নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি কলেষ্টেৰল নিয়ন্ত্রণত ৰাখিব বিচাৰে নেকি?

শীতকালৰ অনুভৱ ক্রমাৎ হ্রাস পাইছে৷ এই সময়ছোৱাত শাৰীৰিক সমস্যাৰ উদ্ভৱ হয়৷ কিন্তু কিছুমান ঋতুগত পাচলিয়ে আপোনাৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিব পাৰে৷ যেনে ঃ বেঙেনা৷ বেঙেনা বহু অসমীয়াৰ প্রিয় খাদ্য৷ বেঙেনা পিটকাই হওক বা ভাজিয়েই হওক বহু অসমীয়াই খাই ভাল পায়৷ এই বেঙেনাই স্বাস্থ্য ভালে ৰখাত বহু গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷

  • পাচন ক্রিয়া উন্নত কৰে: এণ্টিক্সিডেণ্ট আৰু ভিটামিন ই আৰু কে সমৃদ্ধ এই খাদ্যই পাচন ক্রিয়া স্বাভাৱিক ৰখাত সহায় কৰে৷
  • কলেষ্টেৰল নিয়ন্ত্রণত ৰাখে: কলেষ্টেৰল থকাসকলৰ বাবে বেঙনা এক অতি উপকাৰী খাদ্য৷ বেঙেনাই শৰীৰৰ ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্রণত ৰাখি শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে৷
    হজম কৰাত সহায় কৰে৷
    বহু লোকে ভাবে যে বেঙেনা খাই সহজে হজম কৰাটো কঠিন৷ পুষ্টিবিদসকলে কয় যে এইটো ভুল ধাৰণা৷ কিয়নো বেঙেনাত আহাৰৰ আঁহ থাকে৷ যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে৷
  • ওজন হ্রাস কৰে: বেঙেনাত উচ্চ আঁহ আৰু বহুত কম কেলৰি থাকে৷ যিসকলে ওজন হ্রাস কৰিব বিচাৰে তেওঁলোকে দৈনিক আহাৰত বেঙেনা ৰাখিব পাৰে৷
  • স্মৃতিশক্তি ভালে ৰাখে: বেঙেনাত থকা ফাইটোনিউট্রিয়েণ্টে মস্তিষ্কৰ কোষবোৰত ৰক্ত সঞ্চালন সক্রিয় ৰাখে আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে৷ বেঙেনাত থকা বিভিন্ন উপকাৰী যৌগবোৰে মস্তিষ্কৰ টিউমাৰৰ আশংকা হ্রাস কৰাত সহায় কৰে৷
  • গর্ভৱতী মহিলাৰ বাবে বেঙেনা ভাল: ভৱিষ্যতে শৰীৰ স্বাস্থ্যৱান ৰখাত বেঙেনা সহায়ক হ’ব পাৰে৷ কেঁচুৱাক দুগ্ধপান কৰোৱা নতুন মাতৃসকলৰ বাবে বেঙেনা অতি উপকাৰী৷ ইয়াৰ উপৰি ঋতুস্রাৱৰ আগৰ লক্ষণবোৰ প্রতিৰোধ কৰাতো বেঙেনা যথেষ্ট কার্যকৰী৷
You might also like