নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য তালিকাত কল

-নৱ ডেকা

কল কল কল, কল এবিধ ফল
কল খালে গাত হয় হাতীৰ সমান বল
কলৰ ব্যৱহাৰিক গুণাগুণ কিমান তাৎপর্যপূর্ণ তাক হূদয়ংগম কৰিবলৈ ওপৰোক্ত কথাফাকিয়েই যথেষ্ঠ৷ সঁচাকৈয়ে বিনন্দীয়া ধৰাৰ বুকুত সহজে উপলব্ধ এবিধ শক্তিবর্ধক ফল হ’ল কল৷ কলৰ পুষ্টিগুণ বর্ণনা কৰি শেষ কৰিব নোৱাৰি৷ বিশ্বাস নকৰিলেও সত্য যে নিতৌ গ্রহণ কৰা এটা কলতে সুস্বাস্থ্যৰ অমোঘ শক্তি অন্তর্নিহিত হৈ থাকে৷ শৰীৰৰ নানা ৰোগ, ব্যাধিৰ পৰা বহুযোজন দূৰত্বত থাকিব পৰা যায়৷ সর্বগুণেৰে পৰিপুষ্ট উত্তম ফল কলৰ উপৰি শিপাৰ পৰা আৰম্ভ কৰি পাতখিলালৈ প্রতিটো অংশৰ সদ্ব্যৱহাৰ হয়৷ সেয়েহে কল, শিপা, কাণ্ড বা গা–গছ, কলপাত, কলডিল বা কলফুল, কল বাকলি ইত্যাদি প্রতিটো অংশৰ গুণ সকলো মানুহৰ মুখে মুখে৷

মলমলীয়া গোন্ধেৰে পকা কল এটা দেখামাত্রে খাব মন নোযোৱা মানুহ নোলাব কিজানি৷ নক’লেও হ’ব যে কল এটা খোৱাৰ লগে লগে পাচনক্রিয়াৰ পাছত কলত থকা পৰিপুষ্টি হাতে হাতে পাওঁ৷ আঁহজাতীয় দ্রব্য সন্নিৱিষ্ট হৈ থাকে বাবে কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগা ৰোগীৰ বাবে মহৌষধৰ কাম কৰে৷ ইয়াৰ উপৰি হজম শক্তি বৃদ্ধিতো কলৰ বিকল্প বিচাৰি পোৱা কঠিন৷ পটাছিয়াম বেছি মাত্রাত থকা বাবে হূৎপিণ্ড সবল হৈ থকাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্রণ ৰখাত সহায়ক হয়৷ পেকটিনৰ উপস্থিতিৰ বাবে ক’লন কেঞ্চাৰৰ পৰা আঁতৰত থাকিব পাৰি৷ কলত থকা মেংগানিজে হাড় মজবুত কৰাৰ লগতে অষ্টি’পৰ’ছিছ নির্মূল কৰে৷ আকৌ মস্তিষ্কত ছেৰ’টিননৰ অভাৱ ঘটি হতাশাজনিত ৰোগৰ স্বীকাৰ হ’লে কলত উপলব্ধ ট্রিপ্ঢ’ফানে সেই ছেৰ’টিননৰ মাত্রা বৃদ্ধি কৰি মানসিক উদ্বেগ হ্রাস কৰাত প্রভূত বৰঙণি যোগায়৷ আশ্চর্যকৰ কথাটো এইটো যে দৈনিক গ্রহণ কৰা এটা মাত্র কলতে সমগ্র দিনটোৰ বাবে প্রয়োজনীয় কেলৰি পোৱা যায়, লগতে ওজনো সুচাৰুৰূপে নিয়ন্ত্রণ হয়৷ কেলছিয়ামৰ অনাটন দূৰ কৰি হাড়ৰ গঠন শক্তিশালী কৰে৷ ক’পাৰ আৰু লৌহজাতীয় উপাদানৰ বাবে ৰক্তকণিকা সৃষ্টিত সহায় কৰে৷ চকুৰ বাবে উপকাৰী কলে কুকুৰীকণা, ছানি পৰা, গ্লুক’মা ইত্যাদি ৰোগ নিৰাময়ত সহায় কৰে৷ নগণ্য মাত্রাত চর্বিযুক্ত উপাদানৰ লগতে কেইবাবিধো এণ্টি অক্সিডেণ্ট আৰু ভিটামিনৰ সমাহাৰ হোৱাৰ বাবে শৰীৰৰ পক্ষে বিশেষভাৱে উপকাৰী কল৷ চি–ভিটামিনে শৰীৰৰ ছাল মসৃণ আৰু সতেজ কৰি ৰখাৰ লগতে কেঞ্চাৰ ৰোগৰ প্রতিৰোধক হিচাপে কাম কৰে৷ সেয়েহে কলৰ গুণানুকীর্তন ব্যাখ্য কৰি চিকিৎসকসকলে মত পোষণ কৰা এষাৰি সোণসেৰীয়া বাক্য সকলোৱে হূদয়ংগম কৰাটো নিতান্ত বাঞ্ছনীয়৷ বাক্য এষাৰি হ’ল– শৰীৰৰ যাৱতীয় উপাদানৰ অভাৱ দূৰ কৰিবলৈ নিতৌ এটাকৈ কল খোৱাই যথেষ্ট৷

উল্লেখ্য যে কলপাত পূজা–পার্বণত ব্যৱহাৰ কৰাৰ লগতে মাহ–প্রসাদ আৰু ভোজপাত হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ ক্ল’ৰফিলৰ উপস্থিতিৰ বাবে পেলু আৰু চর্ম ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়৷ আকৌ কলফুল বা কলডিল পাচলি হিচাপে ব্যৱহাৰ কৰি প্রচুৰ পৰিমাণে খনিজ দ্রব্য, আইৰন লাভ কৰিব পৰা যায়৷ ইয়াৰ ৰস গ্রহণী, পেটচলাত ব্যৱহাৰ কৰি উপশম পোৱা যায়৷ একেদৰে কাণ্ড বা গা–গছ পটুৱা হিচাপে ব্যৱহাৰৰ লগতে পচলা কৰি তৰকাৰী বনাই খালে হিমগ্ল’বিন বৃদ্ধিত অৰিহণা যোগায়৷ ভীমকলৰ বাকলি আৰু শিপাৰ কিছু অংশ যাক আলু বুলি কয়, তাক ৰ’দত শুকুৱাই পুৰি ক’লাখাৰ প্রস্তুত কৰা হয়৷ ‘খাৰখোৱা অসমীয়া’ নামেৰে পৰিচিত অসমীয়া জাতিৰ মানুহক ক’লাখাৰৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ উনুকিওৱাৰ নিশ্চয় প্রয়োজন নাই৷ পেটৰ সৰু–বৰ সকলো সমস্যাতেই ব্যৱহাৰ কৰিব পৰা মহৌষধ হ’ল ক’লাখাৰ৷ কিন্তু চৰম উদ্বেগজনক আৰু হতাশাজনক কথাটো হ’ল শিশুৰ পৰা আৰম্ভ কৰি কৈশোৰপ্রাপ্ত নৱপ্রজন্মৰ মাজত ফলমূলৰ প্রতি এক উদাসীন মনোভাব৷ বজাৰত উপলব্ধ বিভিন্ন ৰঙীন আৰু মুখৰোচক খাদ্যৰ আনুপাতিক হাৰত এলাগী হৈ ৰয় এই জনপ্রিয় ফলবিধ আৰু তাৰ উপাদেয় অংশবোৰ৷ যাৰ বিৰূপ প্রভাৱ হিচাপে সুস্থ–সবল জীৱন যাপন হৈ পৰে দূৰ–দিগন্তৰ স্বপ্ণ৷ গতিকে পলম নকৰি খাদ্যৰ তালিকাত কল আৰু ইয়াৰ উপাদেয় অংশৰ সংযোজন কৰি শাৰীৰিক আৰু মানসিক উৎকর্ষ সাধন কৰিব পাৰোঁ৷ গতিকে বিভিন্ন প্রজাতিত উপলব্ধ এই কলগছৰ ৰোপণ আৰু পালনেৰে তাৰ যথোপযুক্ত ফল ভোগ কৰিবলৈ আমি সজাগ হৈ নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সেউজী ধৰণী ধুনীয়া হোৱাত সহায়ক হওঁ আহক৷

You might also like