ব্রেইন হিম’ৰেজ অর্থাৎ মগজুৰ ৰক্তক্ষৰণ এবিধ গুৰুত্বপূর্ণ স্নায়ুৰোগজনিত সমস্যা Neurological disorder)৷ মগজুৰ ৰক্তক্ষৰণৰ ফলত প্রতিবছৰে সমগ্র বিশ্বত বহুসংখ্যক লোকে মৃত্যুক সাবটি লয় বা চিৰদিনলৈ ঘুণীয়া হ’বলগীয়া হয়৷ দুর্ঘটনাজনিত কাৰণত হোৱা মগজুৰ আঘাত ইয়াৰে এটা প্রধান কাৰণ৷ মটৰ বাহন বা ওখ ঠাইৰ পৰা পৰি হোৱা দুর্ঘটনাৰ ফলত প্রায়েই মূৰত গুৰুতৰ আঘাত পোৱা দেখা যায়৷ হেলমেট নিপিন্ধাকৈ বা ছীটবেল্ট পৰিধান নকৰাকৈ মটৰ বাহন চলাওঁতে হোৱা দুর্ঘটনাৰ ফলত মগজুৰ আঘাত পোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যায়৷
মূৰত আঘাত পালে ৰোগীৰ লাওখোলাৰ হাড় ভাঙি যাব পাৰে৷ আঘাতৰ ফলত মগজুৰ ৰক্তক্ষৰণ হ’লে ৰোগী অজ্ঞান হৈ পৰা, বমি হোৱা বা মৃগী ৰোগৰ দৰে লক্ষণ দেখা দিব পাৰে৷ কাণ বা নাক–মুখেৰে ৰক্তক্ষৰণ হ’ব পাৰে৷ বহু ক্ষেত্রত এনে ৰোগীৰ সমসাময়িকভাৱে স্পাইনেল ক’ডৰ আঘাত Spinal Cord Injury) থকা দেখা যায়৷ যদিহে কোনো দুর্ঘটনাৰ ফলত ৰোগী অজ্ঞান হৈ পৰে বা মূৰত আঘাত পোৱা বুলি সন্দেহ কৰা হয়, তেনে ৰোগীক ততাতৈয়াকৈ নিউৰ’ছার্জিকেল চেণ্টাৰত ভর্তি কৰোৱা উচিত৷ উপযুক্ত সময়ত অক্সিজেন আৰু চেলাইন ইত্যাদি প্রাথমিক চিকিৎসা আগবঢ়াব পাৰিলে বহু ৰোগীক মৃত্যুমুখৰ পৰা বচাব পৰা যায়৷ প্রাথমিক চিকিৎসাৰ পিছত এনে ৰোগীক সাধাৰণতে ইণ্টেনচিভ কেয়াৰ ইউনিট ৱার্ডত ভর্তি কৰোৱা প্রয়োজন৷ চিটি স্কেনত মগজুৰ ৰক্তক্ষৰণ ধৰা পৰিলে বহু ক্ষেত্রত ৰোগীৰ অস্ত্রোপচাৰৰ প্রয়োজন হোৱা দেখা যায়৷ এইক্ষেত্রত দুর্ঘটনা আৰু অস্ত্রোপচাৰৰ মাজৰ সময়ৰ ব্যৱধান খুবেই গুৰুত্বপূর্ণ হৈ পৰে৷
সেয়েহে মূৰত আঘাত পোৱা ৰোগীক যিমান সোনকালে পৰা যায় প্রয়োজনীয় চিকিৎসা আগবঢ়াব পাৰিলে আঘাতৰ পৰা আৰোগ্য লাভ কৰাৰ সম্ভাৱনা বাঢ়ি যায়৷ মগজুৰ ৰক্তক্ষৰণৰ অন্য এটা প্রধান কাৰক হৈছে ষ্ট্রোক হিম’ৰেজ৷ ষ্ট্রোক হিম’ৰেজৰ অন্যতম মুখ্য কাৰণ হ’ল উচ্চ ৰক্তচাপ৷ ইয়াৰ বাহিৰেও আর্টেৰি’ ভেনাচ মেলফর্মেছন, এঞ্জি’মা, এনিউৰিজম অথবা ব্রেইন টিউমানৰ আদিৰ বাবে মগজুৰ ভিতৰত ৰক্তক্ষৰণ হ’ব পাৰে৷ বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্রত ষ্ট্রোক হিম’ৰেজ হোৱাৰ সম্ভাৱনা অধিক৷ ৰক্তক্ষৰণৰ আকাৰ বৃদ্ধি পালে কিছু ক্ষেত্রত অস্ত্রোপচাৰৰ প্রয়োজন হয়৷
মগজুৰ ৰক্তক্ষৰণ হ’লে কিছু ৰোগীৰ মৃত্যু হোৱাৰ উপৰি জীয়াই থকা বহুতৰে নানান স্নায়ুজনিত উপসর্গ চিৰদিনলৈ ৰৈ যায়৷ কিছু ৰোগীৰ একাংগী হোৱাৰ লগতে স্মৃতিশক্তি, কথা কোৱাৰ ক্ষমতা আদি হেৰুৱাই পেলায় বা চিৰদিনৰ বাবে পৰনির্ভৰশীল হৈ পৰে৷
উচ্চ ৰক্তচাপ, কলেষ্টৰেল, ডায়েবেটিছ নিয়ন্ত্রণ কৰি ৰাখিব পাৰিলে ষ্ট্রোক হিম’ৰেজ হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়৷ সেয়েহে এনে ৰোগৰ উপসর্গ দেখা দিলে সদায় চিকিৎসকৰ কাষ চাপি প্রয়োজনীয় চিকিৎসা গ্রহণ কৰা উচিত৷ নিয়মিত ব্যায়াম কৰাৰ লগতে মদ্যপান, ধূম্রপান আদি বদ অভ্যাস ত্যাগ কৰিব লাগে৷ মটৰ বাহন চলোৱাৰ সময়ত সদায় সাৱধান হোৱাৰ লগতে হেলমেট বা ছীটবেল্ট পৰিধান কৰা উচিত৷ মস্তিষ্কৰ ৰক্তক্ষৰণ গুৰুতৰ হ’লেও সময়ত চিকিৎসা কৰালে সহজেই ভাল হোৱাৰ সম্ভাৱনা থাকে৷
-লেখক স্নায়ুশল্য চিকিৎসক
জিএনআৰচি হাস্পতাল, ছয়মাইল