জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্যজনিত সমস্যাসমূহ
ডাঃ চন্দন বৰুৱা
ভাৰতবর্ষত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে আৰু আগলৈ আৰু বৃদ্ধি পাব বুলি নির্ধাৰণ কৰা হৈছে৷ ভাৰতৰ জনসংখ্যাৰ ভিতৰত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ২০১৫ চনত ৮ শতাংশ আছিল আৰু ২০৫০ চনত এই সংখ্যা বৃদ্ধি হৈ প্রায় ২০ শতাংশ হ’বগৈ বুলি নির্ধাৰণ কৰা হৈছে৷ এই শতিকাৰ শেষৰ ফালে জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বৃদ্ধি হৈ ভাৰতৰ জনসংখ্যাৰ ৩৪ শতাংশ হ’বগৈ৷
বার্ধক্য দেহৰ এটা স্বাভাৱিক প্রথা৷ এই সময়ত শৰীৰত নানা ৰোগে দেখা দিয়ে৷ অজ্ঞতা, অৱহেলা বা উপযুক্ত চিকিৎসাৰ অভাৱত এই ৰোগসমূহে জ্যেষ্ঠ নাগৰিকসকলক এটা সুস্থ জীৱন যাপন কৰাত ব্যাঘাত জন্মায়৷ বার্ধক্যৰ ৰোগসমূহ চিকিৎসকৰ পৰামর্শ অনুসৰি নিয়ন্ত্রণ কৰি জ্যেষ্ঠ নাগৰিকে নিজৰ সম্ভাব্য আয়ুস বৃদ্ধি কৰিব পাৰে৷ প্রত্যেকজন জ্যেষ্ঠ নাগৰিকে তলত দিয়া ৰোগসমূহ আৰু তাৰ বাবে ল’বলগা সতর্কতাসমূহ মানি চলা উচিত৷
হূদৰোগঃ আমাৰ দেশত জ্যেষ্ঠ নাগৰিকসকলৰ মৃত্যুৰ প্রধান কাৰণ হৈছে হূদৰোগ৷ ৪জন ব্যক্তিৰ মৃত্যু হ’লে তাৰে ১জনৰ হূদৰোগৰ কাৰণে হয়৷ ২০১৬ চনত কৰা গণনা মতে ভাৰতত প্রায় ৫৪.৫ নিযুত হূদৰোগত ভুগি থকা ব্যক্তি আছে৷ উচ্চ ৰক্তচাপ আৰু তেজত বর্ধিত মাত্রাত থকা কলেষ্টেৰল হূদৰোগৰ মূল কাৰণ৷ তদুপৰি মেদবহুলতা, অত্যধিক সুৰাপান আৰু ধূমপানেও হূদৰোগ হোৱাত অৰিহণা যোগায়৷ চিকিৎসকে পৰিকল্পনা কৰি দিয়া খাদ্য আৰু ঔষধ নিয়মিতভাৱে সেৱন কৰা প্রয়োজন৷ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱা খুব আৱশ্যক৷
গাঁঠিৰ বিষঃ ৬৫ বছৰ বা তাতকৈ ঊর্ধ্বৰ বেছিভাগ ব্যক্তিয়ে গাঁঠিৰ বিষত ভুগিব লাগে৷ যাৰ ফলত চাল–চলন বা কাম–কাজ কৰাত যথেষ্ট অসুবিধা হয়৷ যিহেতু গাঁঠিৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ গতিকে চিকিৎসকৰ পৰামর্শ অনুসৰি চিকিৎসা ল’ব লাগে৷ গাঁঠিৰ বিষত আক্রান্ত হোৱা ব্যক্তিসকলে দেহৰ ওজন কমোৱা আৰু ফিজি’থেৰাপিষ্টৰ পৰামর্শ মতে নিতৌ ব্যায়াম কৰা অত্যন্ত প্রয়োজনীয়৷
কর্কট ৰোগঃ জ্যেষ্ঠ নাগৰিকৰ ভিতৰত পুৰুষৰ প্রষ্টেট আৰু কল’ন আৰু মহিলাৰ স্তনৰ কর্কট ৰোগ বেছি৷ তদুপৰি হাঁওফাঁও, পেনক্রিয়াছ, মূত্রাশয়, ৰেক্টাম, পাকস্থলী আৰু ছালৰ কর্কট ৰোগ হ’ব পাৰে৷ অতি প্রাৰম্ভিক অৱস্থাত নির্ণয় কৰিব পাৰিলে বহুতো কর্কট ৰোগ উপযুক্ত চিকিৎসাৰ সহায়ত সম্পূর্ণ আৰোগ্য কৰিব পাৰি৷ প্রষ্টেটৰ কর্কট ৰোগৰ বাবে প্রষ্টেটৰ পৰীক্ষা আৰু ৰক্তত প্রষ্টেট স্পেচিফিক এণ্টিজেন (পিএছএ) পৰীক্ষা কৰা উচিত৷ কল’নৰ কর্কট ৰোগৰ বাবে বেৰিয়াম এনেমা আৰু কল’নস্ক’পী পৰীক্ষা কৰা আৱশ্যক৷ মেম’গ্রাফীয়ে স্তনৰ কর্কট ৰোগ অতি প্রাৰম্ভিক অৱস্থাত নির্ণয় কৰিব পাৰে৷ পেপস্মিয়েৰ আৰু এইচ পি ভি পৰীক্ষাৰ দ্বাৰা জৰায়ুমুখ (চার্ভিকছৰ) কর্কট ৰোগৰ আগজাননী পাব পাৰি৷ জ্যেষ্ঠ নাগৰিকে দুবছৰত এবাৰকৈ এই পৰীক্ষাসমূহ কৰা উচিত৷ চৰকাৰী চিকিৎসালয়সমূহত এই পৰীক্ষাবোৰ বিনামূলীয়াকৈ কৰিব পাৰি৷ কর্কট ৰোগত আক্রান্ত হ’লেও উপযুক্ত চিকিৎসা আৰু চিকিৎসকৰ পৰামর্শ অনুসৰি এটা উচ্চ মানবিশিষ্ট জীৱন যাপন কৰিব পাৰি৷
অষ্টি’পৰ’ছিছঃ অষ্টি’পৰ’ছিছ এনে এটা ৰোগ, য’ত শৰীৰৰ হাড়বোৰ দুর্বল হৈ ঠুনুকা হৈ যায় আৰু সামান্য আঘাতত হাড় ভাগিব পাৰে৷ বয়োজ্যেষ্ঠ লোকৰ হাড় ভগা (ফ্রেকচাৰ)ৰ প্রধান কাৰণ হৈছে অষ্টি’পৰ’ছিছ৷ সাধাৰণতে মেৰুদণ্ড বা ৰাজহাড়, হাতৰ হাড় আৰু নিতম্বৰ (হিপ)ৰ হাড় বেছিকৈ ভাগে৷ মহিলাৰ ক্ষেত্রত এই ৰোগ পুৰুষতকৈ বেছিকৈ হয়৷ আমাৰ দেশত প্রতি বছৰে ৫ লাখ মেৰুদণ্ড ফ্রেকচাৰ, ৩ লাখ নিতম্বৰ হাড়ৰ ফ্রেকচাৰ আৰু ২ লাখ হাতৰ হাড়ৰ ফ্রেকচাৰ হয়৷ এই ৰোগৰ আটাইতকৈ ভয়ানক পৰিণতি হৈছে নিতম্ব আৰু মেৰুদণ্ডৰ হাড়ৰ ফ্রেকচাৰ৷ নিতম্বৰ ফ্রেকচাৰৰ ফলত শাৰীৰিক অক্ষমতা হয় আৰু প্রথমটো বছৰৰ ভিতৰত মৃত্যুৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়৷ তদুপৰি নিতম্বৰ ফ্রেকচাৰৰ ফলত শাৰীৰিক অক্ষমতাৰ বাবে আনৰ ওপৰত নির্ভৰ কৰিবলগীয়া হয়৷ ডেক্সা স্কেন নামৰ এবিধ এক্স–ৰেৰ সহায়ত কোনো ব্যক্তি অষ্টি’পৰ’ছিছত ভুগিছে নেকি তাক নির্ণয় কৰিব পাৰি৷
এলজেইমাৰঃ ভাৰতবর্ষত প্রায় ৪ নিযুত এলজেইমাৰ ৰোগত আক্রান্ত হোৱা ব্যক্তি আছে৷ এই ৰোগ হ’লে প্রথমে ব্যক্তিজনে অলপ আগতে হোৱা ঘটনা বা কথাবোৰ পাহৰি যায়৷ লাহে লাহে নিজৰ দৈনন্দিন কামবোৰ যেনে– গা ধোৱা, খোৱা আদি পাহৰে, নিজৰ আত্মীয়ক চিনি নোপোৱা হয়, কথা ক’ব নোৱাৰা হয়, আনকি নিজে লৰচৰ নকৰা হয়৷ প্রথম অৱস্থাত বহুতে এই ৰোগ বার্ধক্যৰে লক্ষণ বুলি ভাৱে৷ পিছে সেইটো নহয়, এই ৰোগ মগজুৰ সৈতে জড়িত৷ এনে ৰোগ থকা ব্যক্তি থাকিলে পৰিয়ালৰ লোক সাৱধান হোৱা উচিত, কাৰণ গম নোপোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলাই যায় আৰু দুর্ঘটনাত পতিত হ’ব পাৰে অথবা নিখোজ হ’ব পাৰে৷
বিষণ্ণতাঃ আমাৰ দেশৰ এক তৃতীয়াংশ জ্যেষ্ঠ নাগৰিকে বিষণ্ণতা (ডিপ্রেছন)ত ভোগে৷ বিষণ্ণতাৰ কাৰকসমূহ হৈছে দীর্ঘদিন ধৰি হৈ থকা বিভিন্ন ৰোগ, ভালকৈ চলা–ফুৰা কৰিব নোৱাৰা, পৰিয়ালৰ কাৰোবাৰ মৃত্যু, নিজৰ পুত্র–কন্যাৰ দুর্ব্যৱহাৰ, এটা অকলশৰীয়া জীৱন আৰু দুর্বল আর্থিক অৱস্থা৷ খুব বেছি বিষণ্ণতা হ’লে আত্মহত্যাৰ সম্ভাৱনা বৃদ্ধি পায়৷ প্রাথমিক অৱস্থাতে এই ৰোগ নির্ণয় কৰি উপযুক্ত চিকিৎসা কৰোৱা আৱশ্যক৷ এনে ধৰণৰ ৰোগ ৰোধ কৰিবলৈ নিজৰ দেহ আৰু মন সদায় সক্রিয় কৰি ৰাখিব লাগিব৷
উচ্চ ৰক্তচাপঃ প্রায় ৪০–৫০ শতাংশ জ্যেষ্ঠ নাগৰিকে উচ্চ ৰক্তচাপত ভোগে৷ তাৰে আধাসংখ্যক ব্যক্তিয়ে নিজৰ ৰক্তচাপ উচ্চ বুলি অজ্ঞাত৷ উচ্চ ৰক্তচাপৰ ফলত ষ্ট্রোক, হূদৰোগ, বৃক্কৰোগ হ’ব পাৰে৷ উচ্চ ৰক্তচাপে বিশেষকৈ চকুৰ ৰেটিনাৰ ক্ষতি কৰে৷ গতিকে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰি চিকিৎসকৰ পৰামর্শ অনুসৰি নিয়মিত ঔষধ ল’ব লাগে৷ কেতিয়াও চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ নিজেই উচ্চ ৰক্তচাপ কমোৱা ঔষধ সেৱন বন্ধ কৰিব নালাগে৷ নহ’লে ৰক্তচাপ আস্বাভাৱিক ৰূপে বাঢ়ি গৈ ষ্ট্রোক বা হূদৰোগ হ’ব পাৰে৷
ডায়েবেটিছঃ আমাৰ দেশৰ ৬৫ বছৰৰ ওপৰৰ প্রায় ৩০ শতাংশ নাগৰিকে ডায়েবেটিছত ভোগে৷ আন এটা বিপজ্জনক স্থিতি হৈছে প্রায় ৮০ শতাংশ ডায়েবেটিছ ৰোগীয়ে লগতে উচ্চ ৰক্তচাপতো ভোগে৷ পেটৰ মেদবহুলতা যিহেতু এই ৰোগৰ প্রধান কাৰক, সেইবাবে জ্যেষ্ঠ নাগৰিকে নিজৰ দেহৰ আৰু পেটৰ চর্বিৰ পৰিমাণ কম কৰা, চেনিজাতীয় খাদ্য গ্রহণ নকৰা, নিয়মিত খোজ কঢ়া আৰু চিকিৎসকে দিয়া ডায়েবেটিছৰ ঔষধ বা ইনছুলিন ব্যৱহাৰ কৰি নিজৰ ৰক্তত চেনি বা ছুগাৰৰ মাত্রা সীমাৰ ভিতৰত ৰখা অত্যন্ত প্রয়োজন৷ তদুপৰি নিজৰ ভৰি চাফ–চিকুণকৈ বীজাণুমুক্তকৈ ৰখা আৰু আঘাত নাপাবৰ কাৰণে জোতা পৰিধান কৰা আৱশ্যক৷ প্রত্যেকজন জ্যেষ্ঠ নাগৰিকে নিজকে সুস্থ আৰু ৰোগমুক্ত হৈ থাকিবলৈ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱা অপৰিহার্য৷