নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাঁহি

আচৰিত নহ’ব যে হাঁহিও এবিধ সংক্রামক ৰোগ৷ জোৰকৈ মৰা খোলা হাঁহি এটাৰ সংক্রমণ ক্ষমতা কাহ, হাঁচি আদিতকৈ বহুগুণে বেছি৷ অৱশ্যে আন বেমাৰৰ সংক্রমণে বিপদত পেলোৱাৰ বিপৰীতে হাঁহিয়ে অন্তৰংগতা আৰু সুখৰ অনুভৱ বঢ়াই তুলি সমৱেতসকলৰ মনবোৰক এডাল ডোলেৰে যেন বান্ধি পেলায়৷ কাৰণ এজনে তেনেকৈ হাঁহিলে আনজনেও হাঁহে৷ সংক্রামক এই উপকাৰী ব্যাধিটোৱে আপোনাৰ শৰীৰৰ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে, শক্তিৰ যোগান ধৰে, বিষ নিৰাময় কৰে আৰু ষ্ট্রেছৰ পৰা হোৱা আমনিৰ পৰা আপোনাক বহু পৰিমাণে সকাহ দিব পাৰে৷ হাঁহি হ’ল বিনা পইচাত পাব পৰা আৰু সহজে ব্যৱহাৰ কৰিব পৰা সুন্দৰ দৰব৷
* জোৰকৈ মৰা এটা হাঁহিয়ে প্রায় ৪৫ মিনিটলৈ আপোনাৰ পেশীসমূহক আৰাম দিব পাৰে৷
* ৰোগ প্রতিৰোধী ক্ষমতা বঢ়াই তোলে৷ ষ্ট্রেছ হৰম’ন কমাই প্রতিৰোধী কোষবোৰ ইনফেকচনৰ লগত যুঁজ কৰা এণ্টিবডী বঢ়াই তোলে৷
* এণ্ড’ম’ৰফিনৰ নিঃসৰণ বৃদ্ধি কৰি মনটোক উৎফুল্লিত কৰি ৰখাত সহায় কৰে৷
* তেজ পৰিবাহী নলিকাবোৰৰ কার্যক্ষমতা বৃদ্ধি কৰি তেজ পৰিবহণ উন্নত কৰি হার্ট এটেকৰ সম্ভাৱনা হ্রাস কৰে৷
* উদ্বিগ্ণতা, খং, দুখ দূৰ কৰে৷
* হাঁহিবলৈ আপুনি বিভিন্ন উপায়ৰ আশ্রয় ল’ব পাৰে৷
* আগত কওক৷ (সামান্য অতিৰঞ্জন দোষণীয় নহয়)৷
* বেয়া লগা পৰিৱেশ বা ঘটনাতো হাঁহিৰ খোৰাক বিচাৰিবলৈ যত্ন কৰক৷ (কেৰিকেচাৰ কৰিব পাৰে৷)
* শোৱনিকোঠাৰ বেৰত, কম্পিউটাৰ বা ম’বাইলৰ স্ক্রীন ছেভাৰত হাঁহি উঠা ফটো লগাওক৷
* জীৱনত ঘটা বহু বিষয়েই আমাৰ নিয়ন্ত্রণৰ বাহিৰত৷ গতিকে, সেই কথাবোৰৰ বিষয়ে দকৈ চিন্তা নকৰি হাঁহিবলৈ আৰম্ভ কৰক৷ (কথমপি গ’ল, নহ’লে ৰ’নাল্ডিনহোৱে যিদৰে হাঁহে সেইদৰে হাঁহক)
* সকলো সময়তে হাঁহক, অন্ততঃ হাঁহিমুখীয়া হৈ থাকক৷

You might also like