কঁকালৰ বিষ আৰু আয়ুর্বেদ
ৰাতিপুৱা শোৱাৰ পৰা উঠি কঁকালখন গোট মাৰি ধৰা, সম্পূর্ণ কৈ আগলৈ হালিব নোৱৰা, খোজকাঢ়িলে বা চিৰি বগালে অথবা ব্যায়াম কৰিলে বিষ উৎপন্ন হোৱা, কামৰ মাজতে কঁকাল লগা বা লৰচৰ কৰিব নোৱৰা ইত্যাদি সমস্যাই বর্তমান সময়ত যিকোনো বয়সতে গা কৰি উঠে৷ সাধাৰণতে পাকঘৰত কাম কৰা মহিলা, গাডী–মটৰচাইকেল নিতৌ চলোৱা লোকৰ মাজত উক্ত সমস্যা ঘাইকৈ দেখা দিয়ে৷ মেৰুদণ্ডৰ হাডৰ মাজত থাকিবলগীয়া দূৰত্ব কমি যোৱা, হাডৰ কিছু অংশ ক্ষয় যোৱা, মেৰুদণ্ডৰ আৱশ্যকীয় বক্রতা অটুট নথকা ইত্যাদিবোৰ কঁকালৰ বিষৰ মুখ্য কাৰণ ৰূপে গণ্য কৰা হয়৷ ৰজোনিবৃত্তিজনিত কঁকালৰ বিষো অতি সুলভ৷ প্রকৃত বিষৰ লগত আনুষংগিক সমস্যা যেনে, ভৰিৰ জিনজিননি, ভৰিৰ পোৰণি, কিছু কিছু অংশ সংজ্ঞাহীন হোৱা ইত্যাদিও পৰিলক্ষিত হয়৷
আৰম্ভণিতে হোৱা বিষৰ বাবে উপশম হোৱাটো সহজ যদিও এটা সময়ত বিষনাশক ঔষধিসমূহেও হাৰ মানি যায়৷ আয়ুর্বেদ বিজ্ঞানে আগবঢ়োৱা ঔষধিসমূহৰ গুণাগুণ বিশেষ৷ বিষৰ উপশমৰ বাবে ই হাড, মাংসপেশী, স্নায়ু তথা সিৰাৰ ওপৰত কাম কৰে৷ লগতে আয়ুবর্ধক আৰু পুষ্টিৰ ওপৰতো গুৰুত্ব প্রদান কৰি ৰোগ নাশ কৰে আৰু ৰোগীক স্বাস্থ্যৱান কৰি তোলে৷
দৈনন্দিন কর্মত আমাৰ শৰীৰৰ সন্ধিসমূহৰ প্রয়োগ আৱশ্যকীয়৷ তাৰ ভিতৰত কঁকালৰ মেৰুদণ্ড, ই শৰীৰৰ ভাৰসাম্য বজাই ৰাখে৷ সেইবাবেই কঁকালৰ বিষ সচৰাচৰ হোৱা দেখা যায়৷ ব্যায়াম উপযোগী হয় যদিও প্রথম অৱস্থাত ইয়াৰ পৰামর্শ দিয়া নহয়৷ জর্জৰিত হৈ থকা হাড আৰু মাংসপেশীৰ কোষৰ ওপৰত ব্যায়ামে নেতিবাচক প্রভাৱ পেলায়৷ আনহাতে, নিতৌ উচিত যোগ চর্চা কৰিলে গাঁঠিৰ বিষসমূহ কমাই ৰাখিব পাৰি, উদাহৰণ স্বৰূপে, ভুজংগাসন, ত্রিকোণাসন, সেতুবন্ধাসন আদি৷
কঁকালৰ বিষৰ বাবে উচিত সময়ত গ্রহণ কৰা আয়ুর্বেদ চিকিৎসা যথেষ্ট ফলপ্রসূ হয়৷ বিষৰ ঔষধসমূহৰ পার্শ্বক্রিয়া খৰতকীয়া৷ সেইবাবে দীর্ঘ সময়ৰ বাবে প্রয়োগ কৰা অনুপযোগী৷ আয়ুর্বেদ চিকিৎসা ব্যৱস্থাপনাত ৰসায়ন পদ্ধতি প্রয়োগ হয়, য’ত ঔষধিসমূহে সুস্থ কোষৰ পুনৰোৎপত্তি কৰায়৷ ইয়াৰ উপৰি পঞ্চকর্ম পদ্ধতিৰ অৱলম্বন হয়, যাৰ সহায়ত বাহ্যিক পদ্ধতিৰ দ্বাৰাই কঁকালৰ বিষৰ চিকিৎসা সম্ভৱ হয়৷ উক্ত পদ্ধতিসমূহে ৰোগীৰ লক্ষণ নিৰাময় কৰে, ৰোগৰ উৎপত্তি নাশ কৰে আৰু শৰীৰক সুস্থতা প্রদান কৰে৷ কঁকালৰ বিষৰ পৰা পৰিত্রাণ পোৱাটো এতিয়া সম্ভৱ৷ গতিকে, সচৰাচৰ ভুগি থকা কঁকালৰ বিষক অৱজ্ঞা নকৰি অতি সোনকালে সঠিক চিকিৎসাৰ ওচৰ চপাটো জৰুৰী হৈ পৰিছে৷
-ডাঃ ৰীমা ভট্টাচার্য্য
এম ডি, আয়ুর্বেদিক মেডিচিন
বিশেষজ্ঞ, নগাঁও, ফোন ঃ ৭০৮৬৬–৯১৫২০