নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেৰাহে বহি থকাটো হানিকাৰক

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ কার্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে কেইঘাঘণ্টাও বহি থাকে নেকি? শৰীৰটোক আৰাম দিবৰ কাৰণে এই অভ্যাস হিতে বিপৰীত হোৱাৰ দেখা যায়৷ জীৱন–পদ্ধতিত থিয় হৈ বা বহি যিকোনো কাম কৰাটো অবিচ্ছেদ্য অংশ৷ কিন্তু শাৰীৰিক সুস্থতাৰ কাৰণে একে ঠাইতে থিয় হৈ, বহি নাথাকি চলা–ফিৰা কৰা প্রয়োজন৷

হূদৰোগ আৰু ডায়েবেটিছ ৰোগ সম্প্রতি জীৱন যাপনৰ ফলত হোৱা ৰোগ হিচাপে চিনাক্ত হৈছে৷ এই ৰোগৰ অন্যতম কাৰণ হৈছে একে ভংগীতে, একে ঠাইতে বহু সময় ধৰি বহি থকাটো৷ অথচ সম্প্রতি শিশুৰ পৰা বৃদ্ধলৈকে আধুনিক প্রযুক্তিৰ পণ্য হাতত লৈ এনেদৰে বহি ঘণ্টা ধৰি ঘণ্টা সময় পাৰ কৰে৷

গৱেষণাৰ পৰা দেখা গৈছে, যিসকলে নিয়মিত ব্যায়াম কৰে তেওঁলোকেও যদি দিনটোৰ বেছিভাগ সময় বহি কটায়, তেতিয়া এই সমস্যাবোৰে দেখা দিব পাৰে৷ বিশেষকৈ শিশুক দিনটোৰ কিছু সময় বাহিৰত কটাবলৈ দিয়ক৷ দৌৰা, জঁপিওৱা আদি শিশুৰ লগত খেলিবলৈ লওক৷ শিশুৱে স্কুলত খেলে যদিও ঘৰতো কিছু সময় খেলিবলৈ উৎসাহ দিয়ক৷

You might also like