নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ লাভ জেহাদ! মুছলমান আবুল খায়েৰ আল আমানে নিজকে ৰূপম দাস বুলি পৰিচয় দি প্ৰেমৰ জাল হিন্দু যুৱতীক 

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বিবাহিত মুছলমান যুৱক এজনে প্ৰেমৰ জালত পেলাই অন্তঃসত্তা কৰিলে এগৰাকী হিন্দু যুৱতীক । দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ চাম্পুপাৰাৰ আবুল খায়েৰ আল আমান নামৰ লম্পট বিবাহিত যুৱক এজনে সংঘটিত কৰিছে এই নিন্দনীয় কাণ্ড ৷ ঘটনাৰ বিৱৰণীমতে, প্ৰায় দুবছৰ পূৰ্বে গুৱাহাটীৰ পাণ্ডুস্থিত একেটা মালিকৰ ভাড়া ঘৰত পৃথকে পৃথকে হিন্দু যুৱতীগৰাকী আৰু লম্পট আবুল খায়েৰ আল আমানে বাস কৰিছিল৷  তেতিয়াৰে পৰাই দুয়োৰে মাজত হৈছিল চিনাকি৷ পিচলৈ চিনাকীয়ে ৰূপ লয় প্ৰেমৰ৷ আৰু  দুয়োৰে মাজত আৰম্ভ হৈছিল শাৰিৰীক সম্পৰ্ক৷

 

অভিযোগ মতে ইতিপূৰ্বে লম্পট আবুল খায়েৰ আল আমানে হত্যাৰ ভয় দেখুৱাই দুবাৰকৈ অবৈধ গৰ্ভপাত কৰাইছে যুৱতীগৰাকীক ৷ পুনৰ দুমহীয়া অন্তঃসত্তা হৈ পৰাত যুৱতীগৰাকীয়ে বিবাহৰ প্ৰস্তাৱ দিছিল আবুল খায়েৰ আল আমানক৷ কিন্তু বিগত প্ৰায় এপষেক ধৰি লম্পট আবুল খায়েৰ আল আমানে নিজৰ ম’বাইল বন্ধ কৰি পলাই ফুৰাত যুৱতীগৰাকীয়ে নিৰুপায় হৈ উপস্থিত হয় চাম্পুপাৰা বজাৰস্থিত আবুল খায়েৰৰ বাসগৃহত৷ আবুল খায়েৰৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই যুৱতীগৰাকীক খায়েৰৰ পৰিয়ালে শাৰিৰীকভাৱে নিৰ্যাতন চলায় বুলি অভিযোগ উত্থাপন কৰে৷ পিছলৈ জোৰশিমুলী আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যোৱাৰ পিছত লম্পট আবুল খায়েৰ আল আমানসহ ৫জনকৈ লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে৷ এজাহাৰৰ ভিত্তিত জোৰশিমুলী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত আবুল খায়েৰ আল আমানক বিচাৰি চলাইছে অভিযান৷ ভুক্তভোগী হিন্দু যুৱতীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, ভৱিৎষ্যতে যাতে মোৰ দৰে কোনো যুৱতীয়ে প্ৰতাৰিত নহয়৷ তাৰ বাবে মহামান্য আদালতে দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে আহ্বান জনায়৷
You might also like