শীতকালত মুখৰ ছালখনৰ যতন কিদৰে ল’ব
শীতকালত ছালখনৰ যতন তথা সুৰক্ষাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিয়া প্রয়োজন৷ কিয়নো, বায়ুৰ আর্দ্রতাৰ বাবে শীতকালত ছালখন শুষ্ক আৰু ৰুক্ষ হৈ পৰে৷ বিশেষকৈ মুখখনত বাহিৰৰ ধূলি–মাকতি লাগি ছালখন আৰু অধিক ৰুক্ষ কৰি তোলে৷ সেইবাবে শীতৰ দিনকেইটাত মুখৰ লগতে গোটেই শৰীৰৰ ছালৰ যত্ন লোৱাটো অতি আৱশ্যক৷ ইয়াৰ অন্যথা ছালখন আৰু অধিক শুকান হৈ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ আমি প্রত্যেকেই এখন দাগবিহীন ছালৰ গৰাকী হোৱাটো কামনা কৰোঁ আৰু ইয়াৰ বাবে আমি বজাৰত সহজে উপলব্ধ কিমান ধৰণৰ কছমেটিক যে ব্যৱহাৰ কৰোঁ তাৰ হিচাপ নাই৷ কিন্তু এই কছমেটিক প্রডাক্টবোৰে কেতিয়াবা আপোনাৰ হিতে বিপৰীত কৰিব পাৰে৷ সেয়েহে প্রাকৃতিকভাৱে পোৱা কিছু সামগ্রী ব্যৱহাৰ কৰি আপুনি এখন সুন্দৰ দাগবিহীন ছালৰ গৰাকী হ’ব পাৰে৷ মুখখনৰ সজীৱতা–উজ্জ্বলতা বঢ়াবলৈ ঘৰুৱাভাৱে তৈয়াৰী কেইটামান টিপছ অৱলম্বন কৰিব পাৰে৷
মুখখন ফেচিয়েল কৰিবলৈ প্রথম ঢাপ হিচাপে ছালখন পৰিষ্কাৰ কৰক৷ ছালৰ ধৰণ অনুসৰিহে ক্লীনজাৰ বাছি ল’ব৷ কেঁচা গাখীৰে ক্লীনজাৰৰ দৰে কাম কৰে৷ ই ছালৰ ধূলি–বালি তথা মৃতকোষ পৰিষ্কাৰ কৰি ছালখন দাগবিহীন তথা উজ্জ্বল কৰাত সহায় কৰে৷ প্রথমে কুহুমীয়া পানীৰে ভালদৰে মুখত ভাপ লগাব৷ প্রাকৃতিক ক্লীনজাৰ হিচাপে কেঁচা গাখীৰ অথ্বা মৌ বাছি ল’ব পাৰে৷ এটা পাত্রত অকণমান গাখীৰ লৈ তাত মৌৰ সৈতে নেমুৰ ৰস মিহলাই ল’ব৷ এই মিশ্রণটো মুখত ভালদৰে লগাওক৷ এক মিনিটমান মাছাজ কৰাৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই দিব৷ এইদৰে কৰিলে ছালৰ ওপৰত জমা হোৱা ধূলি–মাকতি দূৰ হৈ মুখখন সজীৱ দেখায়৷ অথ্বা আপুনি কেঁচা গাখীৰৰ লগত হালধি মিশ্রণ কৰি ব্যৱহাৰ কৰিব পাৰে৷
ছালৰ এক্সফোলিয়েট কৰিলে ছালৰ ওপৰত জমা হোৱা মৃত কোষবোৰ আঁতৰাই দি পৰিষ্কাৰ হয়৷ ইয়াৰ বাবে এচামুচ ওটছৰ গুডিত এচামুচ মৌ আৰু এচামুচ অলিভ অইল মিহলাই স্ক্রাব তৈয়াৰ কৰক৷ আপুনি কফি বা চেনিৰেও স্ক্রাব প্রস্তুত কৰিব পাৰে৷ এই মিশ্রণটো ছালৰ ওপৰত ২–৩ মিনিট ভালদৰে ঘঁহি দিব৷ কিছু সময় ি পছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ এইদৰে কৰিলে মুখত থকা ব্লেক হেডছ, হোৱাইট হেডছ দূৰ হয়৷ আনহাতে, মুখখন ব্লেক হেডছ বা হোৱাইট হেডছ দূৰ কৰিবলৈ ষ্টীম ল’ব পাৰে৷ ইয়াৰ বাবে গৰম পানীত নেমুৰ ৰস অথ্বা কেইফোটামান এছেনচিয়েল অইল মিহলাই লওক৷ এতিয়া গৰম পানীখিনিৰে মুখত ভাপ লগাওক৷ এনে কৰিলে ছালৰ সজীৱতা যথেষ্ট বাঢ়ে৷
মুখৰ ফেচিয়েল আন এটা ধৰণেও কৰিব পাৰে৷ অলপ দৈৰ লগত কল আৰু মৌ মিহলাই ছালৰ ওপৰত লগাওক৷ আপোনাৰ ছাল যদি তৈলাক্ত তথা মুখত যথেষ্ট ন আছে, তেন্তে মুলতানী মাটিৰ সৈতে হালধিৰ গুডি মিহলাই তাত গোলাপ জল দিব পাৰে৷ এই ফেচমাস্কটো মুখত লগাই থৈ কিছু সময় পিছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ এইদৰে কৰিলে ছালৰ উজ্জ্বলতা বাঢ়ি ছালৰ সজীৱতা বৃদ্ধি কৰে৷
অমিতাত প্রাকৃতিকভাৱে ব্লিটচিং উপাদান পোৱা যায়, যিয়ে ক’লা দাগ নাইকিয়া কৰাৰ লগতে বয়সৰ ছাপো দূৰ কৰে৷ ইয়াৰ বাবে অমিতা ফেনেকি তাত অলপ মৌ আৰু নেমুৰ ৰস মিশ্রণ কৰি মুখত লগাই শুকোৱাৰ ি পছত ধুই দিব লাগে৷
আলু চুৰুকি লৈ তাত অলপ মৌ মিশ্রণ কৰি ক’লা দাগত ১৫ মিনিটমান লগাই পৰিষ্কাৰ পানীৰে ধুই দিলে সুফল পোৱা যায়৷
দৈ আৰু হালধিৰ গুডি মিশ্রণ কৰি লগালেও এখন সুন্দৰ দাগবিহীন আৰু উজ্জ্বল ছাল পাব পাৰি৷
এইসমূহ প্রাকৃতিক উপায় অৱলম্বন কৰাৰ উপৰি প্রচুৰ পৰিমাণে পানী খোৱা উচিত৷ ই শৰীৰৰ টক্সিন বাহিৰ কৰি আপোনাৰ ছালখন পৰিষ্কাৰ, উজ্জ্বল আৰু মসৃণ কৰি তোলে৷
উপৰিউক্ত ঘৰুৱাভাৱে লোৱা যতনৰ উপৰি ছালৰ সুৰক্ষা, ছালৰ হোৱা বিভিন্ন ধৰণৰ ৰোগৰ বাবে আপুনি এজন বিশেষজ্ঞ ডার্মেট’লজিষ্টৰ পৰামর্শ ল’ব পাৰে৷