ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ গৰম পানী খোৱা বা গৰম ভাপ লোৱাটো কিমান কাৰ্যকৰী?
ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ বহুপ্ৰকাৰৰ ঘৰুৱা প্ৰতিকাৰ আছে। সেইবোৰৰ ভিতৰত এটা হৈছে গৰম পানী। বহুতৰ মতে, বাহিৰৰ পৰা ঘূৰি আহি গৰম পানীৰে গা ধুলে এই ভাইৰাছটো মৰিব। লগতে সকলো সময়তে গৰম পানী খালে ইয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিব পৰা যায়।
কিন্তু বিশেষজ্ঞসকলে কৈছে যে গৰম পানীৰে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা সম্ভৱ নহয়। ভাইৰাছটো সাধাৰণতে ৬০ ৰ পৰা ৭০ ডিগ্ৰী চেলচিয়াছত মৰিব পাৰে। কিন্তু সেয়া কেৱল পৰীক্ষাগাৰৰ নিয়ন্ত্ৰিত পৰিৱেশতহে সম্ভৱ।
অৱশ্যে গৰম পানীৰ লাভালাভৰ কথা উল্লেখ কৰি বিশেষজ্ঞসকলে কয় যে গৰম পানী খোৱা বা গৰম পানী কুলকুলী কৰাৰ বহুতো লাভালাভ আছে। খোৱাৰ পিছত কুহুমীয়া পানী খালে হজম বৃদ্ধি হয়। যদি ডিঙিত কোনো অসুবিধা বা শুকান কাহ হয়, তেতিয়া গৰম পানীৰে গাৰ্গল কৰিলে আৰামদায়ক হয়। নাকৰ সমস্যা থকা সকলেও গৰম পানীৰ ভাপ ল’ব পাৰে। আৰু এই পদ্ধতিবোৰে ৰোগীসকলক আৰোগ্য হোৱাত সহায় কৰে।