নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ প্ৰতিদিনে খাওক চকলেট! ষ্ট্ৰোকৰ আশংকাও হ্ৰাস হ’ব

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ আপুনিও চকলেটৰ অনুৰাগী নেকি? কিন্তু আপুনি জানেনে স্বাস্থ্যৱান হৈ থাকিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই চকলেট সৰ্বশ্ৰেষ্ঠ উপাদান। ই আনকি ওজন হ্ৰাস কৰাতো সহায় কৰে। গতিকে প্ৰতিদিনে চকলেট খোৱাটোৱে শৰীৰৰ ক্ষতি কৰে বুলি কোৱা ধাৰণাটো একেবাৰে ভুল।

কিন্তু কোনবোৰ চকলেট খাব? সাধাৰণতে দোকানত পোৱা গাখীৰৰ পৰা তৈয়াৰী চকলেট নহয়, সুস্বাস্থ্য পাবলৈ ডাৰ্ক চকলেট খাওক। ডাৰ্ক চকলেটৰ সুবিধাসমূহ-

১) ডাৰ্ক চকলেটৰ এনে গুণাগুণ আছে যি শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে, যাৰ ফলত আপুনি ডায়েবেটিচৰ দৰে ৰোগৰ চিকাৰ হোৱাৰ পৰাও বাচিব পাৰে।

২) চকলেটত কোকো থাকে যি মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। দৰাচলতে, কোকোত যথেষ্ট পৰিমাণৰ ফ্লেভোনইড থাকে, যি মগজুত তেজৰ সঞ্চালন বৃদ্ধি কৰে। শৰীৰ, মন সচেতন হৈ পৰে, যাৰ ফলত চিন্তা শক্তি আৰু কাৰ্য বৃদ্ধি হয়। বহুতো বিজ্ঞানীয়ে এইটোও বিশ্বাস কৰে যে দীৰ্ঘদিন ধৰি স্মৃতি অক্ষুণ্ণ ৰখাত চকলেট অতি উপকাৰী। অধ্যয়নত পোহৰলৈ আহিছে যে গৰ্ভৱতী অৱস্থাত অধিক চকলেট খোৱা মহিলাসকল চাপমুক্ত হয়। তেওঁলোকে বুদ্ধিমান শিশুৰ জন্ম দিয়ে।

৩) ডাৰ্ক চকলেটে হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে। প্ৰতিদিনে দুই বা তিনি টুকুৰা চকলেট খালে হৃদযন্ত্ৰৰ বাবে বহুত ভাল।

৪) ডাৰ্ক চকলেটৰো বয়স বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰাৰ এক বিশেষ গুণ আছে। গতিকে যিসকলে বাৰ্ধক্যৰ প্ৰভাৱ হ্ৰাস কৰিব বিচাৰে, তেওঁলোকে নিশ্চিতভাৱে ডাৰ্ক চকলেট খাব পাৰে।

৫) উচ্চ ৰক্তচাপ থকা ৰোগীসকলে ডাৰ্ক চকলেট খাব পাৰে। ডাৰ্ক চকলেটত যথেষ্ট পৰিমাণে মেগনেছিয়াম থাকে, যি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

You might also like