ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে…
আমেৰিকাৰ বিখ্যাত চিকিৎসক ৰণিত মিশ্বৰীয়ে লিখিছে– অতি অস্বাভাৱিক আৰু জটিল ৰোগবোৰৰ বাহিৰে সাধাৰণ ৰোগবোৰ পৰীক্ষা কৰিবলৈ মই প্রতিজন ৰোগীক গড হিচাপে পোন্ধৰ মিনিটতকৈ বেছি সময় দিব নোৱাৰোঁ৷ কেৱল ময়েই নহয়, আন কোনো ডাক্তৰেও দিব নোৱাৰে৷ ইমান কম সময়ৰ ভিতৰতে ৰোগীজনে ডাক্তৰৰ পৰা তেওঁৰ সমস্যাটো সম্পর্কে আটাইবোৰ কথা জানিব খুজিলে তেওঁ হোমৱর্ক কৰি সম্পূর্ণ প্রস্তুত হৈ আহিব লাগিব৷ এনেকৈ প্রস্তুত হৈ আহিলেহে ডাক্তৰ আৰু ৰোগী উভয়েই নিজৰ নিজৰ কাম ভালকৈ কৰিব পাৰিব৷ সেই কাৰণে ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে তলৰ কথাখিনি ভালদৰে অনুসৰণ কৰিবলৈ চেষ্টা কৰিব–
১৷ আপোনাৰ সম্পূর্ণ মেডিকেল ইতিহাস৷
২৷ কিছুদিনৰ আগতে কৰা স্বাস্থ্য পৰীক্ষাৰ সকলো ৰিপ’ট আৰু দৈনন্দিন খোৱা ঔষধৰ নামবোৰ লগত লৈ আনিব৷
৩৷ ঔষধ বুলি কওঁতে কেৱল ডাক্তৰে ব্যৱস্থা পত্রত লিখি দিয়া ঔষধৰ লগতে স্ব–চিকিৎসাত গ্রহণ কৰা কবিৰাজী ঔষধো ধৰিব লাগিব৷
৪৷ কেৱল মেডিকেল ইতিহাসেই যথেষ্ট নহয়৷ পৰিয়ালৰ লোকৰ ৰোগৰ বিৱৰণ আৰু আগতে হোৱা বা বর্তমান হৈ থকা মেডিকেল সমস্যাৰ বিষয়েও ডাক্তৰক জনাবলৈ নাপাহৰিব৷
৫৷ আপোনাৰ যদি বহুমূত্র ৰোগ আছে, তেন্তে ডাক্তৰৰ ওচৰলৈ অহাৰ আগতে তেজত চেনিৰ পৰিমাণ লিখি ৰাখিব আৰু লগত লৈ আনিব৷
৬৷ একেবাৰে শেষত আনিব উচ্চ ৰক্তচাপৰ কথা৷ ডাক্তৰৰ ওচৰলৈ অহাৰ এসপ্তাহ আগৰে পৰাই আপুনি প্রতিদিনে ৰক্তচাপ জুখিব৷ ডাক্তৰৰ ওচৰলৈ আহিহে বেছিভাগ মানুহৰ ৰক্তচাপ আপোনাআপুনি বাঢ়ি যায়৷ গতিকে, আপোনাৰ আগৰ সপ্তাহটোৰ প্রতিদিনৰ ৰক্তচাপ জানিলেহে আপোনাৰ ৰক্তচাপৰ বিষয়ে সঠিক ধাৰণা কৰাটো ডাক্তৰৰ পক্ষে সম্ভৱ হ’ব৷