ফার্ষ্ট এইড বক্সত কি ৰাখিব
আপোনাৰ ঘৰত ফার্ষ্ট এইড বক্স আছেনে? কটা–ছিঙা হ’লে ডেটল, কপাহ, বেণ্ডেজ বিচাৰি হাবাথুৰি খাব নালাগে যদিহে এটা ফার্ষ্ট এইড বক্স থাকে৷ এনে চিকিৎসাৰ জৰিয়তে ৰোগ সামান্য উপশম হোৱাৰ লগতে জীৱনলৈ অহা বিপদো বহুখিনি কমে৷ এই বক্সত কি ৰাখিব–
* এটা বার্নল বা পোৰা ঠাইত লগোৱা মলম৷
* এটা এণ্টিবায়’টিক মলম৷
* বিভিন্ন ধৰণৰ বেণ্ডেজ৷
* কপাহ৷
* এটা থার্মোমিটাৰ৷
* ঘা ধুবৰ বাবে এটুকুৰা চাবোন আৰু ডেটলজাতীয় তেল৷
* ক্রেপ বেণ্ডেজ৷
* বিষ নিৰাময়ৰ স্প্রে৷