নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃক্ক বা কিডনীৰ কর্কটৰোগ

কর্কটৰোগৰ কথা ন–কৈ ক’লগীয়া একো নাই হয়তো৷ অর্থাৎ প্রায় সকলো লোকেই কর্কটৰোগ আৰু ইয়াৰ ভয়াৱহতা বা প্রাণঘাতী ৰূপৰ বিষয়ে অৱগত৷ কর্কটৰোগ দেহৰ বিভিন্ন অংগতেই হ’ পাৰে৷ যিকোনো এক অংগৰ কোষৰ অস্বাভাৱিক ধৰণে বঢ়াৰ ফলতেই সেই বিশেষ অংগ কর্কটৰোগত আক্রান্ত হয়৷ সাধাৰণতে দেহৰ অন্যান্য অংগত হোৱা কর্কটৰোগ সম্পর্কে যিমান চর্চা হয়, ঠিক তেনেদৰেই বৃক্ক বা কিডনীত হোৱা কর্কটৰোগৰ বিষয়ে তেনেদৰে বহুল চর্চা হোৱা দেখা নাযায়, পিছে বৃক্ক বা কিডনীৰ কর্কটৰোগত আক্রান্ত ব্যক্তিৰ পৰিসংখ্যা বর্তমান সময়ত চিন্তনীয়ভাৱে ক্রম্বর্ধমান৷ মানৱ দেহৰ পেটৰ অংগসমূহৰ পাছফালে, ৰাজহাড়ৰ দুয়োকাষে থকা মাহৰ আকৃতিৰ আৰু আকাৰত ঠিক আমাৰ হাতৰ মুঠিটোৰ সমান দুটি অংগই হৈছে বৃক্ক বা কিডনী৷ বৃক্ক দুটিৰ প্রধান কাম হৈছে, তেজৰ পৰা অপ্রয়োজনীয় তথা দেহৰ বাবে অপকাৰী পদার্থসমূহ নিষ্কাশন কৰি প্রস্রাৱ প্রস্তুত কৰা৷ এক কথাত ক’লৈ গ’লে তেজ পৰিশোধন কৰি ৰখাৰ প্রক্রিয়া৷ কেতিয়াবা কেতিয়াবা এই অহৰহ কাম কৰি থকা অংগ দুটিও আন অংগৰ দৰে ৰোগগ্রস্ত হয়৷ ইয়াৰে ভিতৰত বৃক্কৰ কেঞ্চাৰ বা কর্কটৰোগ অন্যতম৷ সাধাৰণতে প্রাপ্ত্বয়স্ক লোকৰ ক্ষেত্রত ‘ৰেনেল চেল কার্চিন’মা’ লি এবিধ কর্কটৰোগ বেছিকৈ হোৱা দেখা যায়৷ আৰু বাঢ়ন্ত শিশুৰ ক্ষেত্রত ‘ৱিলমছ্ টিউমাৰ’ লি আন এবিধ কেঞ্চাৰ হোৱা দেখা যায়৷ বৃক্কৰ কিছুমান কোষৰ ডি এন এত হঠাৎ কেতিয়াবা পৰিৱর্তন হ’লৈ ধৰে৷ অর্থাৎ কোষবোৰ অনিয়ন্ত্রিত ৰূপত বৃদ্ধি পাবলৈ ধৰে৷ কোষৰ এই ডি এন এবিলাকতে কোষ এটাই কি কৰিব লাগে, তাৰ নির্দেশ থাকে, অর্থাৎ ডি এন এই কোষবিলাকৰ কার্যক্রম নির্ধাৰণ কৰে৷ গতিকেই কোষৰ ডি এন এত হোৱা এনে পৰিৱর্তনে কোষসমূহক তডিৎ গতিত বিভক্ত হ’লৈ আৰু বাঢ়্বিলৈ সংকেত বা নির্র্দেশ দিয়ে৷ এনেদৰে অস্বাভাৱিকভাৱে আৰু অনিয়ন্ত্রিত পৰিমাণত বৃদ্ধি পোৱা কোষসমূহৰ পৰা একো একোটা টিউমাৰে গঢ় লয়৷ আৰু এনেদৰেই কেঞ্চাৰজনিত টিউমাৰৰ সৃষ্টি হয়৷ কেতিয়াবা এনে টিউমাৰ বাঢ়ি কিডনীৰ বাহিৰ পর্যন্ত পাবগৈ পাৰে আৰু কিছুমান কোষ ভগ্ণ হৈ দেহৰ আন আন অংগপর্যন্তও বিয়পি পৰিব পাৰে৷ তেতিয়া ৰোগীজনৰ অৱস্থা অধিক জটিল হৈ পৰে৷ সাধাৰণতে বৃক্ক বা কিডনীৰ কর্কটৰোগ খুব সোনকালে বা প্রাৰম্ভিক অৱস্থাতেই ধৰা পৰে৷ এনে অৱস্থাৰ পৰাই চিকিৎসা আৰম্ভ কৰিলে ৰোগী এজন সুস্থ হৈ উঠাৰ সম্ভাৱনাও বৃদ্ধি পায়৷
এতিয়া আহিছোঁ ক্ক বা কিডনীৰ কেঞ্চাৰ ৰোগৰ লক্ষণসমূহৰ দিশলৈ৷ এইটো এটা উল্লেখনীয় কথা যে, প্রাৰম্ভিক পর্যায়ত, কিডনীৰ কেঞ্চাৰ ৰোগৰ কোনো লক্ষণেই তেনেকৈ চকুতপৰা বিধৰ নহয়৷ ক্রমাগতভাৱেহে এই লক্ষণসমূহ দেখ্বিলৈ পোৱা যায়৷ এনে কেইটিমান লক্ষণ হৈছে–

  • প্রস্রাৱত তেজ পৰা, যাৰ বাবে প্রস্রাৱৰ ৰং গুলপীয়া, ৰঙা অথবা গাঢ় ৰঙা হ’ব পাৰে৷
  • দেহৰ পাছফালৰ নেৰানেপেৰা বিষ,
  • খাবলৈ মন নোযোৱা হোৱা বা অৰুচি,
  • অকাৰণত হ্রাস হোৱা ওজন,
  • ভাগৰুৱা বা অৱশ অনুভৱ কৰা,
  • জ্বৰ ইত্যাদি৷

 

এতিয়া আহিছোঁ এই বৃক্কৰ কর্কটৰোগৰ কাৰকসমূহৰ কথালৈ, মানে কি কি কাৰকে এই ৰোগ হোৱাত অৰিহণা যোগায়৷ প্রত্যক্ষ বা পৰোক্ষভাৱে নিম্নোক্ত কাৰকসমূহে বৃক্কৰ কর্কটৰোগ হোৱাত অৰিহণা যোগায়৷ যেনে–

  • বাঢ়ি অহা বয়স ঃ যিকোনো এজন ব্যক্তিৰ ক্ষেত্রতেই বাঢ়ি অহা বয়স বৃক্কৰ কর্কটৰোগৰ এক কাৰক হ’ পাৰে৷
  • ধূম্রপান ঃ ধূম্রপানৰ অপকাৰিতাৰ বিষয়ে সকলোৱেই অৱগত৷ বৃক্কৰ কর্কটৰোগৰ ক্ষেত্রতো ধূম্রপান নকৰাসকলৰ তুলনাত ধূম্রপান কৰাসকলৰ এই ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক৷ অৱশ্যেই ধূম্রপান ত্যাগ কৰিলে, এই সম্ভাৱনাও সমান্তৰালকৈ কমি যায়৷
  • মেদ্বহুলতা ঃ বিভিন্ন অধ্যয়ন আদিত এই কথা স্পষ্ট হৈছে যে, যিসকল ব্যক্তি সুস্বাস্থ্যৰ গৰাকী, অর্থাৎ যাৰ দেহত প্রয়োজনাধিক মেদ বা চ্বী নাই, তেওঁলোকৰ তুলনাত মেদ্বহুল ব্যক্তিসকলৰ, অর্থাৎ যিসকলৰ চর্িবী বেছি বাবে দেহৰ ওজন প্রয়োজনতকৈ বেছি, সেইসকলৰ বৃক্কৰ কর্কটৰোগ হোৱাৰ সম্ভাৱনা অধিক৷
  • উচ্চ ৰক্তচাপ ঃ যিসকলে লোক উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে, সেইসকল লোকৰো বৃক্কৰ কর্কটৰোগ হোৱাৰ প্রৱণতা বেছি থাকে৷
  • বৃক্ক বিকল হোৱাৰ বাবে কৰা দীর্ঘম্যাদী চিকিৎসা ঃ যিসকল লোকৰ বিভিন্ন কাৰণত বৃক্ক বিকল হয়, অর্থাৎ বৃক্কই নিজৰ কার্যকলাপ চলাই নিবলৈ অক্ষম হয়, সেইসকল লোক দীর্ঘকালৰ বাবে ডায়েলাইছিছৰ দৰে চিকিৎসা প্রক্রিয়াৰ মাজেৰে যাব লগা হয়৷ পৰিতাপৰ বিষয় যে, দীর্ঘকাল গ্রহণ কৰা এনে চিকিৎসাও বৃক্কৰ কর্কটৰোগ সৃষ্টি হোৱাৰ এক কাৰক হ’ পাৰে৷
  • পৰিয়ালকেন্দ্রিক কাৰক ঃ যদিহে পৰিয়ালত কাৰোবাৰ বৃক্কৰ কর্কটৰোগ হোৱাৰ ইতিহাস থাকে, তেন্তে পৰৱর্তী সময়ত বংশানুক্রমিকভাৱেও এই ৰোগ পৰিয়ালৰ পিছৰ প্রজন্মৰ হোৱাৰ সম্ভাৱনা থাকে৷

 

কিছু কিছু ব্যৱস্থা নিজাব্বীয়াকৈ গ্রহণ কৰিও এই ৰোগৰ পৰা হাত সাৰি থাক্বি পাৰি৷ যেনে পূর্বে উল্লেখ কৰাৰ দৰে ধূম্রপানৰ অভ্যাস ত্যাগ কৰি, এক স্বাস্থ্যসন্মত ওজন বর্তাই ৰখাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্রিত কৰি ৰাখি ক্কৰ কর্কটৰোগ হোৱাৰ সম্ভাৱনা বহুখিনি হ্রাস কৰিব পাৰি৷
বৃক্কত হোৱা টিউমাৰৰ পর্যায় আৰু ৰোগীজনৰ সামূহিক স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি, বৃক্কৰ কর্কটৰোগৰ চিকিৎসাৰ বহুকেইবিধ উপায় আছে৷ তাৰে ভিতৰত কেইবিধমান হৈছে–অস্ত্রোপচাৰ, এব্লেচেন, ৰেডিয়েচন থেৰাপী, টার্গেটেড ড্রাগ থেৰাপী, ইমিউন’থেৰাপী আৰু কেম’থেৰাপী৷ যদিহে ওপৰত উল্লেখ কৰা লক্ষণসমূহ আপোনাৰ দেহত দেখা দিয়ে, তেন্তে পলম নকৰি এজন কিডনীৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক৷ এনেয়ো মাজে–সময়ে কিডনী বা বৃক্কৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ লোৱাৰ লগতে যাৱতীয় পৰীক্ষা–নিৰীক্ষা আদি কৰাই থকাটো আপোনাৰ সুস্বাস্থ্যৰ বাবেই জৰুৰী৷
ফোনঃ ৯৪৩৫০–৪৯২০১
ডাঃ দেৱাংগ শর্মা, এম বি বি এছ, এম এছ, এম চি এইচ (ইউৰ’লজী), গুৱাহাটী মেড্র’ হাস্পতাল৷

You might also like