ফেটী লিভাৰ
‘ফেটী লিভাৰ’– আজিকালি প্রায়েই শুনিবলৈ পোৱা যায় এই শব্দটো৷ অর্থাৎ লিভাৰ বা যকৃতৰ কোষসমূহত অপ্রয়োজনীয়ভাৱে মেদ বা চর্বি জমা হৈ যকৃতৰ আকাৰ বৃদ্ধি পোৱা অৱস্থাটো৷ এই ফেটী লিভাৰ কি আৰু ইয়াৰ ভিন্ন প্রকাৰ, আক্রান্ত হ’লে ব্যক্তি এজন কেনে অৱস্থাৰ মাজেৰে যাব পাৰে, ইয়াৰ নিৰাময় বা চিকিৎসা পদ্ধতি কি, এইবোৰ দিশৰ ওপৰতেই আজি কিছু কথা জনাবলৈ ওলাইছেছা৷ মানৱ দেহৰ ছালৰ পিছতেই আটাইতকৈ বৃহৎ অংগটিয়েই হৈছে যকৃত বা লিভাৰ৷ দেহটো বা পৰিপাক প্রক্রিয়া চলাই নিয়াৰ ক্ষেত্রত যকৃত বা লিভাৰৰ কার্যক্রিয়া বহুত৷ লিভাৰ বা যকৃতে দেহে গ্রহণ কৰা খাদ্য আৰু পানীয়ৰ পৰা পুষক তত্ত্বসমূহ দেহৰ উপযোগী কৰি প্রস্তুত কৰাৰ লগতে তেজৰ পৰা অপকাৰী বা দূষিত পদার্থসমূহ নিষ্কাৰণ কৰে৷ ফেটী লিভাৰ আচলতে এবিধ লাইফ ষ্টাইল ডিজিজ বা বর্তমানৰ বিশৃংখল জীৱনচর্যাই সৃষ্টি কৰা ৰোগ৷ এজন ব্যক্তিৰ আজিকালি আলড্রাছ’ন’গ্রাফী কৰিলেই সাধাৰণতে ফেটী লিভাৰ ধৰা পৰা একেবাৰেই স্বাভাৱিক কথা হৈ পৰিছে৷ পিছে এই ফেটী লিভাৰ বা লিভাৰৰ কোষবিলাকত মেদ বা চর্বি জমা হয়নো কিদৰে? বিভিন্ন খাদ্য, যেনে– অত্যধিক তেল–মছলাযুক্ত আৰু ভজা–পুৰা খাদ্য, অধিক পৰিমাণে ফাষ্ট ফুড আৰু জাংক ফুড খোৱা, কার্ব’নেটেড পানীয় অর্থাৎ শীতল পানীয় পান কৰা, মধ্যমীয়া বা অধিক মাত্রাত সুৰাপান কৰা, শাৰীৰিক পৰিশ্রমহীনতা, মেদবহুলতা ইত্যাদি বর্তমানৰ জীৱনচর্যাজনিত কাৰণত সাধাৰণতে লিভাৰত অতিৰিক্তভাৱে চাপ বৃদ্ধি হয় আৰু ক্রমশঃ একেই খাদ্যাভ্যাস, জীৱনচর্যা চলি থকাৰ ফলত যকৃতত মেদ বা চর্বি জমা হ’বলৈ ধৰে৷
ফেটী লিভাৰ ডিজিজৰ কেইবাটাও স্তৰ থাকে৷ খুব কম পৰিমাণৰ মেদ লিভাৰত থকাটো স্বাভাৱিক বা সাধাৰণ কথা৷ পিছে এই স্তৰ বাঢ়ি গৈ থকাৰ সমান্তৰালকৈ সমস্যাবিলাকে গা কৰি উঠিবলৈ ধৰে৷ একেবাৰে অন্তিম পর্যায়ত লিভাৰ বা যকৃত বিকল হৈও পৰিব পাৰে৷ ফেটী লিভাৰ ডিজিজক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘হেপাটিক ষ্টেট’ছিছ’বুলি কোৱা হয়৷ ইয়াৰ প্রধান প্রকাৰকেইটা হৈছে–
১) এ এফ এল ডি (এলক’হলিক ফেটী লিভাৰ ডিজিজ)–র্থাৎ অধিক মাত্রাত কৰা সুৰাপানৰ ফলত সৃষ্ট ফেটী লিভাৰ ডিজিজ৷ ইয়াৰ ফলত হ’ব পৰা আন এবিধ লিভাৰৰ সমস্যা হৈছে–এ এছ এইচ (এলক’হলিক ষ্টেট’হেপাটাইটিছ)৷
২) এন এ এফ এল ডি (নন এলক’হলিক ফেটী লিভাৰ ডিজিজ)–যিবিধ ফেটী লিভাৰ ডিজিজ সুৰাপানৰ ফলত নহয়৷ ইয়াৰ পৰা হ’ব পৰা এবিধ প্রকাৰ হৈছে–এন এ এছ এইচ (নন এলক’হলিক ষ্টেট’হেপাটাইটিছ)৷
ফেটী লিভাৰ ডিজিজৰ চাৰিটা পর্যায় বা স্তৰত বৃদ্ধি পায়৷ এই চাৰিটা হৈছে–
১) গ্রেড–১ ফেটী লিভাৰ ঃ এই স্তৰত একেবাৰে কম পৰিমাণে লিভাৰত মেদ বা চর্বি জমা থাকে৷ এই মাত্রা ১ৰ পৰা ৬ শতাংশৰ ভিতৰত৷
২) গ্রেড–২ ফেটী লিভাৰ ঃ এই স্তৰত লিভাৰত ফেট বা চর্বি জমা হোৱাৰ সমান্তৰালকৈ প্রদাহো আৰম্ভ হয়৷ গতিকে, এই স্তৰতে চিকিৎসকৰ ওচৰ চপা জৰুৰী, যাতে পৰৱর্তী সময়ত লিভাৰৰ আৰু বেছি ক্ষতি নহয়৷ এই অৱস্থাত লিভাৰত ৩০ৰ পৰা ৬০ শতাংশ পর্যন্ত চর্বি জমা হয়৷
৩) গ্রেড–৩ ফেটী লিভাৰ ঃ এই স্তৰ হৈছে– ফেটী লিভাৰ ডিজিজৰ আটাইতকৈ জটিল স্তৰ, য’ত লিভাৰৰ প্রদাহ আৰু মেদৰ বাবে লিভাৰৰ কার্যক্ষমতা হ্রাস পোৱাৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিবলৈ ধৰে৷ যেনে–ৰুচি,বদহজম,বমি ভাব বা বমি, ক্লান্ত অনুভৱ কৰা ইত্যাদি৷ ফেটী লিভাৰ ডিজিজে এই স্তৰ পালে ইয়াৰ সমুচিত চিকিৎসা কৰা দৰকাৰ, যাতে ইয়েই লিভাৰক ফাইব্র’ছিছ অথবা চিৰ’ছিছ পর্যায়লৈ লৈ নাযায়৷ এই অৱস্থাত ৬০ৰ পৰা ৯০ শতাংশ পর্যন্ত চর্বি লিভাৰত জমা হয়৷
৪) চিৰ’ছিছ ঃ এই স্তৰত লিভাৰ স্থায়ীভাৱে আঘাতপ্রাপ্ত হ’বলৈ ধৰে আৰু এই আঘাত ক্রমশঃ বিয়পি পৰে বা বহলিবলৈ আৰম্ভ কৰে৷ যাৰ ফলস্বৰূপে লিভাৰে নিজৰ প্রয়োজনীয় কাম–কাজ চলাই নিয়াত অক্ষম হয়৷ এই স্তৰ আটাইতকৈ জটিল আৰু সাধাৰণতে পুনৰাই পূর্বৰ লিভাৰৰ সুস্থতা ঘূৰাই পাবলৈ সক্ষম নহয়৷ ফাইব্র’স্কেন বা লিভাৰ বায়’পচী (পৰীক্ষা)ৰ জৰিয়তে চিৰ’ছিছ ধৰা পেলাব পাৰি৷
এতিয়া ফাইব্র’ছিছ কি, সেই বিষয়ে সামান্য আভাস দিয়া হৈছে–
ফাইব্র’ছিছ ঃ ফেটী লিভাৰৰ এই স্তৰত দীর্ঘকালৰ বাবে লিভাৰত চর্বি জমা হৈ থকাৰ বাবে আৰু প্রদাহৰ বাবে লিভাৰ ক্রমশঃ আঘাতপ্রাপ্ত হ’বলৈ আৰম্ভ কৰে৷ যদিওবা এই পর্যায়তো লিভাৰে নিজৰ কাম–কাজবিলাক স্বাভাৱিকভাৱেই চলাই নিব পাৰে৷ কিন্তু ই এটা সংকেতধবনি হ’ব পাৰে লিভাৰক সুৰক্ষা প্রদানৰ ক্ষেত্রত৷
ফেটী লিভাৰ ডিজিজত আক্রান্ত হোৱাৰ পূর্বে উল্লিখিত কাৰণসমূহৰ বাদেও বিভিন্ন কাৰণ কিছুমান হৈছে–
ডায়েবেটিছ বা মধুমেহ ৰোগ
ইনছুলিন ৰেজিছষ্টেঞ্চ
গর্ভাৱস্থা
মেদবহুলতা
তেজত অধিক কলেষ্টেৰলৰ মাত্রা
বৃদ্ধাৱস্থা
অন্যান্য আনুষংগিক ৰোগৰ বাবে গ্রহণ কৰা কিছুমান দৰব ইত্যাদি৷
এতিয়া কথা হ’ল– এই ফেটী লিভাৰ ডিজিজৰ চিকিৎসা কি আৰু কেনেদৰে এই ৰোগ প্রতিৰোধ কৰিব পাৰি বা এই ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰি৷ ইয়াৰ বাবে প্রথমেই বছৰেক, ছমাহৰ মূৰে মূৰে চিকিৎসকৰ পৰামর্শক্রমে কিছু প্রয়োজনীয় পৰীক্ষা–নিৰীক্ষা যেনে–তেজৰ পৰীক্ষা, আলড্রাছ’ন’গ্রাফী আদি কৰাই থকা জৰুৰী৷ যদিহে যিকোনো ধৰণৰ বিসংগতি ধৰা পৰে, তেন্তে চিকিৎসকে প্রয়োজনীয় দৰবৰ লগতে জৰুৰী পৰামর্শসমূহ প্রদান কৰিব৷ এনে কৰাৰ ফলত অত্যধিক জটিল ৰূপ ল’ব পৰা ৰোগক সময় থাকোঁতেই প্রতিৰোধ কৰাও সম্ভৱ৷ লগতে আন আন কিছু নিজে ল’ব পৰা সাৱধানতা অথবা জীৱনশৈলীত অনা পৰিৱর্তন আদি যেনে–
যদিহে সুৰাপান কৰে, সুৰাপানৰ অভ্যাস ত্যাগ কৰা৷
মেদবহুলতা থাকিলে, অতিৰিক্ত ওজন হ্রাস কৰা৷
সুষম বা পৰিপুষ্টিদায়ক খাদ্য গ্রহণ কৰা৷
অধিক পৰিমাণে পানী খোৱা৷
শাৰীৰিক পৰিশ্রম বা আসন কৰা বা খোজ কঢ়াৰ অভ্যাস কৰা ইত্যাদি৷
আমাৰ লিভাৰ বা যকৃতৰ কার্যক্রম বহু হোৱাৰ লগতেই ইয়াৰ নিজকে নিজে পুনৰাই পূর্বাৱস্থালৈ ঘূৰাই অনাৰ ক্ষমতাও যথেষ্ট শক্তিশালী৷ পিছে, যদিহে অহৰহ যকৃতৰ ওপৰত অনাহূতভাৱে অত্যাচাৰ চলি থাকে, তেন্তে এসময়ত ইয়ো বিকল হৈ পৰা সম্ভৱ৷ গতিকে, সময় থাকোঁতেই সজাগ আৰু সচেতন হওক আৰু নিজৰ লিভাৰটো কার্যক্ষম কৰি ৰাখক, সুস্থ কৰি ৰাখক৷
ডাঃ অঞ্জন শইকীয়া/ এমবিবিএছ, এমডি, পিএইচডি, এফআইচিপি ডিডিএছইপি USA), গুৱাহাটী মেড্র’ হাস্পতাল