হোলী, প্রকৃতি আৰু পৰিৱেশ
হোলী ৰঙৰ উৎসৱ৷ বসন্তকালীন এই উৎসৱ অতি মাদকতাময়৷ প্রকৃতিৰ উন্মনা পৰিৱেশত ফাগুনে ছটিয়াই দিয়া নানান ৰঙৰ ফুলৰ সমাৱেশত হোলী বা ফাকুৱাই মানুহক উতলা কৰে৷ কিন্তু এই উতলা উৎসৱৰ মাজত আছে প্রকৃতি আৰু পৰিৱেশচেতনা৷ হোলী বা ফাকুৱাত মূল কার্যসূচী হৈছে ৰং খেলা৷ কিন্তু কেৱল মানুহৰ গাত ৰং সানিয়েই হোলী উৎসৱ পালন কৰিব নোৱাৰি৷ এই ৰঙৰ মাজত আছে স্বাস্থ্যসন্মত জীৱন বীক্ষা আৰু আধ্যাত্মিক দর্শন৷ মানুহৰ জীৱন প্রকৃতিৰ জৈৱ ছন্দৰ সৈতে ছন্দোবদ্ধ৷ এই ছন্দৰ সৈতে মানুহক বান্ধ খুৱাই ৰাখে বা একে গতিৰে জীৱনকো ছন্দায়িত কৰি ৰাখে হোলী, বিহু আদি উৎসৱে৷ এক বিশেষ প্রাকৃতিক পৰিৱেশৰ মাজতহে হোলী উৎসৱ পালন কৰা হয়৷ সেই বিশেষ প্রাকৃতিক পৰিৱেশ পৰিস্ফুট হয় বসন্তকালৰ আৰম্ভণিত৷
গছবোৰৰ পাত সৰি এক ভাস্কর্যৰ ৰূপ লোৱাৰ সময়ত৷ পলাশ, মদাৰ, শিমলু আদি নানা ৰঙৰ ফুলেৰে প্রকৃতি সুশোভিত কৰা বতৰত৷ এই সময়ছোৱাত ফল আৰু ফুলৰ প্রাচুর্য বাঢ়ে৷ ফলবোৰ সুস্বাদু আৰু মিঠা হয়৷ বতৰ হয় নাতিশীতোষ্ণ৷ শুকান বতাহে মন উন্মনা কৰে৷ কিন্তু তাৰ লগত উৰি আহে ধূলি৷ ফাগুনত পছোৱা বলে৷ পছোৱাই লৈ অহা ধূলি–বালিয়ে মানুহক ৰোগাক্রান্ত কৰে৷ কিন্তু পছোৱাই আকৌ নানাবিধ ফুলৰ ৰেণু কঢ়িয়াই নি পৰাগযোগ ঘটাই প্রকৃতিক সৃষ্টিশীল কৰি তোলে৷ ঠেৰেঙা লগা জাৰৰ পৰা মুক্ত পোৱা প্রকৃতিয়ে যেন নাচিব বিচাৰে, গাব বিচাৰে– চৰাই–চিৰিকতিৰ কণ্ঠেৰে আৰু মানুহৰ কণ্ঠেৰেও৷ মানুহৰ মনত দোলা দিয়া আনন্দৰ ভাবনাই গীত হৈ নিগৰি আহে৷ অৱশ্যে হোলী উৎসৱৰ সৈতে আধ্যত্মিক দর্শনো জড়িত আছে৷ প্রাচীন ভাৰতীয় সনাতনী সংস্কৃতিৰ উপাদান হোলী, ভগৱান শ্রীকৃষ্ণৰ লীলাময় জীৱনৰ অংশ বিশেষ৷ তেওঁৰ ভক্তসকলে ৰং সানি কৃষ্ণক উপাসনা কৰিছিল এই হোলী উৎসৱত৷ আজিও নামঘৰ, মন্দিৰ আদিত কৃষ্ণ উপাসনাৰ পৰম্পৰা অটুট ৰাখিয়েই হোলী পালন কৰা হয়৷ বহুতো সত্রত কৃষ্ণ গোসাঁই মূর্তি আসনত লৈ প্রতীকধর্মীভাৱে তেওঁৰ মূর্তিত ৰং সানি কৃষ্ণ ভগৱানৰ সৈতে হোলী খেলাৰ আনন্দ লোৱা হয়৷ হোলী ভক্ত আৰু ভক্তিৰ সংস্কৃতি৷
ইয়াত যিদৰে প্রকৃতিৰ উন্মাদনা আছে তেনেদৰে আছে আধ্যাত্মিক গাম্ভীর্যও৷ ‘হোলী’ৰ দিনা জ্যেষ্ঠজনক সেৱা কৰিহে ৰং সনা নিয়ম৷ কনিষ্ঠজনক মৰম, জ্যেষ্ঠজনক শ্রদ্ধা, সমনীয়াৰ প্রতি আদৰৰ ভাবেৰে হোলী খেলা হয়৷ গাত ৰং সানিব নিবিচৰাজনক জোৰকৈ ৰং সনা নহয়৷ হোলী বা ৰঙৰ উৎসৱত পাৰস্পৰিক স্নেহ আৰু আন্তৰিকতা নিবেদন কৰা হয় ফাঁকু গুৰিৰে৷ ঈশ্বৰৰ উপাসনা কৰা হয় হোলী গীত বা নাম কীর্তনেৰে৷ কীর্তন, গীত, ফাঁকুৰ সমাহাৰ হোলী উৎসৱ৷ কিন্তু হোলীৰ সৈতে স্বাস্থ্যৰ কথাও জড়িত হৈ আছে৷ সাধাৰণতে ফাগুন মাহৰ ধূলিয়ে মানুহৰ মাজত নানাবিধ ৰোগৰ সঞ্চাৰ কৰে৷ এনে ৰোগৰ পৰা উপশম পাবৰ বাবে গাত হালধি, তুলসীপাত আৰু ফুলৰ গুড়ি আদি ঘঁহি আৰু এনে দ্রব্যৰ ঘ্রাণ ল’ব লাগে৷ সেইবাবে হোলীৰ সময়ত ৰং সানোতে এনে ৰং সানিব লাগে, যিয়ে স্বাস্থ্যৰ উপকাৰ সাধন কৰে৷ সাধাৰণতে আমি বজাৰত কিনা ৰাসায়নিক ৰং সানো৷ কিন্তু আমি ঘৰতে প্রস্তুত কৰা হালধি গুড়ি, সেউজীয়া পাত (নিমপাত, তুলসীপাত, তুলসী ফুল) আদিৰ গুৰিৰে ৰঙৰ ব্যৱস্থাও কৰিব পাৰোঁ৷ অতীজতে মানুহে হালধি গুড়ি, নীল, সেন্দূৰ, গুলাপ আদি ভেষজ ব্যৱস্থা কৰিছিল৷ এনেবোৰ দ্রব্যই মানুহৰ দেহত হোৱা বসন্তকালীন বেমাৰ প্রতিৰোধ কৰিছিল৷ বজাৰত কিনিবলৈ তেতিয়াৰ দিনত ৰাসায়নিক ফাঁকু নাছিল৷ বর্তমানো আমি পাৰিলে ঘৰতে প্রস্তুত কৰা ৰংহে ব্যৱহাৰ কৰিব লাগে৷ অন্যথা ছাল–চকু আদিৰ ক্ষতি হোৱাৰহে সম্ভাৱনা বাঢ়ে৷ চাহ জনজাতি ভাইসকলে কেঁচা হালধি বটি, সেয়া পানীত গুলি লৈ কলহে কলহে ইজনে–সিজনৰ গাত ঢ়ালি দিয়ে ৰং খেলাও হয় দেহাও পৰিষ্কাৰ আৰু ৰোগমুক্ত হয়৷ কেঁচা হালধি বসন্তকালীন সময়ত মানুহে শৰীৰত ঘঁহিবই লাগে৷ বিহুৰ দিনা আমি গাত মাহ–হালধি সানো৷ সেই একেদৰেই ফাঁকুৱাতো এনে দ্রব্য ৰং হিচাপে ব্যৱহাৰ কৰি আমি ৰং খেলাৰ লগতে শৰীৰো ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ৷
দৰাচলতে প্রকৃতিৰ সৈতে খাপ খুৱাই আৰু প্রকৃতিৰ আনন্দৰ লগত জীৱনৰ আনন্দ একাকাৰ কৰি তোলে হোলী উৎসৱে৷ ই পৰিৱেশ–প্রকৃতি আৰু মানুহৰ সংস্কৃতিৰ সন্মিলিত এক অমল আনন্দৰ উৎসৱ৷ হোলীয়ে মিলা–প্রীতি বৃদ্ধি কৰাৰ লগতে ঈশ্বৰ ভক্তিকো এক নতুন মাত্রা দিয়ে৷ আধ্যাত্মিকভাৱেৰে আৰু পৰিৱেশ সচেতনতাৰে পালন কৰা হোলী উৎসৱে আমাৰ জীৱন সুখময় আৰু আনন্দময় কৰি তুলিব পাৰে আৰু সামাজিক বান্ধোনো সুদৃঢ় কৰিব পাৰে৷