যোৱা কেইদিমানৰ আগৰ কথা৷ বহু পৰিকল্পনাৰ অন্ত পেলাই ‘ৰয়’ৰ পৰিয়ালটো মোৰ ওচৰ পালেহি৷ উদ্দেশ্য স্বাস্থ্য পৰীক্ষা৷ শ্রীযুত ৰয়ৰ লগত মোৰ পৰিচয় মাত্র এক–ডেৰ বছৰৰ৷ ধুবুৰীৰ এই সাধাৰণ পৰিয়ালটোৰ ছয় বছৰীয়া একমাত্র ল’ৰাটো প্রায় ডেৰ বছৰৰ আগতে এক বৃক্কজনিত ৰোগত আক্রান্ত হৈছিল৷ ৰোগৰ জটিলতালৈ লক্ষ্য কৰি ল’ৰাটোক বহুদিন হাস্পতালতেই ভর্তি কৰি ৰখা হৈছিল৷ শেষত আৰোগ্য হৈ হাঁহিমুখে ঘৰলৈ পঠিওৱা হয়৷ তাৰ পিছতেই বোধহয় ‘কা’ আৰু ‘ক’ৰোনা’ৰ কেণা লাগিল৷ ৰোগীৰ ‘চেক্–আপ’ তল পৰিল৷ অতি সাধাৰণ যদিও যথেষ্ট সচেতন ৰয়ৰ পৰিয়ালটোয়ে প্রায়ে ফোনযোগে মোৰ পৰা বেমাৰৰ সৰু সুৰা আসোঁৱাহবোৰৰ খুটি–নাটি মাৰি লয়৷ অন্য একো উপায়ো নাছিল৷ ল’ৰাজনৰ পুনৰ পৰীক্ষণৰ খুবেই জৰুৰী আছিল যদিও তেওঁলোক বৰ ডাঙৰ একো সমস্যাৰ সন্মুখীন হোৱা নাছিল৷ যেন নেদেখাজনৰহে কৃপা৷
ডেৰ বছৰ বহু দিন৷ এক জটিল ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত আজি অতদিন মুখ্য চিকিৎসকজনৰ হতুৱাই এবাৰ সচক্ষুক পৰীক্ষা কৰাব নোৱাৰাটোৱে তেওঁলোকক চিন্তাত পেলাইছিল৷ লগতে তেজৰ পৰীক্ষাবোৰৰ কথা সুকীয়া৷ ৰোগীজনৰ স্বাস্থ্য আৰু পৰিয়ালৰ যত্ন দেখি মই সন্তুষ্ট হ’লোঁ৷ দৰবৰ ইটো সিটো অলপ সালসলনি কৰা হ’ল৷ লগতে অতি প্রয়োজনীয় তেজৰ দুই–এটা পৰীক্ষা কৰোৱা হ’ল৷ ঠিক সকলো ভবামতেই উৎসাহজনক৷ ৰয়ৰ পৰিয়ালটোৱেও সকাহ পালে৷ যোৱাৰ পৰত এইবাৰ মাকৰ প্রশ্ণ৷
ঃ ‘ছাৰ, এটা কথা সুধিম পাৰিমনে?’
ঃ ‘কওকচোন বাৰু…’
ঃ ‘যোৱা বছৰটো বহু ভয়ে ভয়ে কটালোঁ৷ পৰম কৃপালুজনৰ কৰুণাতেই কওক আমাক কোনো ক’ৰোনা–চ’ৰোনাই নাপালে৷ এইবাৰ বহু খবৰ পালোঁ৷ সম্পর্কীয় এজনে এই ৰোগতে প্রাণ দিলে৷ বৰ অপ্রত্যাশিত বুজিছে আমাৰ ইয়াক লৈহে ভয় হয়৷ তাতে আকৌ তাৰ এই বেমাৰটো৷ শুনিছোঁ, এইবাৰ বোলে শিশুসকলৰহে বেছিকৈ হ’ব৷ কিবা এটা উপায় ইয়াৰ বাবেও দিয়কচোন?’
কথাখিনি শুনি মই অলপ থমকি ৰ’লোঁ৷ কিন্তু আচৰিত হোৱা নাছিলোঁ৷ মনটোত হঠাতে দুই–এটা কথাই খুন্দিয়াই গুচি গ’ল৷
আজি কেইদিনমান ধৰি পুৱাৰ পৰা সন্ধিয়ালৈ টিভি আৰু বাতৰিকাকতবোৰ আচ্ছন্ন কৰি থকা খবৰটোৱেই হৈছে ক’ৰোনা৷ শিশুক লৈ হ’ব পৰা সম্ভাৱনীয়তাই ইয়াক অন্য এক মাত্রা দিছে৷ বহুজনৰ মতাদর্শ আৰু জল্পনা–কল্পনাই আসন্ন বিপদৰ প্রতি আমাক সচেতন কৰি তুলিছে৷ সকলোৰে প্রস্তুতি শলাগিব ল’বলগীয়া৷ পিছে এই সকলো পর্যালোচনাই পূর্বানুমানৰ ভিত্তিত৷ বহু আগশাৰীৰ বিজ্ঞানীয়ে শিশুৰ ক্ষেত্রত হ’ব পৰা তৃতীয় লহৰৰ কথা পোনছাটেই নস্যাৎ কৰিছে৷ মোৰ নিজৰে প্রশ্ণ হয়৷ কথাবোৰ সচেতনতা আৰু সজাগতাৰ নামত অলপ অতিৰঞ্জিত হৈছে নেকি বাৰু প্রয়োজনতকৈ অধিক তথ্যই কেতিয়াবা মনত খাম–খেয়ালিৰ সৃষ্টি কৰে৷ ই সুস্থ মনৰ পৰিপন্থী৷ অনেকবোৰ ফোনকলৰ মাজত কেতিয়াবা এনে লাগে যেন খবৰবোৰে কেৱল পিতৃ–মাতৃ বা অভিভাৱকসকলকেই নহয়, বুজিব পৰা সংবেদনশীল শিশুৰ মনবোৰো বাৰুকৈয়ে চুই গৈছে৷ শিশু আৰু অভিভাৱকৰ লগত প্রত্যক্ষভাৱে জড়িত মোৰ নিচিনা বহুজনে বোধহয় কথাবোৰ লক্ষ্য কৰি আহিছে৷ আমি সকলোৱে জানো বহু ৰোগৰ উৎস মূলতে মনটো৷ মনৰ সুস্থিৰতা আৰু সুস্থ চিন্তা, সুস্বাস্থ্যৰ বাবে অনুকূল মনৰ দৃঢ়তা আৰু প্রবল ইচ্ছাশক্তিয়েই সফলতাৰ চাবিকাঠী৷ এই সাকাৰাত্মক দিশটো কেতিয়াও পাহৰা উচিত নহয়৷ যোৱা প্রায় এক বছৰৰো অধিক কাল গৃহবন্দীৰ দৰে কটাই আমাৰ শিশুসকল প্রায় মনস্তাত্ত্বিকভাৱেই নহয় আৰু অন্য বহু দিশতেই পংগু হোৱাৰ পথত৷ বহু শিশু লাহে লাহে মেদবহুল হৈছে৷ ভিটামিন–ডিৰ অভাৱ হাড়ৰ গঠনত প্রকট হোৱাও বহু বছৰৰ মূৰত দেখা পালোঁ৷ আনহাতে ৰোগ প্রতিৰোধৰ নামত ভিটামিন–ডি খুৱাই থকাৰ বাবে শৰীৰত অতিমাত্রা ভিটামিন–ডিৰ পার্শ্বক্রিয়াও দেখা পোৱা গ’ল৷ মানসিকভাৱে ব্যাঘাত থকা, বিশেষভাৱে সক্ষম শিশুৰ প্রকৃত হস্তক্ষেপ সময়মতে নোহোৱাৰ ফলত বহু শিশুৰ এইক্ষেত্রত উপযুক্ত চিকিৎসাৰ সময়বোৰ পাৰ হৈ গৈছে৷ কোনো কোনোৰ প্রকৃত বিকাশৰ পথ দেখাৰ পিছতো থমকি ৰ’ব লগা হৈছে৷ এয়া শিশু ৰোগৰ চিকিৎসকজনৰ বাবে, সেই বিশেষ পৰিয়ালবোৰৰ বাবে আৰু আমাৰ সমাজৰ বাবে সময়ৰ সন্মুখত এটা ডাঙৰ প্রত্যাহ্বান৷ আজিকালি চিকিৎসা কক্ষত বিশেষ ভিৰ নাই৷ অলপ বেছিকৈ কথা পতাত আপত্তি নাই৷ মনো যায়৷ ৰয়ৰ পৰিয়ালটোক অলপ পৰ বহিবলৈ ক’লোঁ৷ পৰিয়ালৰ অন্য কিছু কথা–বতৰা উলিয়াই তাৰ মাজতেই স্বাস্থ্য ৰক্ষাৰ সৰু সৰু কথা উনুকিয়াই দিলো৷ মই ক’লোঁ, ‘এই পাৰ হৈ যোৱা ক’ৰোনাৰ শেষৰ দুটি প্রবাহত আপোনালোক যেনেকৈ আছিল? তেনেকৈয়ে থাকক৷ আপোনালোক দুয়োৱে ক’ৰোনাৰ বেজী ল’লে, এওঁক ইমান সুন্দৰ কৰি যত্ন ল’লে (ল’ৰাজনক উদ্দেশ্য কৰি)৷ এওঁলোকৰ বাবেও বেজী ওলাব৷ তেওঁকো এদিন দিয়াই দিব লাগিব৷ অন্য চিন্তা কৰাৰ প্রয়োজনেই নাই৷ আন দিনাৰ দৰে ময়ো আছোঁ নহয় অসুবিধা হ’লে জনাব৷’ কথাখিনি কৈ থাকোঁতে তেওঁলোকৰ চকুৰ উছাহৰ চাৱনিত মোৰ অন্তৰেও মিচিকিয়াই হাঁহিলে৷