ফ্রীজত কণী বেছিদিন নাৰাখিব
সাধাৰণতে গৰম দিনতকৈ ঠাণ্ডাৰ দিনত কণী বেছিকৈ খোৱা হয়৷ কণী আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী যদিও কণী খাওঁতে সাৱধান হ’ব লাগে যাতে স্বাস্থ্যৰ ক্ষতি নকৰে৷ কণীৰ পৰা প্র’টিন, কেলচিয়াম আৰু অ’মেগা–৩ ফেটি এচিড পোৱা যাব৷ সেয়ে শৰীৰচর্চাবিদসকল্ কণীৰ বগা অংশ খাই মাংসপেশী শক্তিশালী কৰে৷ কণীত থকা কেলচিয়ামে দাঁত আৰু হাড শক্তিশালী কৰে৷ কিন্তু বহুদিন কণী ফ্রীজত থাকিলে কণীত থকা উপাদানবোৰ নষ্ট হয়৷
ফ্রীজত থাকিলে খাদ্য সুৰক্ষিত হয় যদিও দীর্ঘদিন ধৰি থাকিলে খাদ্যপ্রাণ নষ্ট হয়৷ খাদ্যৰ পুষ্টিগুণ হ্রাস পোৱাৰ লগতে তেনে খাদ্য খালে শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে সৰহকৈ শাক–পাচলি কিনি ফ্রীজত ভৰাই বহুত দিন খাই থকাৰ অভ্যাস পৰিত্যাগ কৰক৷