্রয়োজনতকৈ হ্রাস পায়৷ এটা কথা উল্লেখ কৰা প্রয়োজনীয় যে আমাৰ হূদযন্ত্রৰ লগতে শৰীৰৰ গোটেই অংশৰ কোষ বা কলাসমূহলৈ এই ধমনীবোৰৰ মাজেৰে প্রৱাহিত হোৱা তেজৰ জৰিয়তেই পুষ্টিৰ যোগান ধৰা হয়৷ জিৰণি অথবা নিয়মিত অৱস্থাতকৈ শাৰীৰিক শ্রম যেনে – খেল–ধেমালি, দৌৰা–ঢ়পৰা আদিৰ সময়ত হূদযন্ত্রৰ কাম যথেষ্ট বৃদ্ধি পায়৷ কাৰণ জিৰণি অৱস্থাতকৈ শাৰীৰিক শ্রম কৰা অৱস্থাত শৰীৰৰ কোষসমূহক অধিক শক্তিৰ প্রয়োজন হয়৷ ইয়াৰ কাৰণে হূদযন্ত্রটোৱে প্রৱাহিত তেজৰ পৰিমাণো বৃদ্ধি কৰিবলগীয়া হয়৷ ফলত হূদযন্ত্রৰ গতি অর্থাৎ সংকোচন প্রসাৰণো বৃদ্ধি পায় আৰু অতিৰিক্তভাৱে প্রৱাহিত তেজৰ পৰিমাণে শৰীৰৰ কোষ অথবা পেশীসমূহক শ্রম কৰাৰ কাৰণে অতিৰিক্ত তেজৰ বা শক্তিৰ যোগান ধৰিবলৈ সমর্থ হয়৷ ঠিক তেনেদৰে শৰীৰৰ অন্য কোষসমূহৰ নিচিনাকৈ হূদযন্ত্রৰ কোষসমূহকো বা পেশীসমূহকো জিৰণি অৱস্থাৰ তুলনাত শ্রম কৰা অৱস্থাত অধিক শক্তিৰ প্রয়োজন হয়৷ ফলত হূদযন্ত্রৰ ক’ৰ’নাৰী ধমনীসমূহৰ মাজেৰেও অধিক পৰিমাণে আৰু খৰ গতিৰে তেজ প্রৱাহিত হ’বলগীয়া হয়৷ এনেকুৱা অৱস্থাত ওপৰত কোৱাৰ দৰে এথেৰ’স্কেলৰ’ছিছ আৰম্ভ হোৱা ক’ৰ’নাৰী ধমনীৰ মাজেৰে প্রয়োজনীয় তেজ অধিক হাৰত প্রৱাহিত হোৱাত বাধা আহি পৰে৷ ফলত মানুহজনে বুকুত এটি অসহনীয় বিষ অনুভৱ কৰে, যাক এনজাইনা পেক্ট’ৰিছ বুলি কোৱা হয়৷ গতিকে এনজাইনা পেক্ট’ৰিছ হ’ল তেজৰ ৰক্তাল্পজনিত চাপৰ Ischaemia) এবিধ লক্ষণহে symptom) মাথোঁ, কিন্তু বেমাৰ নহয়৷ এই এনজাইনা পেক্ট’ৰিছ দুই ধৰণৰ হয় –
(১) স্থিৰ Stable Angina Pectoris) আৰু (২) অস্থিৰ Unstable Angina Pectoris)
(১) স্থিৰ এনজাইনা পেক্ট’ৰিছ এইবিধ এনজাইনাক আকৌ অৱস্থা অনুযায়ী বিষৰ প্রকোপৰ ওপৰত ভিত্তি কৰি গ্রেড হিচাপে চাৰিটা ভাগত ভাগ কৰা হৈছে যেনে –
(ক) গ্রেড–১: সাধাৰণ বা নিয়মিত ঘৰুৱা কাম–কাজ যেনে – খোজকঢ়া, খটখটি বগোৱা আদি কৰিলে বুকুত বিষ অনুভৱ নহয়৷
(খ) গ্রেড–২: খৰকৈ খোজকাঢ়িলে বা খটখটি বগালে, পাহাৰীয়া ওখ ৰাস্তা বগালে, ভাত খাই উঠাৰ পিছত খোজকাঢ়িলে নাইবা খটখটি বগালে, ঠাণ্ডাত নাইবা বতাহত (ধমনীৰ বেৰ সংকোচন হয়) থাকিলে বা খোজকাঢ়িলে আৰু আৱেগিকভাৱে উত্তেজিত হ’লে বুকুত বিষ অনুভৱ হয়৷
(গ) গ্রেড–৩: সাধাৰণ বা নিয়মিত ঘৰুৱা সৰু–সুৰা কাম কৰিলে, অলপ দূৰ খোজকাঢ়িলে, লাহে লাহে কেইটামান খটখটি বগালেও বুকুত বিষ অনুভৱ হয়৷
(ঘ) গ্রেড–৪: যিকোনো ধৰণৰ সৰু–সুৰা কাম অথবা শাৰীৰিক শ্রম লগা কার্য আদি কৰিব নোৱাৰা হয়৷ আনকি জিৰণি অৱস্থাতো বুকুত বিষ অনুভৱ হয়৷
(২) অস্থিৰ এনজাইনা পেক্ট’ৰিছ ঃ আগতে উল্লেখ কৰাৰ দৰে ক’ৰ’নাৰী ধমনীৰ বেৰত চর্বীজাতীয় দ্রব্য জমা হোৱা আৰম্ভ হোৱাৰ পিছত ক্রমান্বয়ে বাঢ়ি গৈ কেতিয়াবা হঠাতে ক’ৰ’নাৰী ধমনী এডালৰ (কেতিয়াবা এডালতকৈ বেছিও হয়) কোনো শাখা বা প্রশাখাৰ নলা প্রায় বন্ধ হৈ যোৱাৰ উপক্রম হয়৷ এই অৱস্থাত বুকুত হঠাতে বেছি অসহনীয় বিষ অনুভৱ হয়, যিটো জিৰণি লৈ থকা অৱস্থাতো হ’ব পাৰে৷ অর্থাৎ, জিৰণি লৈ থকা অৱস্থাত হূদযন্ত্রৰ ধমনীডালৰ মাজেৰে নিয়মিত বা সাধাৰণভাৱে যিখিনি তেজ প্রৱাহিত হ’ব লাগে, সেইখিনিও সঠিকভাৱে প্রৱাহিত হ’ব নোৱাৰে, যাৰ কাৰণে বিষৰ অনুভৱ সকলো সময়তে হৈ মানুহজন সকলো সময়তে অস্থিৰ হৈ পৰে৷
এইদৰে স্থিৰ এনজাইনা পেক্ট’ৰিছৰ পিছত অস্থিৰ এনজাইনা পেক্ট’ৰিছ আৰম্ভ হয় আৰু ইয়াৰ পিছৰ পর্যায়টোৱে হৈছে হার্ট এটেক৷ কাৰণ আমাৰ দেহত আমি খোৱা খাদ্যবস্তুৰ পৰা অতিৰিক্ত চর্বীজাতীয় দ্রব্য সুবিধা অনুযায়ী নিয়মিতভাৱে ধমনীৰ নলাত জমা হৈ গৈ থাকে৷ গতিকে এটা সময়ত ধমনীৰ শাখা বা প্রশাখাৰ নলাটো সেই ঠাইত সম্পূর্ণ বন্ধ হৈ যায়৷ তেতিয়া একেডাল ধমনীৰ বন্ধ হোৱা অংশৰ পৰা আগফাললৈ Distal) হূতপেশীসমূহৰ বাবে তেজৰ যোগানো বন্ধ হৈ যায়৷ ফলত সেই অংশৰ পেশীসমূহৰ মৃত্যু হয়৷ ইয়াকে কোৱা হয় হার্ট এটেক Heart attack) বা মায়’কার্ডিয়েল ইনফার্কচন Myocardial Infarction)৷ তেতিয়া মানুহজনে বুকুত হঠাৎ আগতকৈ বেছি অসহনীয় বিষ অনুভৱ কৰে, বুকুখন বেয়া লাগে, শৰীৰৰ অন্য ঠাইতো বিষ referred pain) অনুভৱ কৰে, যেনে – দুয়ো হাতৰ ফালে, পিঠিৰ ফালে, দাঁতৰ পাৰিত, লগতে মানুহজন ঘামি যায়, বমি ভাব হয় আৰু কেতিয়াবা বমিও হয়, শ্বাস–প্রশ্বাসৰ কষ্ট হৈ মানুহজনৰ নিজকে মৃত্যুৰ ওচৰ চপা যেন ভাব হয়৷ যিবোৰ পুৰণি বা পুৰণিকলীয়া মধুমেহ Chronic Diabetes) ৰোগত ভোগা ৰোগী, তেওঁলোকৰ ক্ষেত্রত এই বুকুৰ বিষটো কমকৈ অনুভৱ হয় বা কেতিয়াবা একেবাৰে নহয়৷ অৱশ্যে যি ক্ষেত্রতেই নহওক কিয়, ডাঙৰ ধমনী বা ডাঙৰ শাখা এনেকুৱা প্রক্রিয়াত যুক্ত হ’লে ব্যাপক ইনফার্কচনৰ ফলত লগে লগে হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মানুহজন থিতাতে মৃত্যুমুখতো পৰিব পাৰে৷
চর্বীজনিত দ্রব্য জমা হোৱাৰ ফলত ধমনীৰ নলা সংকুচিত হৈ পিছত বন্ধ হৈ যায় যদিও হূদযন্ত্রৰ এই ধমনীবোৰ আন আন বিভিন্ন কাৰণতো কেতিয়াবা হঠাৎ বন্ধ হৈ যাব পাৰে যেনে –
১৷ বিভিন্ন কাৰণত ৰক্তনলীৰ ভিতৰত তেজ গোট মাৰি কৰাল বন্ধা প্রক্রিয়াৰ দ্বাৰা ধমনীৰ নলা বন্ধ হ’ব পাৰে, যাক থ্র’ম্ব’ছিছ Thrombosis) বুলি কোৱা হয়৷
২৷ বিশেষ কিছুমান পৰিঘটনাৰ বাবে তেজৰ উপাদানৰ লগত অন্য বাহিৰা কিছুমান উপাদান প্রৱেশ কৰি তেজৰ সোঁতৰ সৈতে ঘূৰি ফুৰে৷ তেজৰ সোঁতত ঘূৰি ফুৰা এই বাহ্যিক উপাদানবোৰক এম্ব’লাছ Embolus) বুলি কোৱা হয়৷ উদাহৰণ স্বৰূপে ক’ব পৰা যায় যে বিভিন্ন কাৰণত আমাৰ দেহৰ হাড ভাঙে৷ এই হাৰ ভগাৰ পিছত ভগা হাড়ৰ মজ্জাৰ পৰা চর্বীৰ এটি কণমানি টুকুৰা শৰীৰৰ বিদীর্ণ সিৰা বা ধমনীৰ ভিতৰত প্রৱেশ কৰি তেজৰ সোঁতত ঘূৰি ফুৰিব পাৰে৷ এইদৰে ঘূৰি থাকোঁতে এনেকুৱা একো একোটা এম্ব’লাছে কেতিয়াবা হূদযন্ত্রৰ ক’ৰ’নাৰী ধমনী, মস্তিষ্কৰ ধমনী, হাওফাঁওৰ ধমনী আদিত গৈ নলা বন্ধ কৰি সোপা লাগি ধৰে৷ ফলত সেই ধমনীডালৰ আগফাললৈ তেজৰ প্রবাহ বন্ধ হয়৷ এই অৱস্থাটোক এম্ব’লিজম Embolism) বুলি কোৱা হয়৷ গতিকে থ্র’ম্ব’ছিছ, এম্ব’লিজম, এথেৰ’স্কেলৰ’ছিছ আদি বিভিন্ন কাৰণত ক’ৰ’নাৰী ধমনী বা তাৰ শাখা হঠাৎ বন্ধ হৈ হার্ট এটেক বা মায়’কার্ডিয়েল ইনফার্কচন Miocardial Infarction) হ’ব পাৰে৷ (আগলৈ)